শেহতীয়া
Home / Author Archives: Chakradhar Barkakati (page 20)

Author Archives: Chakradhar Barkakati

চেঙাৰ বালাৰট্টাৰীত যুৱ ব্যৱসায়ীৰ আত্মহনন

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালাৰট্টাৰী গাঁওত বৃহস্পতিবাৰে এক আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বালাৰট্টাৰী গাঁওৰ মমৰেজ খানৰ পুত্ৰ চফিকুল খানে(২৪) যোৱা নিশা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰত চিপ লৈ আত্মহত্যা ...

Read More »

দৰঙত ধুমুহাৰ তাণ্ডৱ, এজনৰ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ

আন্ধেৰীঘাটৰপৰা হলধৰ চহৰীয়া, প্ৰথম খবৰ: বৃহস্পতিবাৰে আবেলি এজাক প্ৰচণ্ড ধুমুহাই মহতিয়াই নিয়ে দৰঙৰ বিস্তৃৰ্ন অঞ্চল। উৰুৱাই নিয়ে বহুতো ঘৰ-বাৰী গছ-গছনি। তাৰ মাজতে এজনে সাবতি ল’লে কৰুণ মৃত্যু। বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বামুনঝাৰ নিবাসী প্ৰসন্ন ৰাজবংশী (৫০)অইন দিনাৰ দৰে আজিও আহিছিল তামোলৰ ...

Read More »

পথ নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ, ৰাইজে আৱদ্ধ কৰিলে ডাম্পাৰ

প্ৰথম খবৰ, ডিমাকুছি: ওদালগুৰি জিলাৰ-তামুলপুৰ পথ নিৰ্মাণ বৰ্তমান পুৰ্নগতিত চলি আহিছে কিন্তু এই পথ নিৰ্মাণকাৰী ঠিকাদাৰে পথ নিৰ্মাণৰ বাবে পথত পানী নিদিয়াৰ বাবে অঞ্চলটোৰ জনসাধৰণে জ্বলাকলা খাই আহিছে৷ সাধাৰণতে পথ নিৰ্মাণৰ লগে লগে ঠিকাদাৰে পথত পানী দিব লাগে আৰু অঞ্চলবাসীক ...

Read More »

ঢকুৱাখনাত কেইবাখনো আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত ৬ খনকৈ উল্লেখযোগ্য আঁচনি শুভাৰম্ভণি কৰিলে মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই আঁচনি সমূহৰ ভিতৰত নতুন আৱৰ্ত্ত ভৱন, পঞ্চায়তৰ আৰু গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰ (SIPRD), খজুৱা তিনিআলিৰ পৰা ঢকুৱাখনা চাৰিআলি ...

Read More »

আন্ধেৰীঘাটত বজ্ৰপাতত গুৰুতৰভাৱে আহত এজন

আন্ধেৰীঘাটৰপৰা হলধৰ চহৰীয়া, প্ৰথম খবৰ: দৰং জিলাৰ পশ্চিম প্ৰান্তত বৃহস্পতিবাৰে আবেলি ৪.৩০ মান বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই জোকাৰি গ’ল সমগ্র অঞ্চল। ধুমুহাৰ সতে অহা বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় এজন। বামুনঝাৰ নিবাসী প্ৰসন্ন ৰাজবংশীয়ে অইন দিনাৰ দৰে বৃহস্পতিবাৰেও তামোল বিক্ৰি ...

Read More »

কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী

প্ৰথম খবৰ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত বৃহস্পতিবাৰে চোৰাংচিকাৰী বিৰোধী অভিযানৰ সময়ত গঁড়ৰ আক্ৰমণত আহত হয় অশোক কলিতা নামৰ বনকৰ্মীজন। উদ্যানৰ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই জানিব দিয়া ম’তে, যোৱা ৩ এপ্ৰিলৰ নিশা বাগৰি বনাঞ্চলৰ মালনি বনশিৱিৰ এলেকাত ...

Read More »

নলবাৰী চহৰৰ উন্নয়নৰ ফোপোলা স্বৰুপ, পৌৰপতিক স্মাৰকপত্ৰ ছাত্র সন্থাৰ

প্ৰথম খবৰ, নলবাৰী: দেশে স্বাধীনতা লাভ কৰাৰ ৭১ বছৰ পিচতো নলবাৰী জিলাৰ সদৰ নলবাৰী চহৰৰ সামগ্ৰিক উন্নয়ন স্থবিৰ হৈ থকা বিষয়টোত সৰব হৈ পৰিছে নলবাৰী আঞ্চলিক ছাত্র সন্থা। সন্থাৰ উপদেষ্টা ভৱজিৎ বেজবৰুৱা, ভাৰপ্ৰাপ্ত সভাপতি ৰুবুল বৰ্মন আৰু সাধাৰণ সম্পাদক নীলকমল ...

Read More »

নলবাৰীত নিশা ৰাষ্ট্ৰীয় ঘাই পথত উদ্ধাৰ মদ্যপায়ী যুৱতী

প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ চহৰৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় পথৰ কৈৰাৰা চকত যোৱা নিশা গুৱাহাটীৰ পৰা অহা যুৱতী এগৰাকীক এখন কাৰৰ পৰা নমাই পেলাই থৈ যায় দুই যুৱকে৷ যুৱতী গৰাকীয়ে এখন চুইফট ডিজিয়াৰ দুই যুৱকৰ লগত গুৱাহাটীৰ পৰা আহিছিল। আৰক্ষী ...

Read More »

নলবাৰীত বোৱাৰীক নিৰ্যাতন, থানাত গোচৰ

প্ৰথম খবৰ, নলবাৰী: সন্তানহীনতাৰ বাবে এগৰাকী বোৱাৰীক শহুৰৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনাই নলবাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনকি নিৰ্যাতিতা মহিলা গৰাকীয়ে যোৱা নিশা ন্যায় বিচাৰি নলবাৰী থানাত এখন এজাহাৰ দাখিল কৰে। নলবাৰী জিলাৰ মদন মোহন সখোৱাত সংঘটিত হৈছে এই জঘন্য ...

Read More »

দৰঙত হঠাৎ হোৱা ধুমুহাত বিস্তৰ ক্ষতি

প্ৰথম খবৰ, মঙ্গলদৈ: বৃহস্পতিবাৰে হঠাৎ অহা ধুমুহাই দৰঙৰ বিভিন্ন অঞ্চলত ঘৰ দুৱাৰ দোকান ভাঙি থানবান কৰি থৈ যায়। বিভিন্ন ঠাইত বিদ্যুতৰ তাৰ খুটা ভাঙি পৰে আৰু বিভিন্ন ঠাইত গছ ভাঙি পৰাত যাতায়তৰ সমস্যা হয়।  

Read More »