শেহতীয়া
Home / অসম (page 20)

অসম

নামতিত প্ৰাক্তন ছাত্ৰৰ আমৰণ অনশন

নামতিপৰা ৰূপম বৰবৰা, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ১ কোটি ২৯ লাখ টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আমৰণ অনশনত বহে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷ অধ্যক্ষৰ বিৰুদ্ধে ইতিমধ্যে মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে বিত্তিয় ...

Read More »

হিউমেনিটেৰিয়ান এৱাৰ্ড ২০১৮ প্ৰাপ্ত আইৰাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তাৰিক জাকিলৈ আইৰা, অসমৰ শুভেচ্ছা জ্ঞাপন

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: ভাৰতবৰ্ষৰ সংবাদ কৰ্মীৰ বৃহৎ সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছোছিয়েশন চমুকৈ আইৰাৰ (AIRA) ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ওৱৰ্ল্ড এইড অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটচ্, ইণ্ডিয়াৰ (WAOHR) চেক্ৰেটাৰী জেনেৰেল ড০ মহম্মদ তাৰিক জাকিলৈ গেষ্ট অফ অনাৰ লগতে এই বৰ্ষৰ হিউমেনিটেৰিয়ান ...

Read More »

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছী বিধায়কৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: আশ্বাস প্ৰদান কৰি শাসনলৈ অহা পৰিৱৰ্তনকামী চৰকাৰখনে শাসনলৈ অহাৰ পিছতো যেন কমাব পৰা নাই মূল্যবৃদ্ধি। বৃহস্পতিবাৰে সদনত প্ৰবেশ কৰাৰ পূৰ্বে ইন্ধনৰ লগতে অত্যাবশ্যকীয় সামগ্ৰী সমূহৰ বৰ্ধিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ বিধায়কে। উল্লেখ্য, ছয়গাঁও সমষ্টিৰ বিধায়ক ...

Read More »

গদুকাৰ ভাইৰেল ভিডিঅ’ নকল নেকি? টীয়ক কাণ্ডৰ নতুন মোৰ, অসম্পাদিত ফুটেজ দেখুৱাবলৈ আহ্বান গদুকাৰ

টীয়কৰপৰা সমীৰণ বৰঠাকুৰৰ সহযোগত নিউজ ডেস্ক, প্ৰথম খবৰ: সুৰেশ ৰঞ্জন গদুকাৰ ভাইৰেল হৈ পৰা ভিডিঅ’ প্ৰকৃততে সম্পাদিত নেকি? সম্প্ৰতি এনে এক প্ৰশ্ন উত্থাপিত হৈছে টীয়কৰ বহুচৰ্চিত ঘটনাটোৰ পাছত। উল্লেখ্য যে, টীয়কৰ ফুড ভিলাত সংঘটিত হোৱা মাৰপিটৰ ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি ...

Read More »

ৰঙালীক আদৰিবলৈ প্ৰস্তুত টিংখাঙৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ লোক

মাহমৰাৰপৰা দীপক গগৈ, প্ৰথম খবৰ: অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন৷ ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে এতিয়া বিহুৰ আখৰা৷ ঢোলৰ গুমগুমনি, পেপাৰ তিহিতি তিহিতি মাতে ৰজনজনাইছে চৌদিশে৷ টিংখাঙতো হেঁপাহৰ বিহুটিক আদৰিবলৈ অব্যাহত আছে ব্যাপক  প্ৰস্তুতি৷ টিংখাঙৰ চহৰীকটা গাঁৱৰ ...

Read More »

সৰভোগত এনআৰচিয়ে বংশ বৃক্ষই সুদীৰ্ঘ ৫০ বছৰৰ পিছত এটা পৰিয়াললৈ আনিলে আনন্দৰ বতৰা

সৰভোগৰপৰা নীতিশ ৰঞ্জন পাটগিৰি, প্ৰথম খবৰ: বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত থকা এন আৰ চিৰ কাৰ্যালয়ত বুধবাৰে সৃষ্টি হ’ল এক আনন্দৰ পৰিবেশ। কাছাৰ জিলাৰ লক্ষীচৰা গাঁওৰ জয়ধন ৰাজৱংশী (৬০) নামৰ এগৰাকী ব্যক্তিয়ে ঘৰৰ সদস্যৰ লগত মতানক্য ...

Read More »

শুকলাইত ভয়ংকৰ অগ্নিকাণ্ড, কথমপি ৰক্ষা পৰিয়ালৰ

প্ৰথম খবৰ, ডিমাকুছি: ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত শুকলাই ছাগলীঝাৰত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়৷ এই অগ্নিকাণ্ডত কথমপি এটা পৰিয়াল ৰক্ষা পৰে৷ জানিব পৰা মতে, শুকলাই ছাগলীঝাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভৱানী উপাধ্যায়ৰ চোতালত থকা ধানখেৰত অকস্মাত জুই লাগে৷ এই জুইয়ে ...

Read More »

পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ, পণ্ডিত বিশ্বেশ্বৰ বৰাৰ মৃত্যু

প্ৰথম খবৰ, পুৰণিগুদাম: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা সমাজ সংগঠক বিশ্বেশ্বৰ বৰা (৯৩) ৰ আজি বিয়লি ৩.৪৫ মিনিটত বাৰ্দ্ধক্যজনিত কাৰণত কাষৰিগাঁওস্থিত নিজা বাসগৃহত মৃত্যু হয়৷ ওৰেটো জীৱন শিক্ষাজগতৰ লগত জড়িত থকা মহীৰূহ গৰাকীৰ মৃত্যুত বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ শৈক্ষিক ...

Read More »

ঢকুৱাখনা বি.এড মহাবিদ্যালয়ৰ ভাওনা সভা নাট মুকলি

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ: মহাবিদ্যালয়ৰ চাৰিবেৰৰ পাঠদানৰ মাজতেই সীমাবদ্ধ নাথাকি সাংস্কৃতিক ক্ষেত্ৰখনত এক সুস্থ পৰিবেশ সৃষ্টি কৰাৰ লক্ষ্যৰে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী সকলে হাতত ল’লে এক ব্যতিক্ৰমী পদক্ষেপ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি.এড.ৰ সহ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি পোন প্ৰথম ...

Read More »

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত চোৰাংচিকাৰী-বনকৰ্মীৰ মাজত গুলীয়াগুলী, বাইন’কুলাৰ উদ্ধাৰ

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ, প্ৰথম খবৰ: কাজিৰঙাত চোৰাংচিকাৰী-বনকৰ্মীৰ গুলীয়াগুলী৷ যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ মালানি বনশিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিণী বল্লভ শইকীয়াই জানিব দিয়া ম’তে, যোৱা নিশা ১২-৪৫ মান বজাত উদ্যানৰ বাগৰি ...

Read More »