অসমশীৰ্ষ

কুটুমে খাইছে কুটুমৰ মঙহ

ৰাতুল ৰঞ্জন চৌধুৰী*

কুৰুক্ষেত্ৰ যুদ্ধৰ মহা পৰাক্ৰমী আৰু অন্যতম শক্তিশালী চৰিত্র অৰ্জুনৰ শৌৰ্য-বীৰ্য-ধনুৰ্বিদ্যাৰ সুনিপুণতা, চাতুৰ্যতা সন্দৰ্ভত সোণালী আখৰেৰে খোদিত হৈ আছে ইতিহাসৰ পাতে পাতে। কিন্তু নিয়তিৰ কি নিষ্টুৰ পৰিহাস! পৰিতাপৰ বিষয় যে বিধিৰ বিপাকত পৰাক্ৰমী অৰ্জুনো শৰবিদ্ধ হৈছিল নিজ পুত্ৰ বব্ৰুবাহনৰ ধনুৰ শৰত। 

ইতিহাসৰ পুনৰাবৃত্তি হ’ব নেকি অসমৰ বেলিকাও। আকৌ ঠগ খাব নেকি অতিথিপৰায়ণ সহজ-সৰল অসমীয়া জাতিটোৱে। সততে কোৱা হয় যে অসমীয়া জাতিটো এটা ঠগ খোৱা জাতি। আপোন বুলি যাকেই আলফুলে বোকোচাত তুলি লোৱা হয়, সিয়েই শেষত কৰে চৰম বিশ্বাসঘাতকতা, দাৰুণ প্রতাৰণা। অসমীয়া জাতিয়ে কেৱল স্মৃতিকাতৰ হৈ টোকে তপত চকুলো। হৃদয়ৰ বৰঘৰত সংগোপনে সাঁচি থ’ব লগা হয় বেদনাদায়ক যন্ত্ৰণাৰ কাঠ পুতলা। বুকুত কঢ়িয়াই ফুৰিব লাগে এখন অদৃশ্য মৰিশালি। 

অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ ইতিহাস স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ আছে। কিয়নো সংগ্রামী অসমীয়া জাতিৰ সাহস-বীৰত্ব সন্দৰ্ভত বিন্দুমাত্ৰও সন্দেহৰ অৱকাশ নাই। অসমীয়া জাতিটো এটা বীৰ জাতি। ইতিহাসৰ পাতত সহস্ৰ অসমীয়াৰ বীৰ-বীৰাংগনাৰ নাম খোদিত হৈ আছে। স্বাধীনতাৰ পূৰ্বেও অসম আছিল এখন শক্তিশালী তথা অৰ্থনৈতিকভাৱে স্বাৱলম্বী ৰাজ্য। বৰ অসমৰ বুকুত বাস কৰা অধিক শক্তিশালী কৰি তুলিছিল বৰ অসমৰ ভেটি। বৰ অসমৰ বিশাল চিন্তা-চেতনাৰে অসমীয়া জাতিটোৱে তাহানিতেই ভাষাপ্ৰেম-স্বদেশপ্ৰেমৰ বিৰল উদাহৰণ দাঙি ধৰি থৈ গৈছে। অৱশ্যে তেনে সময়তো একাংশ অসম সন্তানেই বহিঃশক্তিৰ প্ৰলোভনত ব্যক্তিগত মুনাফা লাভৰ নিকৃষ্টতম উদ্দেশ্য সন্মুখত ৰাখি জাতিক বিশ্বাসঘাতকতা কৰি আই মাতৃক ধ্বংসৰ গৰাহলৈ ঠেলি দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। লালুকসোলা, বাদুলী ফুকন, বদনকে প্ৰমুখ্য কৰি একাংশ হাড়ে-হিমজুৱে অসমীয়া সম্ভানে নিজ মাতৃভূমিক শত্ৰুৰ হাতত গতাই দি ইতিহাসৰ পৃষ্ঠাত একো একোগৰাকী কলংকিত প্রতাৰক ব্যক্তি হিচাপে যুগ-যুগান্তৰলৈকে নিজৰ নিজৰ নাম লিপিবদ্ধ কৰি থৈ গৈছে। মান আৰু মোগলক আমন্ত্ৰণ কৰি এইসকল ভণ্ডনেতা তথা অসম-শতৰুৱে কিদৰে জাতিটোৰ সহজ-সৰল মানুহখিনিৰ কঁকাল ভাঙি দিছিল, সেয়া প্রতিজন অসমীয়াই যুগে যুগে মনত ৰাখিব আৰু অসমীয়া জাতি জীয়াই থকালৈকে এওঁলোক ঘৃণা আৰু নিন্দাৰ পাত্ৰ হৈ থাকিব। জাতিৰ সংকটকালত নিজ আই মাতৃক মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰি শতৰুঃ মোগলক শৰাইঘাটৰ পৰাই খেদি পঠিয়াই অসমীয়া জাতিৰ স্বাভিমান ৰক্ষা কৰিছিল বীৰ লাচিত বৰফুকনে সেই সময়ত লাচিত বৰফুকনৰ লগত আছিল বীৰ সেনানী বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী। লাচিত বৰফুকন-বাঘ হাজৰিকাৰ ঐকান্তিক প্রচেষ্টা আৰু সুনিপুণ যুদ্ধশৈলীত মোগল সেনা সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছিল আৰু হাজাৰ হাজাৰ মোগল সৈন্যক লাচিত-বাঘ হাজৰিকাৰ নেতৃত্বত যোৱা অসমীয়া সৈন্যই শৰাইঘাটৰ ৰণত কচুকটা দি কাটি নিঃশেষ কৰিছিল। অসমীয়া জাতিৰ এই শৌৰ্য-বীৰ্য আৰু
অহংকাৰ ইতিহাসৰ পাতে পাতে সোণালী আখৰেৰে লিখা আছে আৰু অসমৰ এইসকল বীৰসন্তানৰ বীৰগাথা পঢ়ি-শুনি আজিও অসমীয়াৰ বুকু গৌৰৱত ওফন্দি উঠে। এনে পৰিপ্ৰেক্ষিতত অসমীয়া জাতিটোৱে সাহস হেৰুওৱাৰ কোনো প্রশ্নই নুঠে । আজিৰ পৰা চাৰি দশক পূৰ্বে অসমতো অসম গণ সংগ্ৰামে বিদেশী বিতাড়নৰ নামত ছবছৰীয়া এতিহাসিক আন্দোলন কৰি ৰাজপাট দখল কৰিছিল আৰু ১৯৮৫ চনত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰে দুবাৰকৈ দিছপুৰৰ সিংহাসনত বহিও উদ্ধাৰ কৰিব নোৱাৰিলে অসমীয়া জাতিৰ মান-অভিমান, মৰ্যাদা। বিদেশী খেদাৰ নামত দিছপুৰৰ ক্ষমতা কুক্ষিগত কৰা প্রফুল্ল কুমাৰ মহন্তই অসমীয়া জাতিক যিধৰণে প্রতাৰণা কৰিলে, সেয়া ব্যাখ্যাৰ নিষ্প্ৰয়োজন। কিয়নো অসমৰ মানুহে তেওঁক সৰ্বকালৰ এজন কলংকিত নেতা বুলি ইতিমধ্যে চিনাক্ত কৰি থৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ওলাই আহি জাতিক প্রতাৰণা কৰা তালিকাত কেৱল মাত্ৰ প্রফুল্ল কুমাৰ মহন্তৰ নামেই নাই, আছুৰ পাঁচজনকৈ প্রাক্তন সভাপতি, যিয়ে এটা সময়ত নিজৰ জোলোঙাত অসম চুক্তিখন কঢ়িয়াই লৈ ফুৰিছিল, তেওঁলোকেই আজি অৱস্থান কৰিছে অসম চুক্তিৰ বিপৰীত অৱস্থানত। ছাত্ৰনেতা হৈ থাকৌতে ভাটৌ চৰাইৰ দৰে জাতিটোক উদ্ধাৰৰ শ্লোগান আওৰোৱা আছুৰ প্রাক্তন সভাপতিসকলে ক্ষমতাৰ মুকুট পিন্ধিও পৰৱৰ্তী সময়ত কি কি ভূমিকা অৱলম্বন কৰিলে, তাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই। এতিয়া প্রশ্ন হ’ল— অসমীয়া মানুহে ইমানকৈ বিশ্বাস কৰা বুকুৰ মধ্যমণি বুলি ভবা এইসকল প্রাক্তন আছুনেতাই সাপে মোট সলোৱাৰ দৰে নিজৰ পূৰ্বৰ স্থিতি সলাই আনাকোণ্ডাৰ দৰে কেনেকৈ জাতিক গিলি খাবলৈ অপচেষ্টা কৰিলে, সেয়া হৃদয় বিদাৰক। কুটুমে যদি কুটুমৰ মঙহ খায়, বিশ্বাসৰ অৱকাশ দেখোন পাবলৈ নাই। সেয়েহে অসমীয়া জাতিয়ে যদি এইবাৰো আকৌ ঠগ খায়, প্রতাৰণাৰ বলি হয়, তেন্তে আই মাতৃৰ বাৰু শেষ পৰিণাম হ’ব কি? ‘কা’ বিৰোধী গণ আন্দোলনৰ বোকোচাত যদিহে এটা নতুন ৰাজনৈতিক দলৰ জন্ম হয় আৰু এই নতুন আঞ্চলিক দলটোৰ নেতৃত্বৰ বাঘজৰী যদি
পুনৰ আছুৰ হাততে থাকে, তেন্তে ইয়াৰ পৰা আন্দোলনকাৰী ৰাইজৰ বিশেষ উপকাৰ যে হ’ব, সেয়া কিন্তু অতীতৰ ইতিহাসে নকয়। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত কোৱা কথা-বতৰাৰ বিপৰীতধৰ্মী কাম-কাজেৰে ইতিমধ্যে প্রাক্তন আছুনেতাসকলে নেতাসকলে মন্ত্ৰী-বিধায়ক হোৱাৰ পাছত এক কলংকিত ইতিহাস ৰচনা কৰি থৈ গৈছে। অতীতৰ ভেটিত বৰ্তমান বৰ্তমানৰ ভেটিত ভৱিষ্যৎ— এয়া
চিৰন্তন সত্য। ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বৰ শ্ৰুতিমধুৰ ভাষণৰ ফুলজাৰিবোৰ শুনিবলৈ ৰূপকথাৰ সাধুৰ দৰে লাগে। সংগ্ৰামী ৰাইজ আপ্লুত নহৈ নোৱাৰে। অসমৰ সম্পদৰ ওপৰত প্ৰভুত্ব আৰু নিয়ন্ত্ৰণৰ কথা প্ৰতিটো ভাষণতে দোহাৰে। আছু নেতৃত্বৰ ওপৰত কিন্তু ৰাইজে এইবাৰ চকু ৰাখিব। অৱশ্যে আছুৰ পৰা ওলাই অহা প্রতিগৰাকী নেতাই অসমী আইক প্রতাৰণা কৰা নাই। আছুৰ মজিয়াৰ পৰা আহি ৰাজ্যৰ ভিন ভিন ক্ষেত্ৰত বহু সুযোগ্য সন্তানে আই মাতৃৰ সেৱা কৰি আহিছে নীৰৱে নিজানে। বহু নেতাই ৰাজনৈতিক পথাৰত নগৈও আন আন উল্লেখযোগ্য ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কৰ্মৰে অসম-ভাৰতৰ সেৱা কৰাৰ দেধাৰ উদাহৰণ আছে। অৱশ্যে অতীতৰ ভুলৰ পৰা এইবাৰৰ আছু নেতৃত্বই শিক্ষা যে নল’ব, তাকো নুই কৰিব নোৱাৰি ৷ কাৰণ ভুলৰ পৰাহে সৃষ্টি হয় বিপুল অভিজ্ঞতাৰ আৰু অভিজ্ঞতাৰ ফচল সদায় ইতিবাচকেই হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল— স্বদেশ-স্বজাতিৰ মন-
মন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা। মাতৃভাষা হেৰুওৱাৰ আতংক থাকিলে কোনো স্বাভিমানি জাতিয়ে শুই থাকিব নোৱাৰে। এয়া সূৰ্যসম সত্য।

Related Articles

Leave a Reply

Close