Uncategorized

প্ৰথম ব’হাগ, প্ৰথম খবৰ আৰু…

ঠিক দীৰ্ঘদিনীয়া বুলি ক’ব নোৱাৰি, প্ৰায় এমাহৰ প্ৰস্তুতিৰেই অসমবাসীৰ ওচৰলৈ ওলাই আহিল প্ৰথম খবৰ। এতিয়াই স্ৱয়ংসম্পূৰ্ণ হৈ উঠিছো বুলিও দাবী কৰিব পৰা হোৱা নাই। এটি এমহীয়া শিশুৰ দৰেই এতিয়া প্ৰথম খবৰ। অৱশ্যে এমহীয়া হ’লেও কণমানিটোক আঁকোৱালি লোৱাৰ দৰে আপুনিও প্ৰথম খবৰক মৰম ভালপোৱাৰে ওপচাই দিয়ক। প্ৰথম খবৰৰ ফালৰ পৰাও প্ৰতিশ্ৰুতি থাকিল-আজীৱন আপোনাক সেৱক হৈ থকাৰ। মানুহৰ জীৱনত পূৰ্ণতা পাবলৈ সময় লগাৰ দৰে প্ৰথম খবৰকো পূৰ্ণ হৈ উঠিবলৈ অলপ সময় লাগিব। সেইখিনি সময়লৈ আপুনিও হৈ থাকক অভিভাৱক, পৰামৰ্শদাতা আৰু সকলো। সৰু খবৰ, সূক্ষ্ম খবৰ, খবৰ যিয়েই নহওঁক, প্ৰতিটো কথাই খবৰ। সময় কম এতিয়া মানুহৰ। তাকৰীয়া সময়ৰ মাজত পঢ়িব পৰাকৈ আপোনাক যতনাই দিম আমি কেতবোৰ সৰু অথচ গুৰুত্ৱপূৰ্ণ খবৰ। এতিয়া বহলাই অধ্যয়নৰ সময় নথকাৰ বাবে আপুনি সৰু সৰুকৈ লওঁক গুৰুত্ৱপূৰ্ণ খবৰবোৰ।

Related Articles

Leave a Reply

Close