থোৰতে

চিংফৌ জনগোষ্ঠীক বিশেষ অৱলোকনেৰে কাইলৈ মৰাণত আছুৰ ব’হাগী মহোৎসৱ

প্ৰথম খবৰ, মৰাণ: জাতি-জনগোষ্ঠীৰ ভাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে প্ৰত্যেক বছৰে ব’হাগ মাহত ব’হাগী মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবছৰো ৰঙালী বিহুৰ লগত সংগতি ৰাখি আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে কাইলৈৰপৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে দ্বা-বিংশতিতম ব’হাগী মহোৎসৱ। এইবাৰ অসমৰ অন্যতম ভূমিপুত্ৰ চিংফৌ জনগোষ্ঠীক ছাত্ৰ সংগঠনটোৱে বিশেষ প্ৰাধান্য দিছে। উক্ত জনগোষ্ঠীটোৰ সাংস্কৃতিক পৰম্পৰা, ধৰ্মীয় ৰীতি-নীতি, সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান আদি সকলো দিশ সামৰি প্ৰকাশ কৰিব ‘এনাজৰী’ নামৰ স্মৃতিগ্ৰন্থ। তাদুপৰি চিংফৌ জনগোষ্ঠীটোৰ সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ উপৰি হুঁচৰি, বৰ-বিহুৱতী, মৌ-কুঁৱৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ’ব ঠাইতে লিখা চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা। উল্লেখ্য যে-মৰাণ আঞ্চলিক ছাত্র সন্থাৰ দ্বা-বিংশতিতম ব’হাগী মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সদৌ অসম ভিত্তিত প্ৰাইজমণি ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহো ঘোষণা কৰা হ’ব। জাতীয় চেতনা গঠনত সুস্থ বিহু সংস্কৃতিৰ ভূমিকা বিষয়ক ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে শিৱসাগৰ আমগুৰিৰ বিদ্যুৎ বৰুৱাই, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে ডিব্ৰুগড় মানকটাৰ হেৰম্ব কুমাৰ দত্ত আৰু যোৰহাটৰ কৃষ্ণা বৰুৱাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰিছে মৰাণৰ মূলাগাভৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ প্ৰদ্যুম্ন মহন্তই। মুকলি সভাত আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঁই, প্ৰাধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়াৰ লগতে চিংফৌ জনগোষ্ঠীৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰাৰ কথা। পুৱা আছুৰ পতাকা আৰু বিহুৰ পতাকা উত্তোলন কৰি দুদিনীয়া ব’হাগী মহোৎসৱ কাৰ্যসূচীৰ পাতনি মেলিব ক্ৰমে ৰোহিণী গগৈ আৰু সূৰ্য বৰগোহাঁয়ে। শ্বহীদ তৰ্পণ কৰিব বিতোপন চাংমাইয়ে। ইয়াৰ পিছত অনুষ্ঠিত হ’ব বিভিন্ন প্ৰতিযোগিতাসমূহ।

Related Articles

1 thought on “চিংফৌ জনগোষ্ঠীক বিশেষ অৱলোকনেৰে কাইলৈ মৰাণত আছুৰ ব’হাগী মহোৎসৱ”

Leave a Reply

Check Also

Close
Close