অসমশীৰ্ষসাহিত্য

প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি

নিউজ ডেস্ক, প্ৰথম খবৰ:  বিশিষ্ট গল্পকাৰ তথা ৰাজ্যৰ প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। অসম সাহিত্য সভাৰ আগন্তুক শুৱালকুছি অধিৱেশনত সভাপতিত্ব কৰিব শইকীয়াই। হোজাইৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ চলিত কাৰ্যকালৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত অনুষ্ঠিত ভোটগণনাত সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নাম ঘোষিত হয়। সেই অনুসৰি কুলধৰ শইকীয়া সভাপতি, মৃণালিনী দেৱী উপ-সভাপতি আৰু যাদৱ শৰ্মা প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত হয়। সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সাতগৰাকী প্ৰাৰ্থীৰ ভিতৰত কুলধৰ শইকীয়াই ২৬৯টা, সূৰ্য হাজৰিকাই ৭৪টা, প্ৰহ্লাদ চন্দ্ৰ তাছাই ৮৮টা, ডঃ বসস্ত কুমাৰ গোস্বামীয়ে ৪৬টা, ডঃ কৰবী ডেকা হাজৰিকাই ৭৫টা আৰু ডঃ জয়শ্ৰী গোস্বামী মহন্তই ৬৭টা ভোট লাভ কৰাৰ বিপৰীতে পখিলা কলিতাই এটাও ভোট লাভ নকৰিলে।

আনহাতে, উপ-সভাপতি ৰূপে নিৰ্বাচিত মৃণালিনী দেৱীয়ে ৩০৮টা ভোট লাভ কৰাৰ বিপৰীতে ডঃ বসন্ত কুমাৰ শৰ্মাই ১৫২টা, পদুমী গগৈয়ে ৯৬টা আৰু ৰতিমোহন নাথে ৬৩টা ভোট লাভ কৰে। প্ৰধান সম্পাদক ৰূপে নিৰ্বাচিত যাদৱ চন্দ্ৰ শৰ্মাই ৩২৩টা ভোট লাভ কৰাৰ বিপৰীতে দেৱজিৎ বৰাই ২৫৫টা আৰু হৰেন্দ্ৰ কলিতাই ৩৬টা ভোট লাভ কৰে।

কাৰ্যনিৰ্বাহক সভাত অন্যান্য বিষয়ৰ লগতে ‘কা’ বিৰোধী আন্দোলন অব্যাহত থকাৰ পোষকতা কৰাৰ লগতে মৰিগাঁও, বঙাইগাঁও, তিনিচুকীয়া, নগাঁও জিলা সমিতিয়ে আগন্তুক অধিৱেশনত সভাৰ মজিয়াত ৰাজনৈতিক নেতাৰ প্ৰৱেশত তীব্ৰ বিৰোধিতা কৰে। সাংবাদিকৰ লগত মুখামুখি হোৱাত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয়— ‘কা’ বাতিল নোহোৱালৈকে অসম
সাহিত্য সভাৰ ‘কা’বিৰোধী ইতিবাচক আন্দোলন চলি থাকিব। ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা অসম আন্দোলনৰ যতি টানিব লাগিব জাতিৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনেৰে। বৰ্তমান জাতিৰ সংকটৰ মুহূৰ্তত সাহিত্য সভাই বৌদ্ধিক দিশেৰে ৰাজাৰ জনগণক সন্মান জনাই জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ইতিবাচক ভূমিকাৰো কাৰ্যপন্থা ল’ব। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে জাতিক সংকটৰপৰা মুক্ত কৰিবলৈ জাতিৰ ভাষা, কৃষ্টি, সংস্কৃতিক ৰক্ষাৰ বাবে আজি ৰাজাজুৰি যি জনজাগৰণৰ জোৱাৰ উঠিছে, অসমৰ অসমীয়া ভাষাক প্ৰধান ভাষা হিচাপে লৈ আন আন ভাষাসমূহৰ সাংবিধানিক সুৰক্ষা দিয়াৰ মাধ্যমেৰেহে যতি টানিব লাগিব বুলি সাহিত্য সভাৰ সভাপতিজনে মন্তব্য প্রকাশ কৰে।

Related Articles

Leave a Reply

Close