শীৰ্ষৰাষ্ট্ৰীয়

গাঁৱলৈ ফুৰিবলৈ যাওঁ ব’লক

আনন্দ-বিনোদনৰ বাবে আমি সকলোৱে ক’ৰবালৈ নহয় ক’ৰবালৈ ফুৰিবলৈ যাওঁ। বহুতেই বছৰটোত অন্ততঃ এবাৰ ক’ৰবালৈ নহয় ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰে। হয়তো পাঠকসকলেও পৰিকল্পনা কৰিছে ২০২০ বৰ্ষত ক’ৰবালৈ যাবলৈ। কিন্তু ক’লৈ গ’লে আপুনি আপোনাৰ বিনোদনৰ সময়খিনি ভালদৰে অতিবাহিত কৰিব পাৰিব, তাৰ বিষয়ে অলপ আভাস দিবলৈ এই লেখাৰ জৰিয়তে চেষ্টা কৰা হৈছে। ২০১৭ বৰ্ষত অধিকসংখ্যক দেশী-বিদেশী পৰ্যটকে ভ্ৰমণ কৰা ৰাজ্যসমূহ হৈছে ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, পশ্চিমবংগ, কেৰালা, বিহাৰ, কৰ্ণাটক, গোৱা আদি। ভাৰতবৰ্ষৰ এনে ১০খন ধুনীয়া গাঁৱৰ বিষয়ে অৱগত কৰিছে প্ৰদীপ গগৈয়ে।

এক. পোভাৰ: (পোভাৰ হৈছে কেৰালাৰ তিৰুৱনন্তপূৰম জিলাৰ এখন সুন্দৰ ঠাই। যিখন ঠাই ধুনীয়া হোৱাৰ উপৰি চাফ-চিকুণো। এই ঠাইখনলৈ যাব বিচাৰিলে অক্টোবৰৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত যাব পাৰে। তালৈ গ’লে পোভাৰ বাচ্চত জিৰণি, নৌকাবিহাৰ, আবিমালা শির মন্দিৰ ভ্ৰমণ কৰিব পাৰিব। তাত থকাৰ বাবে হোটেলৰ ব্যৱস্থা আছে। পৰ্যটকসকলে ৰে’ল, আকাশীয়ান আদিৰ জৰিয়াতে ভ্ৰমণ কৰিব পাৰিব।

দুই. মালানা: হিমাচল প্ৰদেশৰ মালানা এখন অতি ধুনীয়া ঠাই। য’ত আপোনালোকে দেখিবলৈ পাব কুঁৱলিয়ে ঢকা পৰ্বত। মালানা ভ্ৰমণ কৰিবলৈ বছৰি বহু পৰ্যটক আহে। মালানা ভ্ৰমণ কৰাৰ উপযুক্ত সময় হৈছে জুন আৰু ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহ।

তিনি. কাছল: হিমাচলৰ আন এখন ধুনীয়া ঠাই হৈছে কাছল। কাছল ভ্ৰমণৰ উপযুক্ত সময় হৈছে এপ্ৰিল, মে’, অক্টোবৰ, নৱেম্বৰ মাহ। কাছলত থাকিয়েই কেম্পিং কৰাৰ উপৰি ধুনীয়া গাঁওসমূহ পৰিদৰ্শন কৰিব পাৰিব।

চাৰি. মুনছিয়াৰি: ভাৰতবৰ্ষৰ ধুনীয়া গাওঁসমূহৰ ভিতৰত এখন অতি মনোনোহা গাঁও হৈছে মুনছিয়াৰি। উত্তৰাখণ্ডৰ এই গাঁওখনতে বছৰত বহু দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে। গাঁওখনৰ প্ৰাকৃতিক সৌন্দযই মুগ্ধ কৰে প্ৰতিগৰাকী পৰ্যটকক। সেই গাঁওখন
ভ্ৰমণ কৰাৰ উত্তম সময় হৈছে মাৰ্চৰ পৰা জুন আৰু ছেপ্টেম্বৰৰ পৰা অক্টোবৰ। মুনছিয়াৰিলৈ দিল্লীৰপৰা পথেৰে বাব বিচাৰিলে দূৰত্ব হয় ৬৫০ কিলোমিটাৰ।

পাঁচ. আলমৰা: উত্তৰাখণ্ডৰ আন এখন ধুনীয়া সেউজীয়া গাঁও হৈছে আলমৰা। যিখন ঠাইৰ বতাহ, বায়ু সম্পূৰ্ণ নিৰ্মল। আলমৰালৈ গ’লে আপোনালোকে দৰ্শন কৰিব পাৰিব নন্দা দেৱী, কাছাৰ দেৱী চিতাই গলু দেৱতা মন্দিৰ। অ’গজ আৰু পাইন গছৰ তলে তলে সেউজীয়া প্ৰকৃতিৰ মাজত খোজ কাঢ়ি আনন্দ লাভ কৰিব পাৰিব। স্থানীয় লোকে প্ৰস্তুত কৰা বিভিন্ন পোছাক ক্ৰয় কৰিব পাৰিব। এই গাঁওখনলৈ যোৱাৰ উত্তম সময় হৈছে এপ্ৰিলৰপৰা জুন আৰু ছেপ্টেম্বৰৰপৰা নৱেম্বৰ।

ছয়. মাউলিনং: গছৰ শিপাৰ দলং চোৱাৰ ইচ্ছা থাকিলে মেঘালয়ৰ মাউলিনঙলৈ যাব পাৰে। শ্বিলঙৰপৰা মাত্ৰ ৯০ কিলোমিটাৰ দূৰত্বত আছে মাউলিনং। এই গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গাঁওখনত থকা নিজৰা, গাঁওখনৰ চাফ-চিকুণতাই পৰ্যটকক আকৰ্ষণ কৰে। শ্বিলঙৰপৰা টেক্সি লৈও পৰ্যটকসকলৈ মাওলিনঙলৈ যাব পাৰে।

সাত. নাকো: তিব্বত সীমাৰ এখন ধুনীয়া ঠাই হ’ল নাকো। নাকোলৈ গ’লে পৰ্যটকসকলে ট্ৰেকিং কৰিব পাৰিব। তিনিৰপৰা চাৰি ঘণ্টা ট্ৰেকিং কৰি টাচিগাং গাঁৱলৈ যাব পাৰিব। লাডাখী আৱাসীৰ জীৱনৰ সোৱাদ লোৱাৰ উপৰি গাঁওবোৰত থকা শিলৰ ঘৰবোৰ চাব পাৰিব। ইয়ালৈ যোৱাৰ উচিত সময় হৈছে জুলাইৰপৰা আগষ্ট মাহ।

আঠ. জিৰ’: অৰুণাচল প্ৰদেশৰ এখন ধুনীয়া ঠাই হৈছে জিৰ’। জিৰ’লৈ প্ৰতিবছৰে হাজাৰ বিদেশীৰ আগমন ঘটে। জিৰ’লৈ যোৱাৰ বাবে পৰ্যটকৰ আইএলপিৰ প্ৰয়োজন হ’ব। জিৰ’লৈ ইটানগৰৰপৰা পথেৰে গ’লে তিনি ঘণ্টা সময় লাগিব আৰু গুৱাহাটীৰপৰা বাছেৰে ইটানগৰলৈ গৈ জিৰ’লৈ যাব পাৰিব।

ন. য়ানা: কৰ্ণাটকৰ এখন কৃষিভিত্তিক ঠাই হ’ল য়ানা। য়ানাৰ বিভ’তি ৱাটাৰ ফলে দেশী-বিদেশী পৰ্যটকক আকর্ষণ কৰে। এই ঠাইখনলৈ যোৱাৰ উত্তম সময় হৈছে জানুৱাৰী, ছেপ্টেম্বৰ আৰু অক্টোবৰ।

দহ. ৱালপাৰাই: তামিলনাডুৰ এখন উত্তম ঠাই হৈছে ৱালপাৰাই। ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা পোৱাৰ উপৰি গাইড অবিহনে ট্ৰেকিং কৰিব পাৰিব। বন্য জন্তু আৰু প্ৰকৃতি ভালপোৱাসকলে ফটোগ্ৰাফী কৰিব পাৰিব। এই ঠাইখনলৈ যোৱাৰ উপযুক্ত সময় হৈছে মে’ৰপৰা ছেপ্টেম্বৰ মাহ।

Related Articles

Leave a Reply

Close