বিনোদনশীৰ্ষ

জোনাকী পুনৰ নিৰ্মাণ কৰিব জুবিনে

তেজপুৰৰ পৰা অপুৰ্ব বৰা: অসমৰ প্ৰথম ছবিগৃহ জোনাকীৰ অৱস্থাক লৈ উদ্বিগ্ন জুবিন গাৰ্গ। তেজপুৰৰ মধ্য তেজপুৰ ৰঙালী বিহু সন্মিলনৰ মুল সাংস্কৃতিক সন্ধ্যাত মূল আকৰ্ষন হিচাপে অংশগ্ৰহণ কৰি জুবিন গাৰ্গে কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা তেজপুৰত নিৰ্মাণ কৰা প্ৰথম ছবিগৃহটোৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়া দৰকাৰ। যদি গুৰুত্ব নিদিয়ে তেন্তে নিজাববীয়াক ছবিগৃহটো নিৰ্মাণৰ বাবে আত্মনিয়োগ কৰিব বুলি উল্লেখ কৰি জুবিনে কয় অসমত ছবিগৃহৰ সংখ্যা বৃদ্ধি হোৱা দৰকাৰ। অসমত যিবোৰ ব্যৱসায়ীক শ্বপিংমল আছে তাত এনেদৰে ছবিগৃহ নিৰ্মান কৰা দৰকাৰ বুলিও উল্লেখ কৰে জুবিন গাৰ্গে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জুবিন গাৰ্গে গীত পৰিবেশন কৰি তেজপুৰৰ ৰাইজক আপ্লুত কৰে মঙলবাৰে।

Related Articles

Leave a Reply

Close