গল্পশীৰ্ষ

বহু দূৰৈত জীৱন কলিতা

মনোজ কুমাৰ গোস্বামী *

ৰেডিঅ’ মস্কোত ইংৰাজী বাতৰিৰ পিছত দিমিত্ৰি ইভবে৷ৎকোৱে পিয়ানো বজাইছিল। জীৱন কলিতাই লাহেকৈ ট্ৰনজিষ্টৰ ৰেডিঅ’টো অফ কৰিলে আৰু দুৱাৰখন ভেঁজ| দি জপাই বাৰাণ্ডাত থকা চাইকেলখন লৈ বাহিৰ ওলাই আহিল।

ফৰকাল নিৰ্মেঘ আকাশ। ৰাতি বৰষুণ এজাক দিছিল, ৰাস্তাৰ দুকাষৰ ঘাঁহবোৰ পৰিচ্ছন্ন হৈ জিলিকি আছে। বুদ্ধ গোসাঁইৰ পদূলিৰ নাৰিকলকেইজোপাৰ পাতত এতিয়াও পানীৰ এটা-দুটা টোপাল। দোপ দি কলিতা চাইকেলৰ পেডেলত উঠিল। তেওঁৰ মনটো আজি বৰ ভাল।

জীৱন কলিতা পাৰ্টিৰ মানুহ । আজীৱন পাৰ্টিৰ কাম কৰিছে, পাৰ্টিৰ কামত দিহিঙে-দিপাঙে ঘূৰিছে, কেতিয়াবা মান আৰু কেতিয়াবা অপমান পাইছে পাৰ্টিৰ কাৰণেই। পাৰ্টি মানে কমিউনিষ্ট পাৰ্টি। তৰাডুবি গাঁৱৰ চাৰিওপিনে আঠ-দহ কিলোমিটাৰ এলেকাত কমিউনিষ্ট কলিতা বুলিলে মানুহে চিনি পাবই– অন্ততঃ বুঢ়া-আদহীয়াচামে।

ভাত দুসাঁজৰ বাহিৰে পৰিয়ালৰ লগত কলিতাৰ সম্পৰ্ক নাই, ভায়েকৰ বিৰাট সংসাৰ, পিছফালৰ সৰু অকলশৰীয়া ঘৰ এটাত কলিতা থাকে, অকলে, নীৰৱে অহা-যোৱাও কৰে পিছফালেদিয়েই। ৰাতিপুৱাই পুৰণি চাইকেলখন লৈ কলিতা ঘৰৰপৰা ওলায়, তেওঁৰ কোঠালৈ ভাতৰ কাঁহী পঠাই দিয়া হয় ভতিজাক বা ভাই-নাতি এটাৰ হাতত, নপঠিয়ালেও কথা নাই, কলিতাই চাইকেলখন লৈ ওলাই যায়, সেইটো ৰুটিন।

নিজৰ জীৱনটো সফল নে বিফল কলিতাই বুজি নাপায়, খুব দকৈ কথাটো চিন্তাও কৰি চোৱা নাই। চাকৰি নকৰিলে, টকা-পইচা একো নাই, পিতাকে এৰি যোৱা মাটি-ঘৰৰ ভাগ লোৱাৰ কথা তেওঁ আৰু চিন্তা কৰা নাই, আনকি পাৰ্টিৰ কামত ঘূৰি ফুৰোঁতেই বিয়া-বাৰুও কৰোৱা নহ’ল। পুৱা-গধূলিৰ ভাতসাঁজ বাৰু তেওঁ ভায়েকৰ দয়াতহে পাই আছে নেকি? নাই, নিজৰ কথা কলিতাই বেছি নাভাবে, ব্যক্তিগত জীৱনক তুচ্ছ জ্ঞান কৰে তেওঁ। পাৰ্টিৰ চেষ্টাত এটা সময় আহিব, অনিবাৰ্য সেই সময়, যেতিয়া ধনী আৰু দুখীয়াৰ প্ৰভেদ নাথাকিব, কোনো অৰ্ধাহাৰে-অনাহাৰে নাথাকিব, সকলোৱে পাব এসাঁজ ভাত, একোখন কাপোৰ । চোৱা, মার্ক্সৰ ভৱিষ্যৎবাণী অনুসৰিয়েই আমেৰিকাৰ দৰে উন্নত পুঁজিবাদী দেশত সৰ্বহাৰাৰ সংখ্যাগত শক্তি প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে। কিন্তু তাৰ তুলনাত কমিউনিষ্ট দেশ ছোভিয়েট ইউনিয়নত…

মনটো খুব ভাল লাগি গ’ল কলিতাৰ। ঔগুৰিৰ ভবেন দেউৰীৰ ওচৰলৈ যাব নেকি ভাবিলে। বাৰ মাইল বাট। তথাপি আজিৰ খবৰ-বাতৰিবোৰ দেউৰীক জনোৱাটো জৰুৰী। দেউৰী পাৰ্টি ৱৰ্কাৰ। পিছে এতিয়া আৰু তেওঁ বৰকৈ ঘূৰি ফুৰিব নোৱাৰে। আন্দোলনৰ সময়ত গাঁৱৰে ল’ৰা কেইটামানে তেওঁক বেয়াকৈ মাৰধৰ কৰিলে। মূৰত আঘাত পাইছিল খুব, ঘৰৰ মানুহে বচাৰ আশাই কৰা নাছিল; তেতিয়াৰপৰাই দেউৰীৰ দৃষ্টিশক্তি কমি আহিছিল, এতিয়া বয়সো হ’ল, চকুৰে প্রায় নেদেখে বুলিয়েই কব পাৰি।

খুৰা কোন পিনে? ঘনৰ পাণ-দোকানৰ সমুখত গিৰিধৰ শৰ্মাৰ ল’ৰাটো, বিপিন, চিগাৰেট হুঁপিবলৈ আহিছে। টাউনৰ কলেজত পঢ়ে। কথা-বতৰাত এটা তাচ্ছিল্যৰ সুৰ।

কি হ’ল খুৰা, কমিউনিজিমৰ অৱস্থাই নাই দেখোন। স্বয়ং ৰুছিয়াতে বোলে মাৰ্কেট ফ্ৰি, প্ৰচুৰ ডিক্স’ চলে আৰু তাতোকৈও বেছি চলে হেনো আমেৰিকান চিনেমা! আৰু বেকাৰৰ সংখ্যা হেনো আমাৰ ইয়াতকৈও বেছি।

এটা চাৰ্মিনাৰ জ্বলালে কলিতাই। মুখত সামান্য বিৰক্তি। — তোমালোকে এইবোৰ খবৰ ক’ত পোৱাহে? য’ত চব মাৰ্কিন প্রপাগাণ্ডা।

যিয়েই নহওক বিপিনহঁতে আজি ৰুছিয়াৰ খবৰবোৰ শুনা নাই। অৱশ্যে এনে কটাক্ষ আৰু কটুক্তি কলিতাহঁতে আৰু গাত নাসানে। সেই ১৯৪৭ চনৰ ইয়ে আজাদী ঝুঠা হ্যায় শ্লোগানৰ সময়ত বা ১৯৬২ চনৰ চীনা আক্ৰমণৰ সময়ত পাৰ্টি ৱৰ্কাৰ হিচাপে কলিতাহঁতে কম লাঞ্ছনা-গঞ্জনা সহ্য কৰিবলগা হোৱা নাছিল। আনকি সৌ সিদিনা আন্দোলনৰ সময়ত দেউৰীয়ে মাৰ খাইছে অকাৰণে, প্রাণৰ ভয়ত ভায়েকৰ হেঁচাত কলিতাও ঘৰৰপৰা আঁতৰি আছিল বহুদিন। এই ব্যক্তিগত দুখ-ক্লেশ সহ্য কৰিব লাগে, কলিতাই ভাবে, কাৰণ পাৰ্টি আছে, তেওঁলোকৰ লগত, তেওঁলোক আছে পাৰ্টিৰ লগত। এদিন এক সময় আহিব, অৱশ্যম্ভাৱী সেই সুদিন, যেতিয়া সকলো মানুহ হ’ব সমান আৰু পৰিতৃপ্ত, য’ত ধনী আৰু দুখীয়া, শোষক অথবা শোষিত নাথাকিব, অফুৰন্ত আহৰি সময় ভোগ কৰা নাইবা হাড় ভঙা খাটনিত জীয়াতু ভোগা এই লোকসকল আৰু নাথাকিব। ই অনিবাৰ্য, এয়াই হৈছে কমিউনিজমৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ অপ্ৰতিৰোধ্য নিয়ম। জীৰ্ণ চাইকেলখনৰ কৰ্কশ পেডেল ঠেলি ঠেলি কলিতা মথাউৰিৰে গৈ থাকে। তেওঁৰ মনটো আজি খুব ভাল।

বহু হাজাৰ মাইল দূৰৈত থকা এখন দেশ, জীৱনত যিখন দেশ কলিতাই আৰু কেতিয়াও দেখা নাপাব, কিন্তু সেইখন দেশ তেওঁলোকৰ আদৰ্শ, আদৰ্শ সেইখন সমাজ, তাৰ নেতা-সাধাৰণ মানুহ। সেয়ে, মিছা কথা কৈ লাভ নাই, যেতিয়া বাতৰি-কাকতত ওলাই ব্ৰেজনেভৰ কৰাপ্‌চনৰ কথা, গৰ্বাচভৰ তথাকথিত মুক্ত ছোভিয়েটত আমেৰিকান পৰ্ণ চিনেমা হল ভৰ্তি চলাৰ কথা (আনকি বিপিনৰ দৰে পিলিঙাৰ মুখতো), কলিতা সামান্য উদাসো হৈ যায়। কিন্তু এই বাতৰিবোৰৰ সত্যতা নিজ কাণেৰে তেওঁৰ পুৰণি ৰেডিঅ’ত শুনি আহিছে। আজি ছোভিয়েটত কেইজনমান হাৰ্ডলাইনাৰে বৰ্তমানৰ সন্দেহজনক নেতৃত্বক আঁতৰাই ক্ষমতালৈ আহিছে। যিবোৰ সুৰুঙাৰে দেশখনত পুঁজিবাদৰ অনুপ্ৰৱেশ ঘটিছিল এই নেতৃবৃন্দই কঠোৰ হাতেৰে সেইবোৰ ৰুদ্ধ কৰিব। কি আশ্চৰ্য– ছোভিয়েট ইউনিয়নৰ দৰে দেশত গৰ্বাচভ-য়েল্টছিনে কমিউনিজম বা ছ’চিয়েলিজিম্‌ৰ শব্দ দুটাকেই পছন্দ নকৰা হৈছিল। হুঃ– এতিয়া এই হাৰ্ডলাইনাৰকেইজনৰ নেতৃত্বই দেশখন প্ৰকৃত কমিউনিজমৰ পিনে গতি কৰিব, অপ্ৰতিৰোধ্য গতিৰে।

নদীৰ পাৰে পাৰে কলিতাই চাইকেল চলাই যায়। তৰাডুবি গাঁওখন সৰু টাউনখনৰপৰ৷ দহ মাইলমান দূৰৈত, ইলেক্ট্রিচিটি অহা নাই, বজাৰ-সমাৰ কৰিবলৈও বহু দূৰ যাব লাগে, নদীৰ ওপৰত বাঁহৰ সাঁকো এখনৰ বাদে গাড়ী-মটৰ পাৰ হ’ব পৰা দলং নাই, ৰাস্তা বুলিবলৈ নদীৰ কাষৰ ওখোৰা-মোখোৰা মথাউৰিটো, তথাপি গাঁৱৰ মাজতো টাউনৰ চিনেমা-থিয়েটাৰৰ প’ষ্টাৰ পৰিছে, বুঢ়া শিমলুজোপাৰ গাত বীৰোচিত ভঙ্গীৰে থিয় দি থকা নায়ক, স্বল্পবসনা নায়িকাৰ ৰঙীন ছবি, তাৰ পিছত প্ৰতিজোপা গছতে বৰষুণত তিতি ৰ’দত শুকাই বিবৰ্ণ হৈ যোৱা শাৰী শাৰী তেনে পষ্টাৰ– হঠাৎ নদীৰ পিনৰপৰা এজাক অচিন চৰাই উৰি আহে, ঔটেঙা গছজোপাৰ খোৰোঙৰপৰা অদ্ভুত মাতেৰে ভাটৌকেইটামানে চিঞৰি উঠে, কোমল কবোষ্ণ ৰ’দ উঠি আহে মূৰৰ ওপৰলৈ। বুদ্ধ গোসাঁইৰ আলিকাষৰ ধানডৰা ভাল হৈছে, দুপৰীয়াৰ সেই মায়াময় ৰ’দত ধাননিৰ তৰঙ্গ জিলিকি উঠে। কলিতাই দেখে, আকাশ কি ভয়ঙ্কৰ সুন্দৰ নীলা, পৃথিৱী কি স্বপ্নময়। চাইকেলৰপৰা নামি কিছু সময় ধাননিৰ কাষত থিয় দি ৰৈ কিছু সময় কলিতাই চাৰিওপিনে চায়, ইমানদিনে যেন তেওঁ পৃথিৱীখন ভালকৈ চোৱাই নাছিল। সাঁকো পাৰ হৈ দুই-এজন মানুহ টাউনলৈ বুলি গৈছে, আলিৰ ওপৰত নোদোকা দামুৰি দুটাই দেও দি জঁপিয়াইছে, দূৰৈৰ পথাৰত কৰ্মৰত কৃষকৰ অস্পষ্ট প্রফাইল… তেতিয়া কলিতাই অনুভৱ কৰিলে তেওঁৰ ওচৰত কোনে নাই, এই সময়ত কোনো এজন তেওঁৰ ওচৰত থকাৰ প্ৰয়োজন আছিল, এনে স্নিগ্ধ প্ৰশান্তি আৰু আনন্দৰ দুটা-এটা মুহূৰ্ত উপভোগ কৰাৰ বাবে কলিতাৰো এজন সঙ্গীৰ প্রয়োজন। অৱশেষত কলিতাই থিৰ কৰিলে, দেউৰীৰ ওচৰলৈকে যোৱা যাওক।

কলিতা দেউৰীৰ ঘৰ পাওঁতে বেলি লহিয়ালেই। বাৰাণ্ডাত খুৰা ভগা চকী এখনত তেওঁ কিবা চিন্তা কৰি বহি আছে। আন্দোলনৰ সময়ত মূৰত আঘাত পাইছিল। তেওঁ এতিয়া প্ৰায় অন্ধ এজন বৃদ্ধ। সময় তেওঁৰ বাবে যেন স্থিৰ, কাণত পৰা দুই-এটা কথাৰ মাজেৰেহে দেউৰীয়ে বাহিৰৰ পৃথিৱীখনৰ লগত যোগাযোগ ৰাখিব পাৰে।

গৰ্বাচভ হাউছ এৰেষ্ট, হাৰ্ডলাইনাৰসকলে দেশ চম্ভালি লৈছে : কলিতাই চকী এখন টানি দেউৰীৰ ওচৰতে বহিল। দেউৰীক পৰিৱৰ্তিত পৰিস্থিতিৰ কথা ক’লে বিতংকৈ। প্ৰায় দৃষ্টিহীন চকু দুটাৰে তেওঁৰ পিনে চালে দেউৰীয়ে : কথাবোৰ সঁচা তেনেহলে?

কোনবোৰ?

ৰিফৰ্মৰ নামত সিহঁতে দেশখনত কেপিটেলিজিম আনি সুমুৱাইছিলহি। ইক’ন’মি নিয়ন্ত্ৰণ কৰিবলৈ দিছিল আমেৰিকাক?

এৰা, সঁচা কথা। ময়ো কথাবোৰ ফ’ল’ কৰি আছোঁ। ৰেডিঅ’ মস্কো শুনি আছোঁ ৰেগুলাৰ। বিপজ্জনক ঘটনা ঘটি আছিল। কোনো ৰকমেহে ৰক্ষা। আনকি কি ঘটিছে জানে? নতুন নেতৃত্ব ক্ষমতালৈ অহাৰ লগে লগে য়েল্টছিনে মাৰ্কিন প্ৰেছিডেণ্ট আৰু বৃটিছ প্ৰাইম মিনিষ্টাৰৰ লগত ফোনেৰে যোগাযোগ কৰে। নতুন নেতৃত্বৰ বিৰুদ্ধে গণপ্ৰতিবাদৰ চেষ্টা চলায়।

ইমান দূৰ পাইছেগৈনে? চি আই এৰ এজেণ্ট নেকি সিহঁত?

অসম্ভৱ নহয় একো।

বহু দেৰিলৈকে দুয়ো পুৰণি বন্ধুৱে পাৰ্টিৰ কথা পাতে, পাতে কমিউনিজমৰ কথা, সেই চব গধুৰ জটিল তত্ব, ইমানদিনে বহু বুজিলে তেওঁলোকে, কিছুমান নুবুজাকৈও ৰৈ গ’ল। কিস্তু ডাছ কেপিটেল বা ডাইলেকটিক মেটেৰিয়েলিজিমৰ সেইবোৰ কণ্ঠস্থ, জটিল বাক্য নিচাৰ দৰে তেওঁলোকে আওৰাই যায় : সামাজিক সষ্পদ আৰু কাৰ্যকৰী পুঁজিৰ বিপুল ভাণ্ডাৰ, পুঁজি সঞ্চয়ৰ শক্তি আৰু পৰিসৰ, সৰ্বহাৰা শ্ৰেণীৰ সৰ্বাধিক বৃদ্ধি আৰু শ্ৰমৰ উৎপাদনশীলতা, পুঞ্জীভূত উদ্বত জনসংখ্যাৰ ভিতৰত বাঢ়ি যোৱা আৰু অৱশেষত চৰকাৰী দেউলীয়াপনা। সম্পদৰ সঞ্চয় একে সময়তে পুঞ্জীভূত দৈন্য।

উভতি আহোতে কলিতাৰ ৰাতি বহুতেই হ’ল। মনটো ভাল। আনকি পথাৰৰ মাজৰ ওখোৰা-মোখোৰা ৰাস্তাটোৰে আহি থাকোঁতেও কলিতাৰ মুখৰপৰা সুহুৰি ওলাই গ’ল — তাহানিৰ সেই পাৰ্টিৰ গান।

ৰুমত ঢাকি থোৱা ভাতকেইটা তেওঁ চুঁচি মাজি খালে। টোপনি ধৰিছিল; কিন্তু পুৰণি ট্ৰেনজিষ্টৰ ৰেডিঅ’টো উলিয়াই তেওঁ চেণ্টাৰ মিলোৱাত লাগিল– মস্কো, মস্কো লাগে তেওঁক। বেটেৰি কমিছে, তথাপি ভমককৈ বাৰে বাৰে ভয়ছ অব আমেৰিকাৰ পুৰুষালি কণ্ঠৰ উদাত্ত ঘোষণাহে ভাহি আহেঃ ছোভিয়েট ইউনিয়নত হাৰ্ডলাইনাৰৰ অভ্যুত্থানক বিশ্বব্যাপী নিন্দা। ভি-অ’-এ’ৰ মতে ক্ষমতাধাৰীয়ে সমৰ্থন পোৱা নাই, ৰুছ জনসাধাৰণ হেনো ৰাস্তাত নামি পৰিছে, প্রতিবাদ ক্ৰমশঃ তীব্ৰতৰ হৈছে, সামৰিক বাহিনীৰ প্ৰতিৰোধ ভাঙি গৈছে, ষ্টেলিনৰ মূৰ্তি জনতাই ভাঙি পেলাইছে, আনকি ভাঙি পেলোৱা হৈছে লেলিনৰ প্রতিমূৰ্তিও।

যত চব ৱেষ্টাৰ্ন প্ৰপাগাণ্ডা : প্রচণ্ড ক্ষোভেৰে কলিতাই উচ্চাৰণ কৰে। ট্ৰেনজিষ্টৰৰ টিউনিং পকাই যায় তেওঁ আপ্ৰাণ। মস্কো ক’ত? মস্কো?

এটা সময়ত কেতিয়া টোপনি আহিল কলিতাই ক’ব নোৱাৰিলে। কেৰাচিন লেম্পটো জ্বলি ৰ’ল। সেই ম্ৰিয়মাণ পোহৰত দেখা যায় জীৱন কলিতাক, ঘৰ্মাক্ত দেহ, গাত গেঞ্জি, দিনটো পিন্ধি থকা পায়জামা, এটা ভৰিত এপাট ক্ষয় যোৱা হাৱাই চেণ্ডেল। চুলি সৰিছে আৰু ৰূপালী ৰঙে বোলাই গৈছে ক্ৰমশঃ চকুৰ গুৰিত কাউৰীৰ খোজ, ক্ষীণ হাতখন বিছনাৰ এফালে ওলমি পৰিছে। তেওঁৰ চাৰিওপিনে কেৰাচিন লেম্পৰ অস্পষ্ট পোহৰ মাথোঁ, বিছনাখন মলিয়ন, বিছনাৰ তলত পুৰণি বাতৰি-কাকতৰ দ’ম, বেৰত এখন বিবৰ্ণ আইনা ওলমিছে, এযোৰ জৰাজীৰ্ণ চকী-টেবুল, টেবুলৰ ওপৰত বিক্ষিপ্ত দুখনমান পাৰ্টি মেগাজিন, সৰু-ডাঙৰ দুখনমান প্রাচীন কিতাপ, দি ষ্টেট এণ্ড দি ৰিভল্যুচন, কমিউনিষ্ট মেনিফেষ্ট’, ডাছ কেপিটেল আৰু ডাইলেকটিক মেটেৰিয়েলিজম…

পুৱা ৰেডিঅ’ত ভাহি আহে ছোভিয়েট ইউনিয়নত অভ্যুানৰ খবৰ। জনতাই ভাঙি পেলাইছে লেনিনৰ বিশাল মূৰ্তি, মার্ক্সৰ প্ৰতিমূৰ্তিৰ মুখত সানি দিয়া হৈছে ৰং, বাল্টিক ৰাজ্যবোৰৰ স্বাধীনতা স্বীকৃত হৈছে, পাৰ্টিৰ সদৰ কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে মন্ধোত। ৰেডিঅ’ত সদম্ভে ৱাছিংটনৰ ভাষ্য ভাহি আহিছে অৱশিষ্ট কট্টৰপন্থী আৰু তেওঁলোকৰ সমৰ্থকৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা লোৱা হওক, গৰ্বাচেভৰ ৰিফৰ্ম কৰা হওক আৰু তীব্ৰতৰ। ভয়ছ অব আমেৰিকা, বি বি চি, নতুন দিল্লী আনকি স্বয়ং ৰেডিঅ’ মস্কোৰপৰাও সেই শব্দ-তৰংগ ভাহি আহে।

অলসভাৱে বিছনাত হেলান দি পৰি জীৱন কলিতাই সেই নিৰ্মম ঘোষণাবোৰ শুনে। এটা চাৰ্মিনাৰ জ্বলায়। ৰেডিঅ’টোৰ ভল্যুম ক্ৰমশঃ কমাই আনি লাহেকৈ বন্ধ কৰি দিয়ে। গা-পা ধুই বাৰাণ্ডাত কলিতাই পুৰণি সৰু আইনাখনৰ সমুখত ৰৈ নিজৰ পিনে চায়। বয়সে পঞ্চাশ স্পৰ্শ কৰিছে, কিন্তু ক্ষীণ মুখখনত গভীৰ হৈ উঠা আঁক-বাকবোৰৰ বাবে তেওঁক বেছি বুঢ়া যেন দেখা গৈছে, চুলিও পকি গৈছে যথেষ্ট, চকুৰ গুৰিত কাউৰীৰ খোজ, গালত তিনিদিনৰ নুখুৰোৱা ডাঢ়ি, শীৰ্ণ গ্ৰীবা, ক্ষীণ বুকুৰ হাড় এডাল এডালকৈ জিলিকি উঠিছে। ভিতৰলৈ আহি লৰালৰিকৈ পাঞ্জাবীটো পিন্ধি লয় কলিতাই, ভতিজা ল’ৰা এটাই নিঃশব্দে আহি ভাতৰ কাঁহীখন থৈ যায়। মানুহটোৰ সৈতে সিহঁতৰ কোনো যোগযোগ, কৌতূহল বা ঔৎসুক্য জড়িত নাই। ঘৰৰ পিছফালৰ সৰু কোঠা এটাত মানুহটো থাকে। ইয়াৰ বাহিৰে জীৱন কলিতাৰ কোনো অস্তিত্ব সিহঁতৰ বাবে নাই।

চকু-কাণ মুদি ভাতকেইটা খাই চাইকেলখন লৈ কলিতা ওলাই আহিল। ঘনৰ পাণ-দোকানৰ পিনে নগ’ল তেওঁ, নামঘৰটোৰ কাষেৰে ওলাই গৈ পথাৰৰ মাজেৰে আহি মথাউৰিত উঠিল। আজি তেওঁৰ কোনো গন্তব্য নাই। দেউৰীৰ ওচৰলৈ যাবলৈকো তেওঁৰ আৰু মন নগ’ল। টাউনৰ পাৰ্টিৰ অফিচলৈ যাবলৈকো তেওঁৰ ইচ্ছা নগ’ল। অফিচত পাৰ্টিৰ ডিষ্টিক্ট ছেক্ৰেটেৰী অবিনাশ বাবু বা মুনিন ভট্টাচাৰ্যহঁতক পোৱা যাব। অবিনাশ বাবু বা ভট্ট পাৰ্টিৰ বিদগ্ধ নেতা, অফিচত আলোচনা চলে বহু জটিল তত্ত্বকথাৰ, এচুকত বহি তেওঁ নীৰৱে সেই আলোচনা মনোযোগেৰে শুনে। পিছে আজি সেই অফিচলৈ যাবলৈও কলিতাৰ মন নগ’ল। কলিতাই অনুমান কৰিব পাৰিলে এই পৰিস্থিতিৰপৰা পৰিত্ৰাণৰ উপায় অবিনাশ বাবু বা ভট্টয়ো দিব নোৱাৰিব।

বহু সময় বিশাল আকাশৰ তলত ৰৈ এটা সময়ত জীৱন কলিতাই অনুভৱ কৰিলে গভীৰ নিৰ্বেদেৰে তেওঁৰ মন ভৰি পৰিছে। চাৰিওপিনে এক বিষণ্ণ শূন্যতা। বুঢ়া আঁহতজোপা যেন দুখত দৌ খাই পৰিছে, আনকি বতাহো বলা নাই। আজি ঔজোপাৰ খোৰাঙতো ভাটৌকেইটা নীৰৱ…।

তাৰ পিছত বহুত সময় তেওঁ অর্থহীনভাৱে ঘূৰি ফুৰিলে। তৰাণিৰ মাজেৰে যোৱা ৰে’ল-লাইনটোৰ কাষেৰে কলিতা গৈ থাকিল অনিৰ্দেশ্যভাৱে, ৰে’ল দলঙৰ ওপৰত ৰ’ল কিছু সময়, এটাৰ পিছত এটাকৈ চাৰ্মিনাৰ জ্বলালে। বেলি আকাশৰ পিয়লাৰে নামি আহিছে। অলপ পিছতে আন্ধাৰ আগবাঢ়ি আহিব, মৃত গছ আৰু ৰাত্ৰিময়  জলাভূমি ভাহি উঠিব আৰু তাৰপৰা উঠি আহিব এটা এটাকৈ আন্ধাৰৰ কবন্ধ মূৰ্তি… লাহে লাহে কলিতা উভতি আহে।

ভাত খাবৰ মন নগ’ল। বমিৰ দৰে কিবা এটাই পেটৰ ভিতৰৰপৰা খুন্দি খুন্দি বহিল কিছু সময়। বিভিন্ন চেণ্টাৰৰপৰা ছোভিয়েট ইউনিয়ৰ বিস্তৃত খবৰ ভাহি আহিছে : য়েল্টছিনে ঘোষণা কৰিছে, তৎকালীনভাৱে ৰুছ কমিউনিষ্ট পাৰ্টি অবৈধ ঘোষণা কৰি ডিক্রি স্বাক্ষৰিত হৈছে। ৰুছ পাৰ্লিয়ামেণ্টৰ সদস্যসকলক এই ঘোষণাই বিপুলভাৱে অভিনন্দিত কৰে। গৰ্বাচভে ঘোষণা কৰিছে, অভ্যুত্থানকাৰীহঁতক কেতিয়াও ক্ষমা কৰা নহ’ব…

ৰেডিঅ’টো অফ কৰিলে কলিতাই। সময় কিমান হ’ল? গাঁৱৰ ঘৰবোৰত লেম্প-চাকিবোৰ এটি এটিকৈ নুমাইছে। এতিয়াও ঢিমিক-ঢামাককৈ জ্বলি আছে এটি-দুটি পোহৰ। ইয়াৰ বাদে আন্ধাৰৰ ঢৌ সৰ্বত্ৰ। বহু ৰাতিলৈকে তেওঁ বহি ৰ’ল বাহিৰত। তাৰ পিছত এটা সময়ত কলিতা তেওঁৰ কোঠালৈ সোমাই গ’ল।

পিছদিনা পুৱা বিপিন টাউনৰপৰা আহিল। হাতত সেইদিনাৰ বাতৰি-কাকত। বিৰাট আখৰৰ হেড লাইন : ৰুছিয়াত কমিউনিষ্ট পাৰ্টি নিষিদ্ধ ঘোষণা, মস্কোত পাৰ্টিৰ বিৰুদ্ধে জন-বিক্ষোভ, লাটভিয়াৰ দেৱালত পষ্টাৰ পৰিছে ৱাণ্টেড কাৰ্লমার্ক্স আৰু ব্যৰ্থ অভ্যুত্থানকাৰী দুজন হাৰ্ডলাইনাৰে আত্মহত্যা কৰিছে।

হাঃ হাঃ হাঃ — ঘনৰ পাণ-দোকানত বিপিনে এটা চিগাৰেট জ্বলালে। ‘আজি কলিতা কমিউনিষ্টক দেখিছিলি নেকি অ’ ঘন?’

‘ওহো, ঘৰৰপৰা ওলোৱাই নাই নেকি?’

‘ক’ত ওলাব। কমিউনিষ্টৰ চাউল খতম। হাঃ হাঃ হাঃ ৰুছিয়াত কি হৈছে শুনিছ? এতিয়া ৰাতিপুৱা টাউনত টিভিত নিউজ চাই আহিলোঁ। জৰ্জ বুশ্বে গৰ্বাচেভক এতিয়া ৰুছিয়াত কি কি কৰিব লাগিব তাৰ এখন লিষ্ট দিছে, অমুকক তমুকটো চাৰ্জ দিয়া, কিউবালৈ সাহায্য বন্ধ কৰা, কে জি বিক নিয়ন্ত্ৰণ কৰা। হাঃ হাঃ হাঃ…।

ঘন পাণ-দোকানীয়ে এইবোৰ সিমান বুজি নাপায়। বাতৰি কাকতখন জাপি কাষলতিৰ তলত লৈ বিপিনে কমিউনিষ্ট জীৱন কলিতাক  বিচাৰি গ’ল। ঘৰৰ পিছফালৰ ঠেক বাটটোৰে সোমাই দেখিলে কলিতাৰ ৰুমৰ দুৱাৰ ভিতৰৰপৰা বন্ধ। দুৱাৰমুখতে ৰাতিপুৱাৰ ভাত ঢাকি থোৱা আছে।

‘কি হ’ল খুৰা? জ্বৰ উঠিল নেকি?’– দুৱাৰত টুকৰিয়াই বিপিনে চিঞৰিলে। বাতৰি-কাগজখন মেলি সি উল্লাসেৰে চিঞৰি পঢ়িলে : ‘ৰুছিয়াৰ খবৰ শুনক। ৱাণ্টেড কাৰ্লমাক্স-লেলিনৰ প্ৰতিমূৰ্তি চূৰমাৰ, ৰুছিয়াৰ প্রতিৰক্ষা ব্যয় কমাবলৈ বুশ্বৰ নিদেৰ্শ, কিউবালৈকো ৰুছ সাহায্য বন্ধ কৰা হ’ব, কমিউনিষ্ট পাৰ্টি অবৈধ ঘোষণা আৰু শুনক দুজন অভ্যুত্থানকাৰীয়ে…’।

দুৱাৰ নুখুলিল। দুই-এজন আন মানুহো গোট খালে। ঘুণপোকে খোৱা কাঠৰ দুৱাৰ, সামান্য খুন্দা এটা মাৰোঁতেই দুৱাৰখন খোল খালে। চিলিঙৰ বাঁহ এডালৰপৰা কলিতাৰ নিষ্প্রাণ দেহ ওলমিছে, দুখন গামোচা গাঁঠি ডিঙিত ফাঁচটো লগাইছে। কলিতাৰ ক্লান্ত শীৰ্ণ হাত দুখন দুকাষে ওলমিছে, ঘৰ্মসিক্ত পায়জামাৰ গাঁঠিটো নামি আহিছে তলপেটলৈ। তেতিয়াও ঢিমিক-ঢামাককৈ লেম্পটো জ্বলি আছে, টেবুলত প্রাচীন ডাচ কেপিটেলৰ পাত মেলা…

Related Articles

Leave a Reply

Close