অসম

গড়কাপ্তানী পথত পুখুৰী সদৃশ গাঁত

প্ৰথম খবৰ, মইনবড়ীঃ বৰপেটা জিলাৰ কলগাছিয়া-সৰভোগ গড়কাপ্তানী পথখনত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজে। এই গড়কাপ্তানী পথটোৰ কলগাছি্য়াৰ পৰা মাদুলীঝাৰলৈ প্ৰায় ১৩ কি. মি. পথছোৱাৰ ৰহা মছজিদৰ পৰা খৰিচালা বজাৰলৈ, খৰিচালা বজাৰৰ পৰা দেউকুৰা এন আৰ ছি কাৰ্য্যলয়লৈ আৰু দেউকুৰা এন আৰ চি কাৰ্য্যালয়ৰ পৰা ডিমাপুৰলৈ ব্লক ইটাৰে পথ নিৰ্মাণৰ কাম চলি আছে যদিও কোনো এটা কামেই সম্পূৰ্ণ হৈ উঠা নাই। ইফালে মাদুলীঝাৰৰ পৰা ৰহা মছজিদলৈ আৰু ডিমাপুৰৰ পৰা কলগাছিয়া বজাৰলৈ বাকী থকা পথ চোৱা কেইবাবছৰ ধৰি মেৰামতি নোহোৱাত পথছোৱাত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত খোজকাঢ়ি যোৱাৰো অৱস্থা নাই।  যাৰ ফলত সঘনাই এই পথত যান-বাহন দূৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ পোৱা গৈছে। কলগাছিয়াৰ এই মূল পথটোৰ মেৰামতিৰ বাবে গড়ীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, চিপিআই (এম) আদি সংগঠণে বিভিন্ন সময়ত পথ অৱৰোধ কাৰ্য্যসূচী হাতত লৈছে যদিও গড়কাপ্তানী বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। ইফালে জনীয়াৰ বিধায়ক আব্দুল খালেকে ২০১৮ চনৰ ভিতৰত কলগাছিয়াৰ মূলদুৱাৰ স্বৰূপ কলগাছিয়া-সৰভোগ গড়কাপ্তানী পথখন নিৰ্মাণ সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছে যদিও বৰ্তমানেই এই পথখন যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সৃষ্টি হৈছে। সেয়ে, ৰাইজে এই পথটো অতি সোনকালে মেৰামতি বা পুনৰ নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সূচল কৰি তুলিবলৈ গড়কাপ্তানী বিভাগ, বৰপেটা জিলা প্ৰশাসন আৰু জনীয়াৰ বিধায়ক আব্দুল খালেকৰ ওচৰত দাবী জনাইছে।

Related Articles

Leave a Reply

Close