অসমমহিলাশীৰ্ষ

মৌচুমী বৰিৰ ধাৰাবাহিক উপন্যাস মনৰ নিজানত

মনৰ নিজানত (উপন্যাস)

খণ্ড-৭

চেন্নাইলৈ গৈ ইলেকট্ৰফিজিঅগ্ৰাফিৰ পৰিৱৰ্তে ঘৰুৱা ডাক্তৰ এজনৰ পৰামৰ্শ মতে বিক্ৰমৰ এনজিঅগ্ৰাফি হে কৰা হ’ল৷ এনজিঅগ্ৰাফিৰ ৰিপৰ্ট মতে পোন্ধৰ বছৰলৈ বিক্ৰমৰ হাৰ্টৰ সুস্থতাৰ খবৰ দিলে চেন্নাই এপল’ৰ ডাক্টৰে৷খবৰটো পাই কাকলিহঁতৰ মনবোৰ অলপ ফৰকাল লাগিল৷ বিক্ৰমে কাকলি আৰু সোনমানুক চেন্নাই আই আই টি দেখুৱাবলৈ লৈ গ’ল৷ আই আই টি খন চাবলৈ গৈ বিক্ৰমে সোনমানুক ক’লে –“ডাঙৰ হ’লে তুমিও আই আই টিত পঢ়িব লাগিব৷”

চেন্নাইৰ পৰা ঘৰলৈ আহি অফিচলৈ যোৱাৰ কেইদিনমানৰ পিছতেই বিক্ৰম পুনৰ কঁপি কঁপি কব নোৱাৰা হৈ পৰি গ’ল৷কাকলিলৈ বিক্ৰমৰ খবৰ জনাই অফিচৰ পৰা খবৰ দিয়া হ’ল৷ কাকলিয়ে খবৰ পায়েই উধাতু খাই দৌৰি আহিল৷ এইবাৰ বিক্ৰমক কাকলিহঁতৰ ঘৰুৱা ডাক্তৰজনে চালে আৰু বিক্ৰমৰ বেমাৰৰ ধৰণটো চাই মৃগী বেমাৰৰ দৰৱ দিলে৷ বিক্ৰমৰ হৈ কাকলিয়ে তিনি মাহৰ ছুটী বিচাৰি অফিচত দৰ্খাস্ত দিলে৷

বিক্ৰমৰ ঘৰতে পৰিচৰ্যা আৰম্ভ হ’ল৷লাহে লাহে স্কুলত সময় দিব নোৱাৰা হ’ল কাকলিয়ে৷ কোন সময়ত বিক্ৰম ক’ব নোৱাৰা হৈ পৰি যায় তাৰ কোনো নিৰ্দ্দিষ্ট সময় নাইকিয়া হ’ল আৰু যেতিয়াই ক’ব নোৱাৰা হৈ যায় তেতিয়াই কাপোৰে-কানিয়ে পেচাব কৰি দিয়ে বিক্ৰমে৷ কাকলিয়ে বিক্ৰমৰ কাপোৰ-কানি সলাই চাফা কৰি দিয়ে৷ ৰাতি ৰাতি বিক্ৰমৰ বাবে সাৰে থাকিব লগা হয় তাই৷ লাহে লাহে ক’ব নোৱাৰাকৈয়ে কাকলিৰ মনত এক অজান ভয়ে দেখা দিবলৈ ধৰিলে৷ “বিক্ৰমৰ যদি কিবা হয়! বিক্ৰমক যদি হেৰুৱাওঁ!!” — বিক্ৰমক হেৰুওৱাৰ ভয়টোৱে তাইৰ মনটো ভাৰাক্ৰান্ত কৰি ৰাখিবলৈ ধৰিলে৷শুই থকা বিক্ৰমৰ নাকত হাত দি উশাহ পৰীক্ষা কৰি চায় কাকলিয়ে মাজে মাজে৷ তাই ভগৱানৰ ওচৰত দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে বিক্ৰমৰ আশু -আৰোগ্যৰ বাবে৷

বেমাৰে বিধ্বস্ত কৰা বিক্ৰমে এদিন কাকলিৰ ফালে কৰুণভাৱে চাই ক’লে–” লি,মোৰ বাবে তোমাৰ বহুত কষ্ট হৈছে নহয় নে?তোমাৰ মা-দেউতাই এজনী বৰ ভাল ছোৱালী জন্ম দিলে যি মোৰ পত্নী৷”
“তুমি সেইবোৰ কথা কিয় ভাবিছা? প্ৰথমে ভাল হৈ লোৱা তাৰপিছত ক’বা তোমাৰ পত্নীৰ কষ্ট হৈছে বুলি!” — কাকলিয়ে মৰমেৰে কয়৷
বিক্ৰমে কাকলিৰ হাতদুখন নিজৰ হাতৰ মুঠিত লৈ কয়–” লি, সোনমানুক তোমাৰ হাতত গতালো৷ সোনমানুক চাবা৷”
“তুমি এইবোৰ কি কৈছা বিক্ৰম৷এনেকুৱা এষাৰ কথা ক’বলৈ তুমি কেনেকৈ সাহস কৰিলা? সোনমানুক আমি একেলগে ডাঙৰ কৰিম৷ দৰৱ-পাতি বোৰটো খাই আছা বিক্ৰম, তুমি সোনকালে ভাল হৈ উঠিবা৷” — কাকলিয়ে বিক্ৰমক কৈ কৈ চকুৰ পানীৰে বাট নেদেখা হয়৷ উচুপি উচুপি কান্দি থাকে তাই৷
“নাকান্দিবা লি, বেমাৰত পৰি আছো যে৷ মনলৈ নিগেটিভ কথাবোৰেই বেছিকৈ আহে৷ চকুপানীবোৰ মচি লোৱা লি৷ মই ভাল হৈ উঠিম৷ তুমি চিন্তা নকৰিবা৷ ” -বিক্ৰমে কাকলিক আশ্বাস দিয়ে৷

কাকলিয়ে বিক্ৰমৰ কাষৰ পৰা উঠি গৈ বেচিনত মুখখন ধুবলৈ যায়৷ কিন্তু চকুপানীবোৰ বেচিনৰ পানীয়েও ৰখাব নোৱাৰা হয় ৷ কিবা এক শোকে বুকুখন গধুৰ কৰি তুলে তাইৰ৷

কাকলিয়ে অলপ দিনৰ পৰা সেওঁতাত সেন্দুৰ বেছি ডাঠকৈ ল’বলৈ লৈছে বিক্ৰমৰ দীৰ্ঘায়ু জীৱন কামনা কৰি ৷ বিক্ৰম সোনকালেই সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিব — এই আশা মনৰ মাজত লৈ ফুৰা হৈছে তাই৷
লাহে লাহে বিক্ৰমৰ ছুটিৰ দিন উকলি আহে৷ অসুস্থ দেহাৰেই পুনৰ অফিচত জইন কৰে বিক্ৰমে৷ কাকলিয়ে গাড়ীৰে বিক্ৰমক অফিচৰ পৰা অনা নিয়া কৰে৷
কিন্তু এদিন বিক্ৰম অফিচতে পুনৰ ক’বনোৱাৰা হৈ পৰি যায়৷ এইবাৰ বিক্ৰমক কাকলি আৰু পৰিয়ালৰ মানুহে ল’ৰাল’ৰিকৈ এম্বুলেন্সত শুৱাই ডিব্ৰুগড় মেডিকেল কলেজলৈ লৈ যায় ৷ এম্বুলেন্সত গোটেই ৰাস্তা কাকলিৰ কোলাতে বিক্ৰমে মূৰটো থৈ শুই যায়৷ মেডিকেল কলেজত ডাক্তৰৰ পৰামৰ্শ লৈ বিক্ৰমক আই চি ইউত ভৰ্তি কৰোৱা হয়৷ ৰাতিলৈ বিক্ৰমে চকু মেলে৷ নাৰ্চ এগৰাকীয়ে কাকলিহঁতক বিক্ৰমৰ হুঁচ অহাৰ খবৰ দিয়ে৷ কাকলি আৰু কাকলিৰ দেউতাকে বিক্ৰমক চাবৰ বাবে বিক্ৰমৰ কাষলৈ যায়৷ বিক্ৰমে বহু দেৰি কাকলিৰ দেউতাকৰ ফালে চাই ৰয় তাৰপিছত কাকলিৰ ফালে চাই কয় –” মই ভাল হ’ম লি, তুমি চিন্তা নকৰিবা ৷ ” কিন্তু পিছদিনা বিক্ৰমৰ শাৰীৰিক অৱস্থা বেছিকৈ বেয়ালৈ আহে৷ ভেন্টিলেটৰত ৰাখিব লগা হয় বিক্ৰমক৷

বিক্ৰমক তেনে অৱস্থাত দেখি কাকলিৰ মনত ওপজা আশংকাটো ক্ৰমশ বাঢ়ি আহে৷ ” বিক্ৰমৰ যদি কিবা হয়, কি হ’ব মোৰ আৰু সোনমানুৰ!!” –এই কথাই কুৰুকি কুৰুকি খাবলৈ ধৰে তাইক৷

“এটা ভয়ংকৰ বাস্তৱৰ সন্মুখীন হ’বলৈ গৈ আছো নেকি মই!! হে প্ৰভু, মোৰ মনলৈ বেয়া বেয়া চিন্তাবোৰ কিয় আহিবলৈ ধৰিছে৷ বিক্ৰমক ভাল কৰি তোলা প্ৰভু, ভাল কৰি তোলা প্ৰভু!!” — ভগৱানৰ ওচৰত মৌনতাৰে প্ৰাৰ্থনা কৰি কৰি কাকলিয়ে নীৰৱে উচুপি থাকে৷

অৱশেষত ভয়ংকৰ বাস্তৱেই কাকলিৰ বাবে বাট চাই আছিল৷ যিটো আশংকাই তাইক খুলি খুলি খাইছিল সেই আশংকাকে সঁচা বুলি প্ৰমাণিত কৰি কাকলিৰ জীৱনৰ একান্ত মানুহজনৰ মৃত্যুৰ খবৰ আহি তাইৰ কাণত পৰিলহি!কাকলিৰ এনে লাগিল- সমস্ত পৃথিৱী যেন ক্ষন্তেক সময়ৰ বাবে ৰৈ গৈছে!!এক বুকুভৰা আৰ্তনাদে তাইৰ হৃদয় মুছৰি গ’ল৷হঠাতে এখন আশ্বাসভৰা হাত আহি তাইৰ পিঠি স্পৰ্শ কৰিলে — “আইজনী, মই এতিয়াও জীয়াই আছো৷ তই চিন্তা নকৰিবি আইজনী৷ তোক আমি বিপদত পৰিব নিদিওঁ আইজনী!! ”
দেউতাকৰ বুকুৰ মাজত সোমাই কাকলি ৰাজনন্দিনী কান্দোনত ভাগি পৰিল৷
(আগলৈ)

Related Articles

Leave a Reply

Close