শেহতীয়া
Home / সভা-সমিতি (page 4)

সভা-সমিতি

অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ কাৰ্বি আংলং জিলা সমিতি গঠন

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: কালি অসম প্ৰেমী যুৱ – ছাত্ৰ সমাজ, অসমৰ কাৰ্বি আংলং আহ্বায়ক সমিতিৰ আহ্বানত বৃহত্তৰ কাৰ্বি আংলংৰ প্ৰায় শতাধিক ৰাইজৰ উপস্থিতি মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সৈতে হাওৰাঘাটৰ নগৰ সমিতিৰ সভাকক্ষত এখনি ৰাজহুৱা সভা অনষ্ঠিত হয় ৷ সংবাদ ...

Read More »

অমস নাট্য সন্মিলনৰ ৫৬ সংখ্যক মংগলদৈ অধিৱেশনৰ অস্থায়ী কাৰ্যালয় উন্মোচন বিধায়ক গুৰুজ্যোতি দাসৰ

প্ৰথম খবৰ,  মংগলদৈ /দেওমৰনৈ: দৰং জিলাৰ মংগলদৈ ইউথ ক্লাৱত আজি অসমৰ জাতীয় সংগঠন অসম নাট্য সন্মিলনৰ ৫৬ সংখ্যক অধিৱেশনখনি মংগলদৈত অনুষ্ঠিত হ’ব। এই উপলক্ষে অধিৱেশনৰ অস্থায়ী কাৰ্যালয় উন্মোচন কৰে মংগলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। লগতে অধিৱেশনৰ সম্পৰ্কত মংগলদৈ ইউথ ...

Read More »

বিহালীত বিশ্বনাথ জিলা উন্নয়ন পৰিষদৰ সাধাৰণ সভা

প্ৰথম খবৰ, বৰগাং: আজি বিশ্বনাথ জিলা উন্নয়ন পৰিষদৰ সাধাৰণ সভাখনি বিহালী উন্নয়ন খণ্ডৰ অতিথিশালাত অনুষ্ঠিত হয় । বিশ্বনাথ জিলা উন্নয়ন পৰিষদৰ সভাপতি চন্দ্ৰ চুতীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগ বঢ়াই জিলা সম্পাদক হিৰণ্য হাজৰিকাই। ২০১৫ চনতে বিশ্বনাথক জিলা হিচাপে ...

Read More »

পুথিভঁৰাল আইন প্ৰৱৰ্তনৰ দাবী, নগাঁৱত কাৰ্যনিৰ্বাহক সভা

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: অসমত শীঘ্ৰে এখন পুথিভঁৰাল আইন প্ৰৱৰ্তন কৰাৰ দাবী জনাইছে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই। সন্থাৰ নগাঁৱস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত পুথিভঁৰাল সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাই এক প্ৰস্তাৱ যোগে অসম চৰকাৰক এই দাবী উত্থাপন কৰিছে। উল্লেখ্য যে, সন্থাই ...

Read More »

গৌৰীসাগৰত বুনিয়াদী বিদ্যালয় মাতৃ এছ’চিয়েচনৰ শিৱসাগৰ জিলা বৈঠক সম্পন্ন

দিখৌমুখৰপৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ স্কুল মাতৃ সকলৰ উদ্যোগত গৌৰীসাগৰত আজি বুনিয়াদী বিদ্যালয় মাতৃ এছচিয়েচনৰ  এখনি জিলা বৈঠক সম্পন্ন হয়। গৌৰীসাগৰ চেন্ট্ৰেল পাব্লিক হ’লত  দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৈঠকখনৰ পুৱা শ্বহীদ তৰ্পন কাৰ্যসূচীৰ পাছতে পতাকা উত্তোলন কৰে বুনিয়াদী বিদ্যালয় মাতৃ এছচিয়েছনৰ ...

Read More »

পক্ষী নিধনৰ ক্ষেত্ৰত  তৎপৰ জাতিংগাবাসীৰ

হাফলঙৰ পৰা স্বদীপ হাছামছা, প্ৰথম খবৰ: জাতিংগা পক্ষীৰ বাবে বিখ্যাত। বিভিন্ন দেশৰপৰা পৰিভ্ৰমী চৰাই আহি এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে জাতিংগাত। কিন্তু বিগত কিছুদিনৰপৰা বৃদ্ধি পাইছে পৰিভ্ৰমী চৰাইৰ মৃত্যুৰ সংখ্যা। জাতিংগাবাসীৰ সন্দেহ বনদস্যুৰ আক্ৰমণত নিধন হয় হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই। ...

Read More »

পুৰণিগুদাম ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত সোণালী জয়ন্তী সমাৰোহ

বঢ়মপুৰৰপৰা নয়ন মনি বৰা, প্ৰথম খবৰ: কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত আৰম্ভ হ’ব সোণালী জয়ন্তী সমাৰোহ। পুৰণিগুদাম অঞ্চলৰ ৰাইজৰ উৎসাহ, শ্ৰম আৰু অশেষ ত্যাগৰ বিনিময়ত ১৯৬৭ প্ৰতিষ্ঠা লাভ ...

Read More »

সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতি গঠন

শোণিতপুৰৰপৰা ফাৰহান জাৱেদ, প্ৰথম খবৰ: অসমখনত অতীজৰে পৰা বিভিন্ন জাতি, জনগোষ্ঠীয়ে শান্তিপূৰ্ণভাৱে বসবাস কৰি আহিছে। অসমৰ ৰাজনৈতিক, সামাজিক, ভাষিক-সাংস্কৃতিক সংকটকালত এইসকল থলগিৰিমূলৰ জাতি-জনগোষ্ঠীয়ে প্ৰয়োজনত নিজৰ জীৱন দি হ’লেও অসমী আইৰ হৃত মৰ্যদা ঘূৰাই অনাৰ সংগ্ৰামত ব্ৰতী হোৱাৰ অনেক উদাহৰণ আছে। ...

Read More »

আগ্ছু ডিব্ৰুগড় জিলা সমিতিৰ বৰ্ধিত কাৰ্যকৰণী সভা

মৰাণৰপৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, আগ্ছু ডিব্ৰুগড় জিলা সমিতিৰ মূখ্য কাৰ্যালয় ৰাণিংগেট বিষ্ণু মন্দিৰত  দেওবাৰ ১৫অক্টোবৰত এখন বৰ্ধিত কাৰ্যকৰণী সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে ভাৰপ্ৰাপ্ত সভাপতি ৰাজেন্দ্ৰ ৰচাইলি আৰু উদ্দেশ্য ব্যাখা কৰে সম্পাদক ...

Read More »

নগাঁৱৰ জাজৰিত মহিলা অভিবৰ্ত্তন

প্ৰথম খবৰ,জাজৰি: নাৰীৰ ময্যৰ্দা নিৰাপত্তা অাৰু অধিকাৰৰ দাবীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থা দলংঘাট ব্লক সমিতিৰ উদ্যোগত গ্ৰামীন শ্ৰমজীৱী মহিলাৰ ঋণমুক্ত অাৰু সবলীকৰণৰ লক্ষ্যত জাজৰি নিচানতল সমূহীয়া ভৱনত অনুষ্ঠিত হয় মহিলা অভিবৰ্ত্তন। সেই সভাত বহু সংখ্যক লোক উপস্থিত থাকে।

Read More »