শেহতীয়া
Home / সম্পাদকীয়

সম্পাদকীয়

বড়োভূমিৰ অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক

বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদত বসবাস কৰা অসমীয়াসকল সম্প্ৰতি দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰ্যবসিত হৈছে নেকি? এই প্ৰশ্ন বড়োভূমিৰ বাবে দীৰ্ঘদিনীয়া প্ৰশ্ন। শেহতীয়াভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষা সন্দৰ্ভত লোৱা সিদ্ধান্তই সেই প্ৰশ্নক ন্যায্যতা প্ৰদান কৰা বুলি বহুতে ক’ব খোজে। প্ৰবল বিৰোধিতা আৰু জনমতৰ ...

Read More »

এডাল্ট পাণবজাৰ! নিষিদ্ধ শিশুৰ বাবে?

পাণবজাৰ এতিয়া কেৱল প্ৰাপ্তবয়স্কৰ বাবে নেকি? শিশুৰ বাবে নিষিদ্ধ হৈছে নেকি পাণবজাৰ? আমি এই প্ৰশ্ন এইকাৰণে উত্থাপন কৰিছোঁ যে অসমৰ প্ৰকাশন উদ্যোগ বুলি ক’লে প্ৰথমতেই চকুৰ সন্মুখত ভাহি উঠা পাণবজাৰৰ চৰিত্ৰ সলনি হৈছে। দীৰ্ঘদিন ধৰি কোনো নাম থকা শিশু সাহিত্য ...

Read More »

(পৰা)জয় বিজ্ঞান!

বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উত্তৰণক লৈ ভাৰত চৰকাৰে প্ৰতিদিনেই ঢোল কোবাই আছে। কিন্তু প্ৰকৃততে ভাৰতত বিজ্ঞান মানসিকতা গঢ় লৈ উঠিছেনে? প্ৰত্যাশিত ৰূপত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰা আগুৱাইছেনে? শেহতীয়া এক ঘটনাই ভাৰতত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ প্ৰচাৰত মোক্ষম আঘাত হনা পৰিলক্ষিত হৈছে। টেলেংগানাৰ নিৰ্মল জিলাত ...

Read More »

কাজুঅ ইছিগুৰো আৰু সাহিত্যৰ নোবেল

কাজুঅ ইছিগুৰো- ২০১৭ চনৰ সাহিত্যৰ নোবেল বঁটাপ্ৰাপক। এগৰাকী ব্ৰিটিছ লেখক যদিও জন্মসূত্ৰে তেওঁ এগৰাকী জাপানী নাগৰিক। ১৯৫৯ চনত জাপানৰ পৰা গৈ ইংলেণ্ডত বসবাস কৰিবলৈ লয়। ইংলেণ্ডৰ এগৰাকী প্ৰতিষ্ঠিত লেখক ইছিগুৰো । তেওঁৰ প্ৰায় সকলো লেখা নিউয়ৰ্ক টাইমছে বিশ্বৰ প্ৰায় ৪০টা ভাষালৈ ...

Read More »

কিমান দিনলৈ জীয়াই থাকিব অসমীয়া ভাষা?

ভাষা হ’ল গণসংযোগৰ প্ৰধান মাধ্যম। ভাষাক লৈ বিভিন্ন সময়ত আলোচনা-সমালোচনা, অভিযোগ, বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়। এটা ভাষাই তেতিয়াই পূৰ্ণতা অথবা উন্নতি লাভ কৰিব, যেতিয়াই ভাষাটোৰ নমনীয় গুণটো জনসাধাৰণৰ মাজত জনপ্ৰিয় হ’ব। যাৰ জৰিয়তে এজন মানুহে নিজস্ব ভাব-ভংগী, ৰুচি-অভিৰুচিৰ বিষয়ে ...

Read More »

কেংগেৰু বাহিনীক আক্ৰমণ কৰিলে কোনে?

কালি অৰ্থাৎ মঙলবাৰে দুটা পৃথক ঘটনাৰ সাক্ষী হ’ল অসমৰ ক্ৰীড়া প্ৰেমীসকল। প্ৰথমটো ঘটনাই অসমীয়া ক্ৰীড়ানুৰাগীসকলক স্বাভাৱিকতে আহ্লাদিত কৰিলে। সেয়া আছিল ১৭-অনুৰ্ধ বিশ্বকাপ ফুটবল প্ৰসংগত ফিফাই আগবঢ়োৱা এখন পত্ৰক কেন্দ্ৰ কৰি। অসমত আয়োজিত ফিফা বিশ্বকাপৰ আয়োজন আৰু আইন-শৃংখলাজনিত ব্যৱস্থাপনাৰ বাবে সন্তোষ ...

Read More »

গুণোৎসৱ: এক Shame কথা

ৰাজ্যত দ্বিতীয়লানি গুণোৎসৱ পৰ্ব চলিছে। ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ মান নিৰূপণ কৰাটো পোনপটীয়াভাৱে প্ৰসংশনীয় কাৰ্য বুলিয়ে ক’ব লাগিব। গুণোৎসৱেৰে কৰা বিদ্যালয়ৰ মান নিৰূপণে অভিভাৱকসকলক আশ্বস্ত কৰাৰ এক সুযোগ আছে।  গুণোৎসৱৰ গ্ৰেডিঙে এখন বিদ্যালয় কিমান ভাল বা কিমান ...

Read More »

অখিল গগৈৰ বিকল্প!

অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ’ল। অতিকমেও এবছৰৰ বাবে হয়তো অখিল গগৈ কাৰাৰুদ্ধ হৈ থাকিব। কিন্তু অখিল গগৈ জে’লত থকা সময়ত অখিল গগৈয়ে দীৰ্ঘদিন ধৰি চলাই নিয়া সংগ্ৰামখন স্থবিৰ হৈ পৰিব নেকি? অতি সম্প্ৰতি অখিল গগৈ কাৰাৰুদ্ধ হোৱাৰ পিছত ...

Read More »

এগৰাকী যুৱ মন্ত্ৰী, এটি সন্ধ্যা, কেইটামান পৰঠা আৰু …

ভুৱন শইকীয়া সময় তেতিয়া সন্ধ্যা ৮.১২ বাজি ৩৮ ছেকেণ্ড। গহপুৰ নগৰৰ মাজমজিয়াত থকা বিশাল মিষ্টান্ন ভাণ্ডাৰলৈ নিৰাপত্তাৰক্ষীসহ তিনিগৰাকী যুৱক সোমাই আহিল। এগৰাকী চিনাকি চিনাকি লাগিল। ওচৰলৈ আহি খাবলৈ কি আছে সোধাত চিনি পালোঁ এজন যুৱকক। তেওঁ প্ৰথমে মোক নমস্কাৰ দি ...

Read More »

ঈশWAR: অসহনশীল হৈ পৰিছোঁ নেকি আমি?

ফেচবুক, টুইটাৰৰ দৰে সামাজিক গণমাধ্যমসমূহ সহজলভ্য হৈ পৰাৰ সমান্তৰালভাৱে সমাজত অসহনশীলতাও বৃদ্ধি পাইছে নেকি? আমি ইতিমধ্যে প্ৰশ্ন কৰিছোঁ স্মাৰ্টফোনৰ লগে লগে ইণ্টাৰনেট সেৱাৰ সহজলভ্যতাই ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহক ছ’চিয়েল ডিফেমেচন ছাইটলৈ পৰ্যবসিত কৰিছে নেকি? শেহতীয়াভাৱে ছ’চিয়েল নেটৱৰ্কিং ছাইটসমূহত চৰিত্ৰহননৰ ঘটনা যঠেষ্ট ...

Read More »