Uncategorizedথোৰতে

গান্ধীবস্তিত অখিল গগৈৰ সংবাদমেল

নিউজ ডেস্ক,  প্ৰথম খবৰ: অখিল গগৈয়ে সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীক তীব্ৰ ভাষাৰে সমালোচনা কৰে |তেওঁ কয় মোডীৰ দিনতেই আটাইতকৈ বেছি বিভাগ বিক্ৰী কৰি দিয়া হৈছে | অখিল গগৈয়ে তথ্য সহকাৰে সকলো তুলি ধৰে সাংবাদিকৰ আগত | তেওঁ কয় অসম তথা ভাৰতৰ মুঠ ৪০টা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান বিদেশী বিনিয়োগকাৰীৰ হাতত এশ শতাংশ বিক্ৰী কৰি দিছে | লগতে কয় আমাৰ দেশৰ কৃষি আৰু পশুপালন বিভাগৰো এশ শতাংশ বিদেশী প্ৰত্যেক্ষ বিনিয়োগকাৰীৰ বাবে মোডীয়ে মুকলি কৰি দিছে |অখিল গগৈয়ে সংবাদমেলত প্ৰাক্তন প্ৰধানমন্ত্রী মনোমোহন সিংৰ প্ৰসংগ টানি আনি কয় যে তেওঁ ১৯৯১ চনত “নতুন অৰ্থনীতি নীতি” ৰ জৰিয়তে দেশৰ অৰ্থনীতি বিক্ৰী কৰা আৰম্ভ কৰিছিল,ৰাজহুৱা খণ্ড বিক্ৰী কৰা আৰম্ভ কৰিছিল আৰু সেই একে পথেৰে নিজকে দেশ মাতৃৰ একান্ত ভক্ত বুলি কোৱা নৰেন্দ্ৰ মোডীয়ে প্ৰত্যেক খণ্ডকে এশ শতাংশ বিদেশী কোম্পানীৰ হাতত তুলি দিছে |

Related Articles

Leave a Reply

Close