অসম

দৰঙত বন বিভাগৰ নাকৰ তলতে চলিছে বন ধ্বংস

প্ৰথম খবৰ, দৰং: ধৰিত্ৰী দিৱসৰ পিছদিনাই অবৈধ ভাৱে চোৰাং বেপাৰীয়ে  চলাই আছে বন ধ্বংস কাৰ্য। দলংঘাট , ঝাৰগাঁও, বুঢীনগৰ,  সৰাবাৰী, নামখলা, ভুৰানগৰ, জেঙেৰাঝাৰ, ভকতপাৰা আদি ঠাইত নিতৌ বহু গছ অবৈধভাৱে কাটি গৈছে চোৰাং বেপাৰীয়ে। বন বিভাগে দেখি নেদেখাৰ ভাঁও জুৰিছে নে তেওঁলোক কমিচনৰ অংশ আছে সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে। এনেকৈ চোৰাং ভাৱে ব্যৱহাৰ কৰা গছ কটা মেচিনবোৰ বা মিল বোৰৰ বিৰুদ্ধে বন বিভাগ বা বিভাগীয় মন্ত্রী মহোদয়ে কিবা পদক্ষেপ গ্ৰহণ কৰিবনে? সেয়া এক উল্লেখনীয় প্ৰশ্ন উত্থাপিত হৈছে।

Related Articles

Leave a Reply

Close