অসমশীৰ্ষ

গৌৰীসাগৰত জাতীধ্বংসী বিধেয়ক “কেব”ৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

গৌৰীসাগৰত জাতীধ্বংসী বিধেয়ক “কেব”ৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

গৌৰীসাগৰৰ পৰা প্ৰথম খবৰ,দিখৌমুখ, ১১ ডিচেম্বৰঃ-
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ বিক্ষোভকো আওকাণ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে জাতিধ্বংসী নগৰিকত্ব বিধেয়ক খন আজি ৰাজ্য সভাত উত্থাপন কৰাৰ প্ৰাকমূহূৰ্ত্তত কৃষক মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদত শিৱসাগৰ নগৰৰ জনজীৱন স্তব্ধ হৈ পৰাৰ সমান্তৰালকৈ জিলাখনৰ অন্যতম ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ গৌৰীসাগৰ তিনিআলিতো আজি দূপৰীয়া স্থানীয় ছাত্ৰ সমাজে বিধেয়ক খনৰ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই উদাত্ত চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰায় দুই ঘণ্টা জুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় গৌৰীসাগৰ জুনিয়ৰ কলেজ, দিখৌমুখ মহাবিদ্যালয়, দীন দয়াল উপাধ্যায় দক্ষতা বিকাশ কেন্দ্ৰ আদি শিক্ষানুস্থানৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি সংস্থা-সংগঠনৰ সদস্য-সদস্যাইও অংশ গ্ৰহণ কৰে৷ “বিজেপি মূৰ্দাবাদ, এই জুই জ্বলিছে, জ্বলিছে জলিবই, কেব আমি নামানো, আহ ঐ আহ, ওলাই আহ” আদি প্ৰতিবাদী শ্ল’গানৰ মাজত বৰতাল বজাই প্ৰতিবাদ সাব্যস্ত কৰা এই কাৰ্যসূচীৰ ফলত গৌৰীসাগৰ তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰ আৰু যোৰহাটৰ দুয়োদিশে তীব্ৰ যান-যটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ প্ৰতিবাদকাৰীৰ হেঁচাত সেও মানি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এছ বি আই, ইউ বি আই গৌৰীসাগৰ শাখা আৰু ইউকো বেংক দিখৌমুখ শাখা দূপৰীয়াতেই সংশ্লিষ্ট কৰ্তৃপক্ষই বন্ধ কৰি দিবলৈ বাধ্য হোৱাৰ লগতে অন্যান্য বিত্তীয় প্ৰতিষ্ঠান সমূহো স্বতঃস্ফুত ভাৱে বন্ধ হয়৷ এই প্ৰতিবাদী কাৰ্যসূচীলৈ স্থানীয় নাগৰিকৰ লগতে ব্যৱসায়ী সকলেও সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়৷

_____________________________

Related Articles

Leave a Reply

Close