অসম

কলগাছিয়াৰ গড়কাপ্তানি পথৰ ওপৰত মাছ পালনৰ অভিনৱ আঁচনি চৰকাৰৰ

প্ৰথম খবৰ, মইনবড়ী: আচৰিত নহব! বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা সৰভোগ সংযোগী গড়কাপ্তানি বিভাগৰ ৰাস্তাৰ মাজত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতত মাছ পালনৰ এক অভিনৱ আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰে।ছাইন বোৰ্ডত লিখা আছে ইয়াত মাছ পালন কৰা হয়, গাড়ী লাহে লাহে চলাব, অসম চৰকাৰ, ধন্যবাদ। অসম চৰকাৰৰ এনে ধৰণৰ কৰ্মদক্ষতা দেখি সৰ্বানন্দ সোনোৱাল চৰকাৰক ভূয়সী প্ৰশংসা কৰিছে বৃহত্তৰ কলগাছিয়া বাসী ৰাইজে। উল্লেখ্য যে , দীৰ্ঘ দিনৰ পৰা জৰাজীৰ্ণ হৈ থকা গড়কাপ্তানি পথটোৰ মেৰামতি নকৰাৰ ফলত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজে । ফলত কলগাছিয়াৰ পেট্ৰল পাম্পৰ ওচৰত থকা ৰাস্তাৰ পুখুৰীত কোনো এক পথচাৰীয়ে লিখি দিছে এই ফলক । অৱশ্যে কোনে এই ফলকখন আৰি দিছে, সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও এই ছাইনবৰ্ড খনে এক আমোদৰ সৃষ্টি কৰিছে কলগাছিয়াত । যিয়েই নহওঁক পৰিৱৰ্তনৰ শ্ল’গান দিয়া চৰকাৰখনে ৰাস্তাটো মেৰামতি নকৰাত একাংশ ৰাইজে চৰকাৰক ধিক্কাৰ জনোৱাৰ লগতে জনীয়া সমষ্টিত বিধায়ক আছে নে নাই সেই সম্পৰ্কেও প্ৰশ্ন তুলিছে ৰাইজে।

Related Articles

Leave a Reply

Close