অসমশীৰ্ষ

বড়ো ইউটিচিত সোমাব লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বনাথ!

নিউজ ডেস্ক, প্ৰথম খবৰ: বড়োভূমিক ইউনিয়ন টেৰিটৰিয়েল কাউন্সিললৈ পৰিৱৰ্তন কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰতিবাদ-প্ৰতিক্ৰিয়া অব্যাহত আছে। ৰঞ্জন দৈমাৰীৰ জামিনৰ পিছত এতিয়া বড়ো শান্তি চুক্তিৰ বাবে আগবাঢ়িছে কেন্দ্ৰ। অসমৰপৰা বড়োভূমিক পৃথক কৰি ইউনিয়ন টেৰিটৰিয়েল কাউন্সিলৰূপে গঠন কৰিলে সমগ্ৰ অঞ্চলটো ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ’ব বুলি মন্তব্য কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই।

ইফালে, এনডিএফবিৰ সৈতে কেন্দ্ৰই কৰা শান্তি চুক্তিৰ অন্তত বড়োভূমিয়ে কি কি লাভ কৰিব পাৰে। তাক লৈয়ো জল্পনা কল্পনা আৰম্ভ হৈছে। ধাৰণা কৰা হৈছে, শান্তি চুক্তিৰ অন্তত বড়োভূমিয়ে লাভ কৰিব নতুন তিনিখন জিলা। বৰ্তমানৰ কোকৰাঝাৰ জিলাক দ্বিখণ্ডিত কৰি গঠন কৰা হ’ব কোকৰাঝাৰ আৰু গোসাইগাঁও জিলা। বাক্সা জিলা দুটা খণ্ডত ভাগ হৈ বাক্সা আৰু মানস নামৰ দুখন নতুন জিলা হ’ব। আনহাতে শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ কিছু অঞ্চল সামৰি মাইনৌশ্ৰী আৰু হলঙি নামৰ দুখন পৃথক জিলা গঠন কৰাৰ সম্ভাৱনাক লৈ তিনিখন জিলাত চেপা উৎকণ্ঠাৰ সৃষ্টি হৈছে।

উত্তৰ পূব পৰিষদৰ সদস্যতা লাভ কৰাৰ উপৰি অঞ্চলটোত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিব আৰু অঞ্চলটোত বিভিন্ন নিযুক্তি প্ৰক্ৰিয়া তথা অন্যান্য কাম-কাজত বড়ো জনতাই ৬৫শতাংশ সংৰক্ষণ লাভ কৰাৰো সম্ভাৱনা আছে। অসম লোকসেৱা আয়োগৰ দৰে বড়ো লোকসেৱা আয়োগ গঠনৰো সম্ভাৱনা আছে। 

Related Articles

Leave a Reply

Close