অসম

ডিগবৈত মহিলাৰ পৰা বিহাৰৰ হেকাৰে লুটিলে ৫৭ হাজাৰকৈ টকা

প্ৰথম খবৰ, পেঙেৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত হেকাৰ, প্ৰৱঞ্চকৰ হাতত বিভিন্ন জন লোক লুণ্ঠিত হৈ অহাৰ সময়তে আজি তিনিচুকীয়া জিলাৰ তৈল নগৰী ডিগবৈত এক অনুৰূপ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে৷ ডিগবৈৰ এগৰাকী মহিলাৰ বেংক একাউণ্টৰ পৰা হেকাৰে কৌশলৰে ৫৭ হেজাৰকৈ টকা লুট কৰা ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ডিগবৈৰ জ্যোতিনগৰ নিবাসী ধন শৰ্মাৰ পত্নী ইলা শৰ্মাৰ ষ্টেট বেংক ডিগবৈ শাখাৰ ২০১৬৪৮১৩০৮৯ নম্বৰৰ একাউণ্টৰ পৰা আজি দুৰ্বৃত্তই ৫৭ হেজাৰ ৯৯৭ টকা লুটি নিয়ে৷ প্ৰবঞ্চিত মহিলা গৰাকীয়ে জানিবলৈ দিয়া মতে, আজি দিনৰ প্ৰায় পুৱা ৯.৪৯ বজাত মহিলাগৰাকীৰ মবাইললৈ ৯০০৬০৫৬১০৯ নম্বৰৰ পৰা আৰু বিয়লি ৩.৫৭ বজাত ৭০৭০৫৪৫১৮৯ নম্বৰৰ পৰা আন এটা ফোনকল আহে৷ ফোনত অজ্ঞাত কণ্ঠস্বৰে নিজকে ভাৰতীয় ষ্টেট বেংকৰ বিষয়া তিৱাৰী বুলি পৰিচয় দি এটি এম কাৰ্ড নবীকৰণ কৰাৰ কথা কৈ ১৬ সংখ্যা যুক্ত এম কাৰ্ডৰ নম্বৰ বিচাৰে৷ মহিলা গৰাকীয়েও সঁচাকৈয়ে তেওঁক বেংক বিষয়া বুলি ভাবি এটি এম কাৰ্ডৰ নম্বৰ জানিবলৈ দিয়ে৷ ইয়াৰ পাছতে এটি এম কাৰ্ডৰ পিছফালে থকা তিনি সংখ্যাযুক্ত নম্বৰটো জানিব বিচাৰে৷ অৱশেষত প্ৰবঞ্চকজনে মহিলা গৰাকীৰ পৰা এটি এম কাৰ্ডৰ গোপন কৰ্ড নম্বৰটো বিচাৰে৷ হোলা ভাই মোলা মহিলাগৰাকীয়েও গোপন নম্বৰটো জনাই দিয়ে৷ ইয়াৰ পাছতে ফোনৰ সিমূৰৰ প্ৰৱঞ্চক কণ্ঠস্বৰে মহিলা গৰাকীক ধন্যবাদ জনাই এটি এম কাৰ্ড খন পুনৰ নৱীকৰণ কৰা হল বুলি কৈ লাইন কাটি দিয়ে৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মোবাইললৈ বেংকৰ টকা উলিওৱাৰ এচ এম এচ অহাত মহিলা গৰাকীৰ মূৰত সৰগ ভাগি পৰে৷ প্ৰৱঞ্চকৰ চলাহী কথাত ভূল গৈ সাচতীয়া গাঁঠীৰ ধন হেৰুৱাই উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে ইতিমধ্যে সন্ধিয়া স্থানীয় ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ উল্লেখ্য যে, মহিলাগৰাকীলৈ ফোন অহা অজ্ঞাত মোবাইল নম্বৰ দুয়োটা বিহাৰৰ এয়াৰটেল টেলিকম চাৰ্কোলৰ বুলি জানিব পৰা গৈছে৷ চাইবাৰ অপৰাধ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত দুৰ্বল ভূমিকা পালন কৰি অহা আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা কৰে সেয়া লক্ষণীয় হব৷

Related Articles

Leave a Reply

Close