শেহতীয়া
Home / Author Archives: Chakradhar Barkakati

Author Archives: Chakradhar Barkakati

প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাৱটিলে মহিলা চাহ শ্রমিকে, তদন্ত ঘোষণাৰ দাবী চাহ শ্ৰমিক সংঘৰ

প্ৰথম খবৰ, বৰগাং: বিশ্বনাথ জিলাৰ বিহালী সমষ্টি অন্তৰ্গত ৰঙাগড় চাহ বাগিচাৰ চম্পা মুণ্ডা নামৰ এগৰাকী মহিলা শ্রমিকে প্ৰায় তিনি মাহ ধৰি বাগিচাৰ হস্পিলাত ভুল চিকিৎসাৰ বলি হৈ মৃত্যুক সাৱটি ল’ব লগা কৰুণ ঘটনা পোহৰলৈ আহিছে। অভিযোগ মতে, বাগিচাৰ হস্পিতালত কোনো ...

Read More »

গন্ধিয়াত ৬২ সংখ্যক ভঠেলি উৎসৱৰ আয়োজন

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: নলবাৰী জিলাৰ জ্যোতিষ চৰ্চাৰ প্ৰাণ কেন্দ্ৰ গন্ধিয়াত অহা ২১ ব’হাগত দিনজোৰা কাৰ্যসূচীৰে ৬২ সংখ্যক ভঠেলি উৎসৱৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। এই উপলক্ষে কৈলাস শৰ্মাক সভাপতি, বসন্ত শৰ্মা, পুলিন চক্ৰৱৰ্তীক উপ সভাপতি, প্ৰৱাল শৰ্মাক সম্পাদক হিচাপে লৈ ...

Read More »

মৈৰাবাৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক অনুষ্ঠান ব্ৰাদাৰ্ছৰ উদ্দোগত সজাগতা সভা

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক অনুষ্ঠান”ব্ৰাদাৰ্ছ”ৰ উদ্দ্যোগত আৰু মৰিগাও জিলা আৰক্ষীৰ সহযোগত আজি দিনৰ ২ বজাত জিলাখনৰ নৈ কাষৰীয়া অঞ্চল মৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নাৰীৰ অপৰাধজনিত ঘটনা সমূহ ৰোধ কৰিবলৈ এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।সামাজিক অনুষ্ঠানটোৱে “জনজাগৰণ অভিযান” নামেৰে নামাকৰণ কৰা সজাগতা সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক আ:মন্নানে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক অনুষ্ঠানটোৰ প্ৰধান সচিব দিব্যজ্যোতি শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি  সম্প্ৰতি সমাজত বৃদ্ধি পাই অহা অন্ধ বিশ্বাস, ডাইনী হত্যা, বাল্যবিবাহ, সাম্প্ৰদায়িকতা আৰু নাৰীজনিত অপৰাধসমূহ কেনেদৰে ৰোধ কৰিব পাৰি সেই বিষয়ে বিতং বক্তব্য আগবঢ়ায়। মৰিগাঁও জিলাৰ আৰক্ষী আধীক্ষক স্বপ্নানীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰ্না নটৰাজন আৰু উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীকে আদি কৰি কেইবাজনো বক্তাই ...

Read More »

পূৰ্ব জন্মৰ পূণ্যৰ ফলতহে নাৰ্ছ হ’ব পাৰি: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

প্ৰথম খবৰ, নলবাৰী: নাৰ্চ বৃত্তি মহান বৃত্তি। পূৰ্বজন্মৰ পূণ্যৰ ফলতে নাৰ্চ হ’ব পাৰি। চিকিৎসক সকলে ৰোগীক চিকিৎসা কৰাৰ পিচত নাৰ্চ সকলেহে ঘন্টাৰ পিচত ঘন্টা ধৰি সেৱা আগবঢ়াই ৰোগীক সুস্থ কৰি তোলে। এই মন্তব্য ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু পৰিৱহন মন্ত্ৰী চন্দ্ৰমোহন ...

Read More »

কমাৰকুছিত আৰক্ষীৰ উদ্যোগত সজাগতা সভা সম্পন্ন

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ উদ্যোগত ৰবিবাৰে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। কমাৰকুছিৰ উত্তম চন্দ্ৰ বুনিয়াদী বিদ্যালয় প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত সভাত বৃহত্তৰ বৰভাগৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে ...

Read More »

ধুবুৰীত এন আৰ চিৰ নামত টকা সংগ্ৰহ, দুই চৰকাৰী কৰ্মচাৰী আটক

প্ৰথম খবৰ, ধুবুৰী: ধুবুৰীৰ শিক্ষা পৰিৰ্দশকৰ কাৰ্য্যালয়ৰ এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা টকা বিচৰাৰ অভিযোগত দুজন চৰকাৰী কৰ্মচাৰী আটক হৈছে। ভূক্তভোগীৰ অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে আটক কৰিলে স্বপন দত্ত আৰু ফিৰদুছ জামান নামৰ দুজন চৰকাৰী কৰ্মচাৰীক। এন আৰ চি ...

Read More »

মহিলাসকলৰ বিয়া নাম, উৰুলিৰ ধ্বনিৰে মুখৰিত কুঁহিপাত গোষ্ঠীৰ বিহুতলী

প্ৰথম খৱৰ, জাজৰি: পোন প্ৰথম বাৰৰ বাবে নগাঁৱৰ নতুন ভোগবাৰীত পাতনি মেলা কুঁহিপাত গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে অায়োজিত হয় কিছু ব্যতিক্ৰমী অনুষ্ঠান। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱ অনুষ্ঠিত হয় নতুন ভোগবাৰী সত্ৰৰ খেলপথাৰত। প্ৰথম দুদিন কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ...

Read More »

বেইলি দলঙৰ ওপৰেদি গধুৰ বাহন চলাচলত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ, প্ৰথম খবৰ: ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাই নৈৰ ওপৰেদি যোৱা বেইলি দলঙৰে পাৰ হোৱা যান বাহনৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনৰ লগতে জিলা উপায়ুক্ত ঘনশ্যাম দাসে কালি আৰু ৰবিবাৰে মেমো নম্বৰ জি এম জি ১০/২০১৮/১২৪ আৰু জি এ জি ...

Read More »

গুৱাহাটীত আন্ত: মাণ্ডলিক কাবাদী প্ৰতিযোগিতা

প্ৰথম খবৰ, ৰঙিয়া: কেন্দ্ৰীয় বিদ্যালয়, সংগঠনৰ উদ্যোগত গুৱাহাটী আন্তঃ মাণ্ডলিক কাবাদী প্ৰতিযোগিতা এইবেলি অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলত গুৱাহাটী বৰঝাৰৰ এয়াৰফৰ্চ কেন্দ্ৰীয় বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব। ১৬ আৰু ১৮ বছৰ অনুৰ্ধৰ ল’ৰা ছোৱালীৰ কাবাদী প্ৰতিযোগিতাখনী পৰিচালনাৰ বাবে অসম কাবাদী সন্থাই ...

Read More »

ধুবুৰীত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, ধুবুৰী: ধুবুৰীৰ বেৰভাঙিৰ চৰ আৰু মহামায়াৰ চৰৰ মাজৰ ব্ৰহ্মপুত্ৰ চাপৰিত ৰবিবাৰে উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে এই মৃতদেহ। যোৱা ১৯ এপ্ৰিলত যাত্ৰীবাহী লঞ্চৰ শৌচাগাৰৰ পৰা পৰি সন্ধানহীন হৈছিল দক্ষিণ শালমাৰাৰ হাজিৰ হাটৰ সদাগৰ আলী নামৰ ...

Read More »