অসম

ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি! ৰান্ধনীয়ে পাঠদান কৰি আহিছে বিদ্যালয়ত

প্ৰথম খবৰ, ৰাজগড় সংবাদ : বৰ্তমানৰ শিক্ষামন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই যিমানেই  উন্নতিৰ ঢাক ঢোল নবজালেও শিক্ষাৰ  ভিতৰখন যে  ফোঁপোলা তাকেই প্ৰমাণ কৰিলে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দিৰৈ ৫৭ নং গ্ৰাণ্টত অৱস্থিত দিৰৈ চুক প্ৰাথমিক বিদ্যালয়খনে। পৰিৱৰ্তনৰ প্ৰভাৱ  নপৰা বিদ্যালয়খনত প্ৰায় ১১০ জন ছাত্ৰ ছাত্ৰী আছে তাৰ পৰিৱৰ্তে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা মাত্ৰ এজন । সেই হেতুকে বিদ্যালয়খনত নিতৌ পাঠদান কৰে মধ্যাহ্ন ভোজনৰ ৰান্ধনী এগৰাকীয়ে।  প্ৰায় দহবছৰ ধৰি এজনীয়া  শিক্ষকে বিদ্যালয়খন পৰিচালনা কৰি আহিছে।  এজনীয়া শিক্ষক হোৱা হেতুকে বিদ্যালয়খনত পাঠদানৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি দেখা যায়। অফিচিয়েল কাম কাজত কেন্দ্ৰৰ মিটিং বা অন্য কিছুমান কাৰণত শিক্ষকজন বেছিভাগ সময় ওলাই যাব লগা হয়। যাৰ ফলত  ছাত্ৰ ছাত্ৰী সকলৰ পাঠদানৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হয় । পাঠ্যক্ৰমৰ অন্তৰ্গত বিষয়সমূহ বিষয়ভাৱেই ৰৈ  যায় । যিহেতু পঞ্চম শ্ৰেণীলৈকে থকা বাবে শিক্ষকজনে প্ৰতিটো শ্ৰেণীত এটা ক্লাচ কৰিয়েই দিনটোলৈ সামৰিব লগা হয়  যাৰ ফলত কণ -কণ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞানৰ পৰিসৰ শূণ্য হৈ থকা পৰিলক্ষিত হয় । এই প্ৰাথমিক বিদ্যালয়ৰ কণ কণ  ছাত্ৰ ছাত্ৰী সকলে জনোৱা মতে, তেওঁলোকৰ নতুন বিষয় পঢ়িব মন গলেও তেওঁলোকে পাঠদানৰ অভাৱত ৰৈ যায়। কেতিয়াবা আকৌ তেওঁলোকে শিক্ষকৰ অবিহনে নিজেই নিজৰ কিতাপ পঢ়ি মধ্যাহ্ন ভোজন গ্ৰহণ কৰিয়েই ঘৰলৈ উভতিব লগীয়া হয়।  সেই হেতুকে ৰান্ধনী গৰাকীয়ে নিম্নমানৰ অৰ্হতা থকাৰ পিছতো বিগত দুবছৰ ধৰি এই বৃত্তিত বৰ্তি থাকিব লগীয়া হৈছে । উল্লেখযোগ্য যে সর্বশিক্ষা নিয়ম অনুসৰি প্ৰতি ৩০ জন ছাত্ৰ ছাত্ৰীৰ অনুপাতে ১ জন শিক্ষক থাকিব লাগে এই নিয়ম কাগজে পত্ৰইহে আবদ্ধ আছে  তাকেই প্ৰমাণ কৰিলে বিদ্যালয়খনে। কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা এই বিদ্যালয়খনক  লৈ স্থানীয় ৰাইজে বহুবাৰ কেন্দ্ৰ  শিক্ষাখণ্ডৰ সৈতে যোগাযোগ আৰু আবেদন কৰিও আজোকপতি কোনো সুফল নাপালে। সেয়েহে ছাত্ৰ ছাত্ৰী অভিভাৱক সকলে নিজৰ কণ কণ শিশুসকলক লৈ চিন্তিত হৈ পৰিছে আৰু এই মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে অতি শীঘ্ৰেই এই বৃহৎ সমস্যাটো সমাধান কৰিবলৈ।

 

Related Articles

Leave a Reply

Close