শেহতীয়া
Home / সাহিত্য (page 20)

সাহিত্য

অনুগ্ৰহ কৰি মোৰ প্ৰেমত নপৰিব–

✍ দীপজ্যোতি শৰ্মা অনুগ্ৰহ কৰি মোৰ প্ৰেমত নপৰিব আপোনাক সুখী কৰি ৰাখিব বাবে মোৰ সামাজিক ষ্টেটাছ শূন্য, মই নাজানো প্ৰেমৰ অনুপাত- সমানুপাত সঁচা অৰ্থত মই এজন পংগু ৷ ব্যস্ততা মোৰ ঠিকেই আছে কিন্তু নাই সময়ৰ দৰ দামত নিজকে ৰজা বনোৱাৰ ...

Read More »

কথা কবিতা

ৰিদিপ বৰা মাজুলীয়ে দুখত কান্দে সুখত হাঁহে। মাজুলীৰ বেথা কোনেও নুবুজে। ৰাতি শুনিবা আজলী মাজুলীৰ বুকু খহা শব্দ। খৰালি ঐনিতম সুৰে ৰজনজনাই থকা  মিচিং ভাই-ভনীৰ গাঁৱত পানী আপোন চাং ঘৰখনো ডুবিছে হেনো সোৱণশিৰীৰ বানত। কলহ টেকেলিৰে উজনি অসমত চিনাকি দি ...

Read More »

প্ৰেমৰ অংকুৰিত বীজ

ৰথীন্দ্ৰ কুমাৰ নাথ তোমাৰ বাবেইটো হাতত কলম লৈছিলোঁ‌ তুলি সৃষ্টি অমৃতৰ বীজ সিঁ‌চি অযুত জনতাৰ দুহাতত গুজিবলৈ শব্দৰ কঠীয়া। তোমাৰ বাবেইটো প্ৰতীক পদ সলনি কৰিছিলোঁ সন্ধ্যাতৰাৰ পৰা মেঘকন্যালৈ, তোমাৰ বাবেই অপেক্ষা কৰিছিলোঁ‌ আইডিয়া পইণ্টত চেণ্টাৰফ্ৰেচ চোবাই। ইখনৰ পিছত সিখন ছিটি ...

Read More »

‘পৰিৱৰ্তন’ এটি শব্দ মাথোঁ

প্ৰদীপ হাজৰিকা তহঁতক সেইবাবেই পথাইছিলো নেকি? পৰিৱৰ্তনৰ আশাত !! নিৰ্বাচনৰ আগতচোন বৰ বৰ কথা ; ওপৰত আমাৰ চৰকাৰ, ৰাজ্যত হ’ব দ্ৰুত উন্নয়ন। পৰিৱৰ্তনৰ আশাত ৰাইজে তহঁতৰ হাতত তুলি দিলে শাসনৰ বাঘ-জৰি। কিন্তু তহঁতে… বহুবাৰ চেষ্টা কৰিও ওপৰৰ পৰা একো আনিব ...

Read More »

নিৰন্ন দিন

ৰীতামনি নাথ দাস ভৰ বাৰিষা তুমি আহিছিলা , চৰুত চাউল দিবলৈ নোপোৱা এটি দিনত ! বানপানীত উটি গৈছিল আমাৰ মুখৰ হাঁহি বোৰ ! সেই দিনা পেটৰ নাড়ী বোৰে বৰকৈ কান্দিছিল…… মূৰৰ ওপৰেৰে উৰি গৈছিল পোৱালী হেৰুৱা চৰাইৰ জাক ! আৰু ...

Read More »

প্ৰেয়সী যদি পত্নী হয়

ৰথীন্দ্ৰ কুমাৰ নাথ। নিজৰ ইচ্ছাৰ বিৰুদ্ধে এদিন কইনা চাবলৈ যাম ঘৰৰ মানুহৰ মুখলৈ চাই, নিজৰ নহ’লেও ভাড়াকৈ হ’লেও লৈ যাম এখন গাড়ী, ভিন্ন আকাৰৰ মিঠাইৰ টোপোলা আৰু এখন বিবৰ্ণ হৃদয়ৰ মুখ লৈ ইষ্ট-কুটুমৰ স’তে। প্ৰয়োজন নহ’লেও হাঁ‌হিবলৈ চেষ্টা কৰিম, লুকাই ...

Read More »

বিভ্ৰান্তি

প্ৰীতিষা গোস্বামী মনৰ দুৱাৰত টোকৰ মাৰি ৰৈ থকা সময়ৰ গাত কেতিয়াবা উজুটি খাওঁ পোহৰতো জীৱনৰ সুচল বাট এৰি সময়ৰ আহ্বানত অবাটে দিওঁ খোজ জীৱনৰ পথাৰত আশাৰ কঠিয়া সিঁচিলে, নিৰাশাৰ ফৰিঙে আহি কুটি কুটি খায় চৌদিশে সিঁচি দিলে হেঁপাহৰ সেউজীয়া, ডাৱৰে ...

Read More »

স্পৰ্শ

ৰথীন্দ্ৰ কুমাৰ নাথ তোমাৰ স্পৰ্শত কিয় বাৰু উঠে জোৱাৰ মোৰ অযুত ৰক্ত কণিকাত। কিয় বাৰু বৈ যায় দেহত বৰলুইতৰ বলীয়া বান। অপ্ৰতিৰোধী হৈ উঠে হৃদয়ৰ প্ৰতিতো স্পন্দন… অনুৰাগ মাথোঁ‌ তোমালৈ মোৰ।।

Read More »

যাত্ৰা

প্ৰণৱ খাটনিয়াৰ পিঠিত দূপৰৰ বেলি বান্ধি দুখৰ লাখুটিত ভৰ দি আগবাঢ়ে আবেলি খোজত চিটিকি পৰে উশাহ খোজত চিটিকি পৰে নিশাহ অদূৰত অনুৰণন সন্ধ্যাৰ উকি বিভৎস কিৰিলি৷

Read More »

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, কেইজনমান সহৃদয় লোক আৰু মানৱতাৰ জয়গান

গীতাশ্ৰী মুন কলিতা স্বাৰ্থপৰ অমানুহৰ পৃথিৱীখনত নিঃস্বাৰ্থ এচাম মানুহ আছে বাবেই পৃথিৱীখন ধুনীয়া। ক্ষণিকৰ জীৱনত আনক এটা সুস্থ জীৱন দিব পৰাটো আনৰ কামত আহিব পৰাটোৱেই জীৱনৰ পৰম সফলতা, মোৰ দৃষ্টিত। এচামে সদায়েই মানৱীয় কামৰ যোগেৰে জীৱনৰ জেউতি হেৰুওৱা মানুহৰ জীৱনলৈ ...

Read More »