গল্পশীৰ্ষ

হালধীয়া খামৰ চিঠি

মুনমী বৰদলৈ *

প্রিয় বান্ধৱী,

অৱশেষত মই সেই পথটোকে বাচি ল’লোঁ। মোৰ বহুদিনীয়া পুৰণি অংকটোৰ উত্তৰ ওলাই পৰিছিল।

সময়ে পাতি দিয়া সেই অংকটো লৈ মোৰ বৰ আউল লাগিছিল। অংকটো কেতিয়াবা বিয়োগ যেন লাগিছিল, তাৰ উত্তৰ শূন্য শূন্য ওলাইছিল। কেতিয়াবা যোগ, কেতিয়াবা হৰণ, কেতিয়াবা পূৰণ। তাৰ লগত চন্দ্ৰ আৰু কুটিল বন্ধনীৰ ভূমিকাও সবল আাছিল।

সেই আউলত মই জোট-পোত খাই পৰিছিলোঁ।

তুমি ভয়াতুৰ আছিলানে উদাসীন? প্ৰতিটো খোজ দিয়াৰ আগতে আকাশ-পাতাল-পৃথিৱী-বায়ু একাদিক্ৰমে অধ্যয়ন কৰিছিলা। আবিৰ তোমাৰ প্ৰেমৰ নাম। হয়তো তাৰ আন এটি নাম বিশ্বাস। বিশ্বাসত অটল আছিলা তৃমি। হেৰুৱাই দিছিলা নিজক।

ভুল কৰিছিলা।

সেই ভুলে মোৰ ৰাস্তাটো চিকুণাই দিছিল।

‘সময়ৰ সদব্যৱহাৰ কৰিবা। নহ’লে দেখিবা কোনোবা তোমাৰ কাষেদিয়েই পাৰ হৈ গুচি গৈছে।’ — নিজৰ দুচকুত মোৰ দুচকু বন্দী কৰি আবিৰে এদিন কৈছিল। ক্ষুব্ধ হোৱা নাই, হতাশ হোৱা নাই, ভাবিছোঁ আৰু কিমানক কৈ ফুৰিছে আবিৰে এইবোৰ! ক’ৰ পৰা আৰম্ভ হৈছিল আবিৰ আৰু মোৰ যাত্ৰা—

সন্ধিয়াৰ পশ্চিম আকাশৰ সকলোতকৈ উজ্জ্বল তৰাটো মোৰ বৰ প্ৰিয় আছিল। আশৈশৱ তাৰ উজ্জ্বলতা বুকুত পুহি ৰাখিছিলোঁ। এটি উজ্জ্বল তৰা হোৱাৰ সপোনে মোৰ বুকুত ঘৰ সাজি বহিছিল। বুকুত কঢ়িয়াই ফুৰা সপোনটোৰ গুণতেই আবিৰক লগ পাইছিলোঁ। আবিৰ ফটোগ্ৰাফাৰ আছিল, আগশাৰীৰ আছিল। জনপ্ৰিয় বহুকেইখন আলোচনীৰ বেটুপাতত মোৰ ফটো প্রকাশ পাইছিল। তাৰ পাছত আৰু মোৰ, ভাবিবলৈ, বুজিবলৈ ৰ’বলৈ সময় নাছিল। ইচ্ছাও নাছিল। মই দৌৰিলোঁ, দৌৰিলোঁ, দৌৰিলোঁ।

মোৰ বাবে নোহোৱা ৰাস্তাটোতো।

এতিয়া মই এটি উজ্জ্বল তৰা। এখন হাতৰ সহায়ত।

আবিৰৰ।

প্ৰিয় বান্ধৱী, তোমাৰ দুচকুত ওলমি ৰোৱা আশ্চৰ্য, হতাশা, ঘৃণাৰ ছিটিকনিয়ে আমাক চুব পৰা নাছিল। আমাৰ গতি স্তব্ধ কৰিব পৰা নাছিল। তোমাৰ কণ্ঠ ৰুদ্ধ হৈ গৈছিল— গান গাবলৈ চেষ্টা কৰিছিলা, হৃদয়ত শব্দৰ সমাধি ঘটিছিল গল্প-কবিতা লিখিবলৈ চেষ্টা কৰিছিলা। অভ্যাস নাছিল অভিনয় কৰিবলৈ চেষ্টা কৰিছিলা। আবিৰ আৰু মই হাঁহিছিলো। তোমাৰ এই আস্ফালন দেখি। কি আছিল আবিৰ? আজি ভাবিছোঁ। গন্ধৰ্ব নে দেৱতা? নে অন্য কিবা! — তুমি যদি ছবি আঁকি ভাল পোৱা আবিৰ হৈ পৰিব ছালভাদৰ দালি, তুমি যদি কবিতা ভাল পোৱা আবিৰ হৈ পৰিব শ্যেলী অথবা কীট্‌ছ। যদি তুমি অভিনয় জানা আবিৰে তোমাক লৈ ছবি নিৰ্মাণ কৰিব— স্ক্ৰিপ্ট লিখিব, গান লিখিব, সুৰ দিব, গাব, তোমাক নাচিবলৈ শিকাব, গাবলৈ গৈছিলোঁ, আবিৰৰ দুচকুত। নিজৰ দুচকুত মোৰ দুচকু বন্দী কৰি আবিৰে কৈছিল— কেৱল তুমি আৰু মই। যেন নদীৰ তলৰ বালিৰ পৰা আকাশৰ তৰাটোলৈকে হাতৰ মুঠিত। আগবঢ়াই দিয়া আবিৰৰ হাতখনত নিজৰ হাতখন হেৰাই যাবলৈ দিছিলোঁ৷ বৰ চঞ্চল প্ৰকৃতিৰ আছিল আবিৰৰ দুচকু। তাত আকুলতা, উদাসীনতা, কাতৰতা, বিৰহ, যন্ত্ৰণা এইবোৰৰ পৰিমাণ প্রয়োজন অনুসৰি সঠিক অনুপাতে মিহলাই দিয়াত আবিৰ সিদ্ধহস্ত আছিল। এখন সূক্ষ্ম কাৰুকাৰ্যখচিত নিখুঁত জাল আবিৰে নিজে প্রস্তুত কৰি লৈছিল। ডায়েৰীখনৰ পিছৰ পাতটো লুটিয়াইছিলোঁ—

‘…এদিন হঠাৎ নজনোৱাকৈ আবিৰৰ ষ্টুডিঅ’ত সোমাইছিলোঁ। আগে-পিছে যোৱাৰ দৰে ভিতৰলৈ গৈছিলোঁ। বাহিৰৰ জগতখনৰ প্রতি দুয়ো উদাসীন আছিল চাগৈ। চকুৰ আগত থকা নৰ-নাৰীহালক দেখি মই থৰ লাগিছিলোঁ। দুয়োকে প্রাচীন মন্দিৰত খোদিত কামবিহ্বল মূৰ্তি যেন লাগিছিল।’

মাত্ৰ তাত প্ৰেম নাছিল।

দুয়োকে ভীষণ ভোকাতুৰ বন্য প্রাণীৰ দৰে লাগিছিল। বাকী ৰোৱা জ্ঞানকণে মোক ঘূৰি যাবলৈ নিৰ্দেশ দিছিল। টোপনিত খোজ কঢ়া মানুহৰ দৰে মই ঘূৰিছিলোঁ। মোৰ সন্মুখত আবিৰৰ চকীদাৰটো আছিল। তাৰ মুখখন আৰু চকু দুটা মৰা মাছৰ দৰে লাগিছিল।

…তুমিয়েই নে আবিৰ? হাতখন খামুচি আকুলতাৰে যে সুধিছিলা— ‘ক’ত আছিলা তুমি ইমান দিন? এনেকৈয়ে মোৰ বাবে ৰৈ আছিলা নে? এনেকৈয়েই থাকা সদায় মোৰ কাষত। মই উৰিব খোজোঁ আকাশলৈ। তোমাৰ সান্নিধ্য লাগে। কোনো দৰ-দাম অথবা অন্য অৰ্থৰ বিনিময়ত মই মোক তোমাত অৰ্পণ কৰা নাছিলোঁ। মোৰ নিৰ্দিষ্ট লক্ষ্য নাই, উদ্দেশ্য নাই, পৰিকল্পিত প্রকল্প নাই। মোৰ অস্তিত্বৰ ভেটিত গঢ়ি উঠিব তোমাৰ আকাশলঙঘী উচ্চাকাংক্ষাৰ সৌধ।

ভাবিছিলোঁ

আৰু

সপোনত মছগুল হৈছিলোঁ।

তোমাৰ সুখৰ প্রতি মইতো কোনোদিনেই বিমুখ নাছিলোঁ আবিৰ। আৰু আজি চকুৰ আগত দেখি অহা ঘটনাবোৰৰ পাছত? যন্ত্ৰণা। বুকুত বহুত যন্ত্ৰণা। ইমান যন্ত্ৰণাত মই বুকু ফাটি মৰি যোৱা নাই কিয়? নে কিবা ভ্ৰম হৈছে মোৰ? এই যে যন্ত্ৰণাবোৰ, বুকুত নিচুকাই ৰখাও কিবা যেন এক মিঠা যন্ত্ৰণা ৷…’

উঃ বলিয়াৰ প্ৰলাপ এইবোৰ। আৰু নোৱাৰি। দলিয়াই দিছিলোঁ ডায়েৰীখন। তোমাৰ অসহায়বোধ, সৰ্বস্বান্ত, হতাশ, মৃত মন-মগজুৰ কথা কৈ কৈ উচুপি উচুপি কান্দি ৰৈছিল ডায়েৰীখনে। যেন মোক কৈছিল— শুনাচোন মোক এবাৰ। বন্ধ নকৰিবা। এই যন্তুণাবোৰৰ কথা ক’বলৈ দিয়া। _

আচলতে মোৰ বৰ ভয় লাগিছিল। অসহায় লাগিছিল, ভৰি দুখন কঁপিছিল। নিজৰ হাতৰ স্পৰ্শত নিজে উচপ খাই উঠিছিলো। এই শৰীৰটো আবিৰৰ স্পৰ্শই ইশ্বৰ্যশীল কৰি, মোৰ নাৰীত্বক উপচাই তোলা যেন ভাবি মই যে সকলোতকৈ বেলেগ বুলি ভাবিবলৈ লৈছিলোঁ। সকলোৰে আকাংখিত এখন পৃথিৱীৰ সাম্ৰাজ্ঞী বুলি ভাবিবলৈ লৈছিলো। সেই শৰীৰত এতিয়া ইমান শীতলতা ক’ৰ পৰা নামি আহিল? হাতত থকা তোমাৰ ডায়েৰীখনৰ প্রতি খং উঠিল। এই ডায়েৰীখন! আবিৰৰ ৰুমৰ আলমিৰাত পোৱা এই ডায়েৰীখনলৈ সঁচাকৈয়ে মোৰ বৰ ভয়ো লাগিছে। তথাপিও অনিচ্ছাকৃতভাৱে জোৰ কৰি শক্তি গোটাই হাতখন পুনৰ আগুৱাই বন্ধ ডায়েৰীৰ পাতবোৰ লুটিয়াই গ’লোঁ, য’ৰ পৰা এৰিছিলো৷

“…মা-কামাখ্যাৰ শপত। তোমাৰ বাহিৰে মোৰ জীৱনত কোনো নাই। মোৰ জীৱনত প্ৰেমৰ এটাই নাম ‘তুমি’। বাকীবোৰ সকলো মিছা।’ মোৰ মগজু কেতিয়াবা সক্ৰিয় হৈ উঠিলেই শপত বৰষিছিল আবিৰৰ মুখেৰে। আৰু মই আবিৰৰ সেই শপতৰ বৰষুণত ভিজি জুৰুলি-জুপুৰি হৈছিলো, অনুশোচনাত দগ্ধ হৈছিলো। বুকুত তীব্ৰ যন্ত্ৰণা হৈছিল আবিৰক সন্দেহ কৰি। বুৰ্বক আছিলো মই। মোৰ প্ৰেমৰ অবিহনে আবিৰ আধৰুৱা হৈ ৰ’ব। ভাবিছিলো। তৃপ্ত হৈছিলো। ভৰি পৰিছিল মন। হৃদয়ৰ সমস্ত ভালপোৱা দিছিলো আবিৰক। আবিৰ অবিহনে যেন মোৰ সমস্ত পৃথিৱী শূন্য, ৰঙহীন, ধূসৰ…।”

সেই ধূসৰতা আঁতৰিছিল। যাৰ দুচকুত মই পৃথিবীৰ সমস্ত ৰং চাবলৈ বাট চাই আছিলো, সেই দুচকুৱে অহৰহ পৃথিৱীৰ আদিম বন্য সৌন্দৰ্যৰ পিছত বলিয়া ঘোঁৰা হৈ দৌৰিছিল।

আবিৰৰ সেই দুচকুৰ আকুলতা, সেই হুমুনিয়াহ, সেই শপত, সেই প্ৰতিশ্ৰুতি, সেই আশ্বাস… ভণ্ডামি আছিল। সেই সকলোবোৰ তৈয়াৰ কৰি লোৱা এখন সূক্ষ্ম জাল আছিল। মগজুশূন্য পোক-পতংগ কিছুমান তাত জাহ গৈছিল আৰু কিছুমান যাবলৈ সেই ৰাস্তাৰে আহি আছিল। এখন সূক্ষ্ম জাল। আবিৰ যে ছালভাদৰ দালি, শ্যেলী অথবা… । কিছুমানে নেদেখাকৈ, নুবুজাকৈ, কিছুমানে অৱসাৱধানে, অলক্ষিতে। তাৰে আৰু বেছি ভাগে জাল আছে বুলি জানিও ইচ্ছাকৃতভাৱে কিন্তু অতি সাৱধানে, জালৰপৰা এৰাব পৰা ৰাস্তাটো তৈয়াৰ কৰি আৰু নিজে চকু মুদি আবিৰেও ভাবিছিল— ‘এতিয়া আৰু মোক কোনেও দেখা নাই, মই চকু দুটা মুদি দিছোঁ যে।’

আবিৰৰ লগত সংগীবোৰে নাম, যশস্যা, উচ্চাকাংক্ষাৰ পিছত বলিয়া ঘোঁৰা হৈ দৌৰিছিল একে নিশাই একাধিক সংগীৰ লগত আবিৰে পৃথিৱীৰ আদিম বন্য সৌন্দৰ্যৰ সন্ধানত হাবাথুৰি খাই ফুৰিছিল। সংগীবোৰেও। আৰু মই আবিৰৰ বাকদত্তা হোৱাৰ সুনামত আবিৰৰ কৰ্মব্যস্ততাৰ লগত ছেক্ৰিফাইচ শব্দটোৰে বান্ধ খাই ৰৈছিলোঁ। সীমাহীন হুমুনিয়াহৰ লগত।

সেই আবিৰ, যি মোৰ পৃথিৱী আছিল।

সুস্থ মানসিকতাৰ মানুহ বুলি ক’ব পাৰি জানো আবিৰক। যি সম্পৰ্কক সন্মান কৰিব নাজানে, সি কোনো সম্পৰ্কতে জিৰণি ল’ব নোৱাৰে, সম্পৰ্কৰ ডোলেৰে বান্ধিব নোৱাৰে, কাকো নিৰাপত্তা দিব নোৱাৰে। বহুতৰে ওচৰলৈ যাৰ গতি, সি কাৰো কাষতে স্থবিৰ হ’ব নোৱাৰে। আবিৰ কোনো নাৰীৰ কাষতে সুখী হ’ব নোৱাৰে। কোনো নাৰীকে সুখী কৰিব নোৱাৰে। কোনো নাৰী আবিৰৰ বাবে বিশেষ হ’ব নোৱাৰে। আবিৰে সকলোৰে কাষত নিখুঁত অভিনয় কৰিব পাৰে।

…বহু সময়তে আবিৰৰ অনেক প্ৰেম নামৰ ব্যভিচাৰৰ আদিম অসভ্য বন্য যৌনতাৰ কাহিনীয়ে মোৰ মন-মগজু হত্যা কৰি মোক পক্ষাঘাত ৰোগীলৈ পৰিৱৰ্তন কৰিছিল। নিঃস্বাৰ্থ শব্দটো আবিৰৰ বৰ প্রিয় আছিল। যি নিজৰ উদৰ পূৰণৰ স্বাৰ্থত থাকে সি সদায়ে স্বাৰ্থৰ বোকাৰে লুতুৰি-পুতুৰি। আচলতে শব্দটো নিজৰ ভণ্ডামি লুকুৱাই ৰখাৰ এখন মজবুত বেৰ আছিল।

আবিৰৰ প্রতি ইমান তীব্র ঘৃণা ক’ৰ পৰা আৰম্ভ হ’ল মোৰ। যিদিনা মোক ইম্প’ৰ্টেণ্ট কাম আছে বুলি কৈ বান্ধৱী নামৰ কোনোবা সংগীৰ লগত শ্বিলঙৰ ৰাস্তাত লং ড্ৰাইভত যোৱাৰ কথা, কামৰ অজুহাতত ষ্টুডিঅ’ত থকা বুলি মিছা কথা কৈ বাহিৰত কটোৱা নিশাবোৰত নিত্য-নতুন শয্যা সংগীৰ কথা, ড্ৰাইভাৰে মোৰ আগত দুখেৰে কৈ পেলোৱাৰ দিনা? নে ভালকৈ নাপালোঁ আৰু এটা দিয়া। শেঁতা পৰি কঁপি কঁপি পৰি যাব ধৰা আবিৰে মোক জোৰেৰে সাৱটি ধৰিছিল। জ্ঞানশূন্য হৈ পৰিছিলো। কলাসুলভ আবিৰ মৰমিয়াল হৈ পৰিছিল। মই পৰাজয় স্বীকাৰ কৰি অনুতপ্ত হৈ পৰিছিলো।

…জোঁকাৰি পেলাইছিলোঁ মনৰ পৰা দুশ্চিস্তাবোৰ। জোৰকৈ পাহৰি থাকিব খুজিছিলো। আঁতৰি আছিলো, য’ৰ পৰা কথাবোৰ আহি কাণত পৰাৰ সম্ভাৱনা থাকে। তথাপি কথাবোৰে যেন মোৰ পিছ এৰিবলৈ ৰাজি নাছিল, অশান্ত হৈ পৰা মোৰ লক্ষণবোৰ আবিৰে বুজি লৈছিল আৰু তেনেকুৱা সময়বোৰত আবিৰ মোৰ দুৰ্দান্ত প্ৰেমিক হৈ পৰিছিল। তথাপি কথাবোৰে মোৰ পিছ এৰা নাছিল। ৰৈ ৰৈ মোৰ মনত বাজি ৰৈছিল। বহুদিনলৈ লুকাই থাকিব পৰাটো আবিৰৰ ভাগ্যত লিখা নাছিল। আজি ষ্টুডিঅ’ত দেখি অহা ঘটনাটো তাৰে প্রমাণ।

ভালপোৱা পুৰুষজনৰ পৰা প্রেম, বিশ্বাস, দায়িত্ব, কৰ্তব্যবোধ, আস্থাৰ মজবুত ভেটি এটি পাবলৈ আৰু নিজেও তেনেদৰে উজাৰি দিবলৈ কোনজনী ছোৱালীয়ে সপোন নেদেখে। বাগদত্তা হিচাপে আবিৰৰপৰা মই সেইখিনি বিচৰাটো মোৰ অপৰাধ নেকি? পুৰুষৰ কৰ্মজীৱনত নাৰীগৰাকীৰ সহযোগিতাই স্থবিৰতা আনে নে আগুৱাই যোৱাত সহায় কৰে? সেইখিনি বুজা শক্তিৰ অভাৱ আছিল আবিৰৰ। জীৱ-জন্তুৰ মাজতো পৰিয়াল, সন্তানবোধ থাকে। আবিৰৰ নাই। এখন ভৰা ঘৰ, এটা সুস্থ সম্পৰ্ক, এটা হেপ্পী আৰু হেল্‌ডি লাইফ আবিৰৰ চিন্তাৰ পৰিধিৰ বাহিৰত। ভালপোৱা ভৰিৰে মোহাৰি, উপলুঙা কৰি আবিৰে সদায় অসুস্থ চিন্তাবোৰৰ লগত দৌৰিব। এনে দৌৰাত্মৰ আনক পতিয়ন নিয়াব পৰা অনেক কৌশল, অখণ্ডনীয় যুক্তি আবিৰে তৈয়াৰ কৰি লৈছে আৰু এই দৌৰাত্মত আবিৰ মানুহৰ পৰা চয়তানৰ শাৰীলৈ নামি পৰিছে। আবিৰক লৈ মোৰ দৰে কোনোবাই সপোন দেখিব, সপোনৰ পিছত দৌৰিব, আৰু এদিন আহত হৈ পৰি ৰ’ব। জীয়াই থকাৰ হেঁপাহ হেৰুৱাব। উশাহ-নিশাহবোৰ জীৱনৰ বোজা হ’ব। আৰু এনে নহ’ব যেতিয়া যদিহে প্ৰেমবিহীন যৌন সম্পৰ্ক এটা বেপাৰ হ’ব আৰু বিশেষ উদ্দেশ্য থাকিব। সংগীবোৰো হ’ব আবিৰৰ দৰেই বেপাৰী। এই যে আবিৰক জয় কৰিছোঁ বুলি ভাবি নিজৰ নাৰীত্বক লৈ গৰ্বত উফন্দি পৰিছে, যোগ্য অথবা নিজে বেছি ধুনীয়া বাবে আবিৰ দুৰ্বল হৈছে বুলি ভাবিছে, অতি সোনকালেই তাইৰ মোহভংগ হ’ব। নিজৰ চৌৰ্য প্ৰবৃত্তি, অপৰাধবোধ, সন্দেহত মনে মনে কঁপিব। সেয়া জীৱনৰ আটাইতকৈ দুৰ্ভাগ্য, সেই সত্যৰপৰা ক’তো পলাব নোৱাৰিব। সাফল্যৰ মিছা চমকনিৰ পাছত দৌৰাত্মই জীৱনৰ আটাইতকৈ

ডাঙৰ জীৱনৰ পৰাজয় এদিন বুজি উঠিব। প্ৰেম, যৌন সম্পৰ্ক, সপোনৰ ঘৰ একোৰে দোহাই দি আবিৰক বান্ধিব নোৱাৰিব। এটা চয়তান হৈ আবিৰ হাতৰ মুঠিৰ পৰা সৰকি যাব। কেৱল যৌনতাতেই সকলো কথা আৰম্ভণি, যৌনতাতেই সকলো কথা শেষ আবিৰৰ। ইয়াৰ মাজত কোন আহিছে, কোন গৈছে, কাৰ হৃদয় ভাগিছে, কাৰ সপোন ধ্বংস হৈছে, কাৰ জীৱন থানবান হৈছে তাৰ হিচাপ ৰখাৰ দৰকাৰ আবিৰৰ নাই। সৎ সাহসো নাই, সাধ্যৰ ভিতৰতো নপৰে।

ইমানৰ পাছত যদি মই আবিৰৰ দোষবোৰ সহ্য কৰি লুকুৱাই ৰাখোঁ মোৰ আত্মাটোক কষ্ট দিয়া হ’ব জীৱনটোক অপমান কৰা হ’ব। আবিৰ নামৰ ভাইৰাছটোক সমাজত বিয়পি যোৱাত উদ্‌গনি জনোৱা হ’ব। বসুন্ধৰা হৈ থাকিব আৰু নোৱাৰোঁ। সতী-সাবিত্ৰীৰ ভাও আৰু দিব নোৱাৰোঁ। মীৰাবাঈ হৈ বিষ পান কৰিবও নোৱাৰোঁ। আবিৰটো কৃষ্ণ নহয়। বহু নাৰী গমনে জানো পুৰুষক কৃষ্ণৰ শাৰীলৈ উন্নীত কৰে? তেনেহ’লৈ প্রতিজনী বেশ্যাই ৰাধা অথবা মীৰাবাঈ হ’লহেঁতেন। আবিৰ ৰামো নহয়। মোৰ এজন প্ৰিয় লেখকৰ উপন্যাসত পঢ়িছিলোঁ— ‘সীতা হ’বলৈ হ’লে ৰামো হ’ব লাগে তেহে…।” আবিৰৰ সেই মা-কামাখ্যাৰ নামত মিছা শপত, সেই প্ৰেমহীন ক্ষণিক শাৰীৰিক আতিশয্য, মিছা সপোন, সঁচা আবিৰৰ স্থলিত চৰিত্ৰ, নিত্য নতুন যৌন সংগীৰ লগত বন্য জন্তুৰ দৰে শৰীৰৰ ভোক নিবাৰণ— এই সকলোবোৰ কথা এৰি, যি আবিৰ অবিহনে মোৰ সমস্ত পৃথিৱী শূন্য আছিল, যি আবিৰ মোৰ পৃথিৱী আছিল, সেই আবিৰক এৰি মই ওলাই যাম আচল পৃথিবীখনলৈ ৷ সুখী হওক আবিৰ নিজৰ অসুস্থ চিন্তাবোৰৰ সৈতে।

আৰু পঢ়াৰ মোৰ শক্তি নাই, হয়তো প্রয়োজনো নাই। বন্ধ কৰি দিছিলো তোমাৰ ডায়েৰীখন৷

আবিৰে বুকুত সাৱটি থকা ফটোখনত আজি ভালকৈ চাইছো তোমাক। আবিৰৰ বুকুৰ মাজত সোমাই নিজকে হেৰুৱাই দিব বিচৰা নিষ্পাপ তোমাৰ মুখখন আবিৰৰ প্ৰেমৰ মাজত ভগৱানক বিচাৰি পোৱাৰ প্রশান্তিত উজলি আছিল। কেনেকৈ আবিৰে কোৱা মানসিক ৰোগীলৈ পৰিৱৰ্তন হ’লা তুমি?

নাছিলা তুমি

আবিৰ নিজে আছিল।

আৰু মই?

আবিৰৰ প্রতি জানো মোৰ প্ৰেম আছিল?

মোক সপোনৰ তৰাটো সজোৱাত উঠি-পৰি লগা আবিৰৰ আছিল মোৰ গডফাডাৰ। ফৰ্মেলিটি পৰিহাৰ কৰি সাধাৰণ সম্পৰ্ক এটিৰ দোহাইদি মোৰ মন-মগজু কাবু কৰি পেলাইছিল আবিৰে। সম্পৰ্ক আৰু সম্বোধনে স্বৰূপ হেৰুৱাই অৱনমিত হ’লেই হৈ পৰে অৰ্থহীন। সেইবাবেই আবিৰৰ প্রতি হয়তো মোৰ দুৰ্বলতা আহিছিল। ক্ষণিকৰ সেই দুৰ্বলতাক প্ৰেম নামেৰে সজাবলৈ আবিৰে জাল সাৱধানে পেলাইছিল। ক্ষণিক আকৰ্ষণৰ পৰা আৰম্ভ হোৱা আবিৰৰ কথাবোৰটো কেতিয়াও কোনো সততা নাছিল। আশ্বাস নাছিল। হেঁপাহেৰে মই বাট চাই ৰৈছিলোঁ আবিৰে আলফুলে মোক সাৱটি কলিজাৰ ঢপ্‌ঢপনি এবাৰ কাণ দি শুনিব। কিমান মূৰ্খ আছিলোঁ মই। সমান্তৰালকৈ হয়তো আবিৰে তোমাৰ কাষটো ভাল প্ৰেমিকৰ অভিনয় কৰি আছিল আৰু মোৰ দৰে অনেকৰ লগত ভগৱানৰ দান, দুৰ্বাৰ প্রেম— এই ধৰণৰ শব্দৰ দোহাই দি চয়তানী। পৃথিৱীখনক আভুৱা ভাৰিব পাৰিব আবিৰে, নিজে নিজৰ কেতিয়াবা মুখা-মুখি হ’ব পাৰিবনে? হ’লে নিজক কি উত্তৰ দিব? আনক পতিয়ন নিয়াব বিচৰা দৰে নিজকো ফুচুলাব? সাংঘাটিক ধৰণৰ পৌৰষত্বৰ টান বুলিবলৈও আবিৰৰ একো নাছিল। ভালপোৱা পুৰুষজনৰ পৰা নাৰীয়ে কি বিচাৰে? বিশ্বাস, সন্মান, নিৰাপত্তা। আবিৰ সেই শব্দবোৰৰ ওচৰ চাপিব পৰা নাছিল। চেহেৰাৰে কঠিন পুৰুষ সজা সহজ। সেয়া বিকৃত হৈ পৰে যদি তাত সততা আৰু সৎসাহসৰ অভাৱ হয়। ৰূপক, চিত্ৰকল্প, প্ৰত্যয়ৰে বৰকৈ সজাই-পৰাই কোৱা আবিৰৰ কথাবোৰ নিকৃষ্ট আৰু ছলাহী আছিল। আৰু মোৰ জীৱনৰ সাফল্যখিনি?

শৰীৰ য’ত উদ্দেশ্য আৰু বিনিময় হয়, তেনে চুক্তিৰ ভেটিত প্ৰতিষ্ঠিত সাফল্য জীৱনৰ চৰম পৰাজয়। য’ত মই মোক দিবলৈ কোনো উত্তৰ নাই। সিদ্ধান্তলৈ আহিলোঁ।

আজি অনুভৱ কৰিছোঁ, চাৰিওফালৰ মানুহবোৰৰ চকুবোৰ মোক দেখিলেই কিয় ইমান অৰ্থবহ হৈ উঠে? কিয় সকলোৱে চকুৱে চকুৱে চাই কিবা বুজি উঠে? কিয় মোক ইংগিত কৰি অৰ্থবহ হাঁহি মাৰি আঁতৰি যায়! আৰু তেনে সময়ত সাফল্যৰ শিখৰত বহি তোমাৰ প্ৰেমেৰে বিধৌত, ভগৱৎ প্ৰেমৰ ভ্ৰান্তিৰে সিক্ত হৈ মই গদ্‌ গদ্‌ হৈ পৰিছিলোঁ। কোনো অৰ্থবহ চকুৱে মোক আমনি কৰিব পৰা নাছিল। বৰঞ্চ মোৰ ওঁঠেৰে বিয়পি পৰা হাঁহিত তেনে চকুৰ অজ্ঞতাৰ প্রতি পুতৌ নিগৰিছিল। কিন্তু আজি? আজি এতিয়া সত্যৰ মুখা-মুখি হৈ কি কৰিম এতিয়া মই? সেই ছোৱালীবোৰক এজনী এজনীকৈ বিচাৰি উলিয়াই ক’ম আবিৰে কেৱল মোক ভাল পায়? তাৰ পাছতো আবিৰে মোক ফুচুলাই ল’ব। কেৱল আবিৰৰ প্রতি থকা মোৰ দুৰ্বলতাৰ বাবেই!

প্রিয় বান্ধৱী, তোমাৰ ডায়েৰীখনত আজি মই মোক বিচাৰি পালোঁ। সেই অৰ্থবহ ফালৰি কাটি যোৱা চকুবোৰে যেন আজি চাৰিওফালৰপৰা মোক আগুৰি আহিছে। বিদ্ৰূপ ভৰা হীহিবোৰ অট্টহাস্য হৈ আহিছে। মই প্ৰতিষ্ঠিত হৈ থকা ভেটিটো চপৰা চপৰে খহি আহিছে। এটি অভিশপ্ত পপীয়া তৰা হৈ মই যেন খহি পৰিছোঁ আকাশৰ পৰা। উসঃ কি অপমান, কি যন্ত্ৰণা! বুজিছো! আজি বুজিছোঁ মই— আবিৰ নামৰ এক চয়তানৰ লগত সাঙোৰ খাই পৰা নামটো মই জীৱনত অৰ্জন কৰা আটাইতকৈ ডাঙৰ পৰাজয়। যাক মই পঞ্চভূতত বিলীন হোৱাৰ পাছতো হয়তো ধুই নিকা কৰিব নোৱাৰিম। মিছা অহংকাৰৰ ডাঠ কুঁৱলী ফালি আজি সত্য ওলাই আহিছে। শব্দটোৱে ডায়েৰিখন হাতৰ পৰা সৰি পৰাৰ খবৰ দিলে।

সিদ্ধান্তলৈ আহিলোঁ।

প্ৰিয় বান্ধৱী, মই তোমাতকৈ ব্যতিক্ৰম নহয়। কোনো সুস্থ মগজুৰ ছোৱালী আবিৰৰ ব্যতিক্ৰমী নায়িকাজনী হ’ব নোৱাৰে। যদি কোনোবা হয়, তেওঁলৈ শুভেচ্ছা থাকিব। সেই জগতখনত সুখী হওঁক তেওঁলোক ৷ শুভেচ্ছা থাকিল।

ইতি,

এজনী নাৰী।

Related Articles

Leave a Reply

Close