অসম

অভয়াপুৰীত সাংবাদিকক অপদস্থ উদণ্ড যুৱকৰ

প্ৰথম খবৰ, বঙাইগাঁও: অভয়াপুৰীৰ দেওহাটিত অনুষ্ঠিত হোৱা বিষুৱা উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত এজন উদণ্ড যুৱকে সাংবাদিক এগৰাকীক অপদস্থ তথা অশ্লীল ভাষাৰে দুব্যৱহাৰ কৰা ঘটনাই সকলোকে হতচকিত কৰিছে ৷ অভয়াপুৰীৰ প্ৰথম খবৰৰ তথা আছাম টকছৰ সাংবাদিক বিক্ৰম ৰঞ্জন ৰয়ক বাতাবাৰীৰ অংগত ৰায়ৰ পুত্ৰ সত্য ৰায়ে শাৰীৰিকভাৱে অপদস্থ কৰে ৷ জানিব পৰা মতে যোৱানিশা বিষুৱা উৎসৱৰ সাংস্কৃতিক অনুষ্ঠান চলি থকা সময়ত একাংশ উদণ্ড যুৱকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিষুৱা কমিটিৰ বিষয়ববীয়া আৰু সাংবাদিকগৰাকীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলোৱাৰ সময়তে বাতাবাৰীৰ অংগত ৰায়ৰ পুত্ৰ সত্য ৰায়ে সাংবাদিক ৰয়ক শাৰীৰিকভাৱে অপদস্থ কৰাই নহয়, অশ্লীল ভাষাৰে অপদস্থ কৰে ৷ আনকি প্ৰহাৰ কৰিবলৈ উদ্যত হয় যদিও একাংশ লোকৰ তৎপৰতাত সাংবাদিকগৰাকী ৰক্ষা পৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷

Related Articles

Leave a Reply

Close