থোৰতে

উত্তৰ শালমাৰাত দুই সন্তানৰ পিতৃয়ে পলুৱাই আনিলে ১৫ বছৰীয়া কিশোৰীক

প্ৰথম খবৰ, অভয়াপুৰী: বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ গাৰোদোকানত আজি সংঘটিত হয় এক আমোদজনক কাণ্ড৷ শংকৰ মণ্ডল নামৰ দুই সন্তানৰ পিতৃ এগৰাকীয়ে ফুচুলাই বিয়াৰ প্ৰলোভনেৰে লৈ আহে বঙাইগাঁও দোলাইগাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক৷ আজিৰপৰা ছমাহ পূৰ্বে আকস্মিকভাৱে চিনাকি হোৱা প্ৰায় ৩৫ বছৰীয়া বিবাহিত শংকৰ মণ্ডলে কিশোৰীগৰাকীক নানা প্ৰলোভনেৰে প্ৰেমত পেলায়। শংকৰ মণ্ডল বিবাহিত আৰু দুই সন্তানৰ পিতৃ বুলি জ্ঞাত নাছিল কিশোৰীগৰাকী৷ ৰবিবাৰে নিশা আটুগাঁৱত চলি থকা এক মেলাস্থলীৰপৰা ফুচুলাই শংকৰ মণ্ডলে কিশোৰীগৰাকীক খগৰপুৰৰ গাৰোদোকানৰ এখন দোকানত নিশাটো ৰাখে৷ ইপিনে আজি পুৱা শংকৰ মণ্ডলৰ পত্নীয়ে ঘটনাটো গম পাই উত্তৰ শালমাৰা আৰক্ষীক গটাই দিয়ে শংকৰ মণ্ডলক৷ ইপিনে কিশোৰীগৰাকীৰ পৰিয়ালেও উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ এগৰাকী বিবাহিত তথা দুটা সন্তানৰ পিতৃয়ে এগৰাকী কিশোৰীক পলুৱাই অনা ঘটনা সমগ্ৰ অঞ্চলটোতে চৰ্চিত হৈছে৷ ইপিনে পত্নী-সন্তান থকাৰ পিছতো এগৰাকী কিশোৰীক পলুৱাই অনা শংকৰ মণ্ডলক উপযুক্ত শাস্তি দিবলৈ দাবী জনাইছে বিভিন্ন মহলে৷

Related Articles

Leave a Reply

Check Also

Close
Close