শেহতীয়া
Home / অসম (page 1346)

অসম

ছয়গাঁওত চলন্ত বাছত খুন্দাত থিতাতে নিহত এজন

প্ৰথম খবৰ, ছয়গাঁও: বুধবাৰে সন্ধিয়া কামৰূপ জিলাৰ ছয়গাঁৱত চলন্ত যাত্ৰীবাহী বাছত খুন্দিয়াই এখন ট্ৰাকে। ফলত থিতাতে নিহত হয় বাছৰ ভিতৰৰ আসনত বহি থকা এজন যাত্ৰী। লোকজনক গৌৰিপুৰ থানাৰ অন্তৰ্গত বাণিয়াবাৰীৰ ভাচা শেখ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, ধুবুৰীৰ ...

Read More »

শ শ ভক্তৰ আৰিয়া প্ৰজ্বলনৰে বেঙেনাআটী সত্ৰ সবাহ আৰম্ভ

জুলিমা ডেকা, প্ৰথম খবৰ, গোৰেশ্বৰ: বাগসা জিলাৰ গোৰেশ্বৰৰ ঐতিহাসিক বেঙেনাআটী সত্ৰত আজিৰে পৰা আৰম্ভ হৈছে বেঙেনাহআটী সত্ৰ সবাহ। আজি সন্ধিয়া শ শ ভক্তই সত্ৰখনিত মনোকামনা পূৰণৰ অৰ্থে প্ৰজ্বলন কৰে শাৰী শাৰী আৰিয়া। সৰিয়হৰে প্ৰজ্বলন কৰা শাৰী- শাৰী আৰিয়াই প্ৰতিকূল বতৰকো ...

Read More »

২৪ এপ্ৰিলত ত্ৰিপাক্ষিক বৈঠক

প্ৰথম খবৰ, বঙাইগাৱ ব্যুৰ’: অহা ২৪ এপ্ৰিল,২০১৭ ইং তাৰিখে, নতুন দিল্লীৰ নৰ্থ ব্লকত আবেলি তিনি বজাত ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আক্ৰাছুৰ ৰাজনৈতিক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব।

Read More »

চামগুৰিত মৃতদেহ উদ্ধাৰ

দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ, পুৰণিগুদাম: নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাঘবৰালি অঞ্চলত আজি বিয়লি এটা পৰিত্যক্ত কুঁৱাৰ পৰা এজন যুৱকৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে৷মৃতদেহটো বাঘবৰালি অঞ্চলৰ আন্দাকানা উংৰা (২৬) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ জন্মগতভাৱে অন্ধ যুৱক জন যোৱা ১৬ ...

Read More »

দীপক দাহালৰ আকস্মিক বিয়োগ

ধনদ্বীপ বৰা, প্ৰথম খবৰ, ওদালগুৰি: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নেতা তথা ওদালগুৰিৰ  অধিবক্তা দীপক দাহালৰ  (৩৮) আকস্মিক বিয়োগ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কিছুসময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় গোৰ্খা নেতাজনে।  দাহালৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে শোকস্তব্ধ  ওদালগুৰি।

Read More »

ডিমৌৰ শিঙিয়নীত দেউৰী বিহু

প্ৰথম খবৰ, ডিমৌ: ব’হাগৰ প্ৰথমটো বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌৰ শিঙিয়নীতো উলহ-মালহেৰে দেউৰী বিহু উদযাপন কৰা হয়। পুৱাৰেপৰা ডেকা-গাভৰুৱে বোকাবিহু পালন কৰিছে। গাঁৱৰ মহিলাসকলেও ঘৰে ঘৰে গৈ হুচৰি গাইছে। সপ্তাহজুৰি দেউৰী বিহুৰে প্ৰাণময় হৈ থাকিব অঞ্চলটো।

Read More »

বকোত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

প্ৰথম খবৰ, বকো: বকোৰ শাখাতিত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ। ৪৫০টা ইলেক্ট্ৰনিক ডিট’নেটৰ আৰু ৬০০ ডাল জিলেটিন ষ্টিক উদ্ধাৰ। বকো আৰক্ষী আৰু ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেন্টৰ যৌথ অভিযানত ইলিবাৰ আলী আহমেদ আৰু ছলেমান আলীক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে ঘটনাস্থলীৰপৰা এজনে পলায়ন ...

Read More »

যোগীঘোপাত ভয়াৱহ পথ দুৰ্ঘটনা, আহত ২

প্ৰথম খবৰ, যোগীঘোপা: বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত নৰনাৰায়ণ সেতুৰ সমীপত ৩১(খ)নং ৰাষ্ট্ৰীয় ঘাইপথ আজিও এক ভয়াৱহ পথ দুৰ্ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ মতে যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এ এছ ০১ ডি ...

Read More »

পিতা-পুত্ৰৰ পুনৰমিলন

প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ, নলবাৰী: সাংবাদিক মজিবুৰ ৰহমানৰ দ্বাৰা পৰিচালিত নলবাৰী অনাথ আশ্ৰমত বিগত কেইবাদিন পূৰ্বে পৰিয়ালৰ দ্বাৰা চলা  নিৰ্যাতন সহিব নোৱাৰি  গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা অমৰেন্দ্ৰ শৰ্মাই আশ্ৰয় লৈছিল। উল্লেখ্য যে উচ্চ শিক্ষাৰে শিক্ষিত অমৰেন্দ্ৰ শৰ্মাৰ পুত্ৰ-কন্যা তথা জোৱায়েক। অৱশেষত ...

Read More »

লখিমপুৰত জলবায়ু পৰিৱৰ্তন সম্পৰ্কে বাতানুকূল ভ্ৰাম্যমাণ বাতানুকূল বিজ্ঞান প্ৰদৰ্শনী

প্ৰথম খবৰ, লখিমপুৰ: বিজ্ঞানক জনমুখী কৰা তথা ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ লগতে জলবায়ু পৰিৱৰ্তন সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ ১৬টা ডবাযুক্ত বাতানুকূল ৰে’ল আজি লখিমপুৰত উপস্থিত হয়। আজি পুৱা ...

Read More »