অসম

উত্তৰ কামৰূপত অবাধ গতিত চলিছে বন ধ্বংসযজ্ঞ


প্ৰথম খবৰ,বেজেৰা২৯ এপ্ৰিল: সম্প্ৰতি উত্তৰ কামৰূপত বনদস্যুৰ সন্ত্ৰাস চলিছে। বনমন্ত্রী প্ৰমীলা ৰাণী ব্ৰহ্মৰ কঠোৰ নিৰ্দেশনাৰ লগতে জিলা প্ৰশাসনৰ ১৪৪ ধাৰাৰ পাছতো একাংশ পৰিৱেশ বিদ্বেষী তথা বন ধ্বংসকাৰীয়ে বুঢ়াআঙুলি দেখুৱাই নিশাৰ ভাগত গোপনে অব্যাহত ৰাখিছে ৰাখিছে বন ধ্বংস অভিযান। কামৰূপ জিলাৰ চিলা বনাঞ্চলিক বিষয়া ৰবীন বৈশ্য আৰু জিলা প্ৰশাসনৰ হৈ কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° বেদাঙ্গ তালুকদাৰৰ নেতৃত্বত যোৱা এটা বৃহৎ দলে অভিযান চলাই মান্দাকাটা, কুমনগৰ আদি অঞ্চলত গঢ়ি উঠা অবৈধ শিলৰ কুৱৰীৰ পৰা অবৈধ শিল সৰবৰাহ কৰা কেইবাখনো ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মান্দাকাটা, কুমনগৰত প্ৰায় দহটাকৈ অবৈধ শিল কুঁৱৰী আছে। অভিযোগ অনুসৰি নিশাৰ ভাগত অবৈধভাৱে বিস্ফোৰণ ঘটাই শিল সৰবৰাহেৰে বন ধ্বংসকাৰীসকলে চৰকাৰক মাহে লাখ লাখ টকা ৰাজহৰ পৰা বঞ্চিত কৰি আহিছে। ইতিমধ্যো বিষয়াগৰাকীয়ে অবৈধ শিল বালি সৰবৰাহ কৰা তিনি খন ট্ৰাক জব্দ কৰে। বতৰ্মান জব্দ ট্ৰাক কেইখন চিলা বন কাযালয়ত ৰখা হৈছে। আৰু বন বিভাগে জেচিবিৰে চুৰি গাড়ী যাব নোৱাৰা কৈ পথ সমূহ খান্দি পেলোৱাৰ লগতে শিলেৰে দেৱাল দি পথ বন্ধৰ ব্যৱস্থা কৰে। পৰৱতী সময়ত এই ব্যৱস্থা কিমান দিনলৈ বৰ্তি থাকে সেয়াহে সময়ত স্পষ্ট হব।

Related Articles

Leave a Reply

Close