শীৰ্ষৰাষ্ট্ৰীয়

শপত গ্ৰহণৰ মঞ্চ যেন বিৰোধীৰ ঐক্যবদ্ধ মঞ্চ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হেমন্ত ছোৰেণে

নেচনেল ডেস্ক, প্ৰথম খবৰ: ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কেইবাজনো মুখ্যমন্ত্ৰী সমন্বিতে একাধিক ৰাজনৈতিক দলৰ নেতৃবৰ্গৰ উপস্থিতিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে হেমন্ত ছোৰেণে। শপত গ্ৰহণৰ মঞ্চ যেন এক প্ৰকাৰ হৈ পৰিল বিৰোধীৰ ঐক্যবদ্ধ এক মঞ্চ। অনুষ্ঠানত উপস্থিত আছিল অশোক গেহলট, ভূপেন বাঘেলাৰ দৰে মুখ্যমন্ত্ৰীসকল। পি চিদাম্বৰম, সীতাৰাম য়েচুৰী আৰু ডি ৰাজায়ো অংশগ্ৰহণ কৰে এই শপত গ্ৰহণ অনুষ্ঠানত।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যকৰী সভাপতি হেমন্ত ছোৰেণে। সমান্তৰালভাৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে জেএমএমৰ দুজন আৰু কংগ্ৰেছৰ ফালৰ পৰা এজনে। ৰাঁচীত শপত বাক্য পাঠ কৰোৱালে ৰাজ্যখনৰ ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৱে।

Related Articles

Leave a Reply

Close