অসমশীৰ্ষ

ভাৰতীয় সেনা, সন্মান আৰু এখন হোটেল

অপৰ্না ঘোষ, চাপৰ, ধুবুৰী

টিভিৰ পৰ্দাত আমি বহুতো হিৰো দেখা পাওঁ কিন্তু প্ৰকৃততে হিৰো হ’ল আমাৰ সৈন্যবাহিনী সকল। আজি‌ যদি আমি সুৰক্ষিত, আজি যদি আমি শান্তিৰে জীৱন-যাপন কৰি আছো, আজি যদি আমি নিশ্চিন্ত মনে ফুৰি আছো তাৰ বাবে আমাৰ সৈন্যবাহিনী সকল ধন্যবাদৰ পাত্ৰ। আমাক নিৰাপত্তা দিয়া সৈন্যবাহিনীক প্ৰকৃততে আমি কিমান সন্মান দিছো? তেওঁলোকৰ সন্মানৰ বাবে আমি কিবা কৰিব পাৰিছোনে? কিন্তু এজনে কিবা এটা কৰি দেখুৱালে। গোৱালপাৰা চহৰত সুবল বছাক নামৰ এজন যুৱকে ‘বেংগলী কিচে্ন’ নামৰ এখন হোটেল খুলি তাত ভাৰতীয় সেনা বাহিনীৰ বাবে খাদ্য সম্পূৰ্ণ ভাবে বিনামূলীয়াকৈ যোগান ধৰে। গোৱালপাৰাৰ ডি.টি.অ অফিচৰ কাষতে থকা‌ ‘বেংগলী কিচে্ন’ নামৰ হোটেল খনত ভাৰতীয় সেনাই আহাৰ গ্ৰহণ কৰিলে দিব নালাগে খাদ্যৰ কোনো মূল্য। হোটেল খনৰ মালিক সুবল বছাকৰ ভাৰতীয় সেনা বাহিনীত যোগদান কৰাৰ সপোন আছিল যদিও সেই সপোনটো বাস্তৱলৈ ৰূপান্তৰিত নহ’লে কিন্তু তাৰ বাবে তেওঁ ভাৰতীয় সেনাৰ প্ৰতি থকা তেওঁৰ সন্মান কমি যাবলৈ নিদিলে আৰু আজিৰ পৰা প্ৰায় দুবছৰমান আগত তেওঁ এখন হোটেল আৰম্ভ কৰিলে য’ত তেওঁ ভাৰতীয় সেনাই আহাৰ গ্ৰহণ কৰিলে সেই আহাৰৰ মূল্য নলয় বুলি সিন্ধান্ত গ্ৰহণ কৰিলে। ‘বেংগলী কিচে্নত’ বিনামূলীয়া আহাৰ কেৱল কৰ্তব্যৰত সেনা-জোৱানৰ বাবেহে যোগান ধৰা হয়। ইয়াৰ পিছতে বহু সেনা বিষয়া আৰু সেনা জোৱানে বেংগলী কিচে্নলৈ আহি এই সন্মানৰ বাবে সুবল বছাকক ধন্যবাদ জ্ঞাপন কৰে। ভাৰতীয় সেনাই সুবল বছাকৰ এই পদক্ষেপত সলাগ লয়। এক আলোচনাত সুবল বছাকে কয় যে, তেওঁৰ ভাৰতীয় সেনাত যোগদানৰ সপোন যদিও বাস্তৱ হোৱা নাছিল কিন্তু তেওঁৰ ভাৰতীয় সেনাৰ প্ৰতি থকা সন্মান দিনক দিনে বৃদ্ধি পাবলৈ ধৰিলে। তেওঁ কয় যে, আমাৰ সেনা-জোৱান সকলে আমাৰ নিৰাপত্তাৰ বাবে কষ্ট কৰে, বৰফে আৱৰি থকা চিয়াচিণ পাহাৰত নিজৰ কৰ্তব্য পালন কৰি আমাক সুৰক্ষা দিয়ে তেতিয়াহলে আমি তেওঁলোকৰ বাবে কিয় একো কৰিব নোৱাৰোঁ। লগতে তেওঁ কয় যে তেওঁৰ যেতিয়ালৈকে সামৰ্থ আছে তেওঁ নিজৰ পকেটৰ পইচাৰে‌ ভাৰতীয় সেনাক বিনামূলীয়া আহাৰ যোগানৰ ব্যৱস্থা কৰিয়ে থাকিব। এই ক্ষেত্ৰত তেওঁ চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় বিচৰা নাই। তেওঁ নিজাববীয়াকৈ এই কাৰ্য চলাই যাব বুলি জনায়। তেওঁ আকৌ জনায়, তেওঁ আন এখন হোটেল নিৰ্মাণ কৰি আছে য’ত তেওঁ কেৱল ভাৰতীয় সেনা বাহিনীৰ বাবেই নহয়, ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ বাবেও বিনামূলীয়া খাদ্য যোগান ধৰিব বুলি বিবেচনা কৰিছে। ভাৰতীয় সেনাই সুবল বছাকৰ কাৰ্যত অতিকৈ সুখী হৈ যিকোনো সহায়ৰ বাবে হাত‌ আগবঢ়াব বুলি মন্তব্য কৰে। বৰ্তমান ছ’ছিয়েল মিডিয়াৰ যুগত সুবল বছাকে ভাৰতীয় সেনাক ছ’ছিয়েল মিডিয়াত প্ৰশংসা কৰাতকৈ যি বাস্তৱৰূপী পদক্ষেপ ল’লে সেয়া সঁচাকৈ প্ৰশংসনীয়।

Related Articles

Leave a Reply

Close