অসমগুৱাহাটীশীৰ্ষ

প্ৰফুল্ল মহন্তৰ গাড়ীত বিস্ফোৰক

প্ৰতিবেদনঃ পুৱাই হুৱা-দুৱা লাগিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গাড়ীত বিস্ফোৰক ওলাইছে। টিএনটি বুলিও সন্দেহ কৰা হৈছে। লগে লগে আহিল স্নিফাৰ ডগ, আৰক্ষীৰ বিশেষ শাখাৰ দল। তন্ন তন্নকৈ মহন্তৰ বুলেটপ্ৰুফ গাড়ীখন চোৱা হ’ল। টিভি চেনেলবোৰৰ কৃপাত ৰাজ্যজুৰি ৰজনজনাই গ’ল- মহন্তৰ গাড়ীত বিস্ফোৰক আহিল কেনেকৈ? আনপিনে, আগদিনা গধুলি আকৌ সলনি হৈছে মহন্তৰ গাড়ীচালক। সন্দেহবোৰ আৰু বাঢ়ি গৈ থাকিল। নগাঁৱলৈ যাবলগীয়া মহন্তৰ যাত্ৰা বন্ধ কৰি দিয়া হ’ল। মুঠতে হঠাত্‍ হাঁহাকাৰ। মহন্তই সংবাদমাধ্যমকো ক’লে- বিগত ৩০ বছৰ ধৰি মোৰ বিৰুদ্ধে Threat আছে, অসমৰ ৰাইজে মোক ৰক্ষা কৰিব।- টিভি চেনেলত লাইভ সম্প্ৰচাৰ অব্যাহত থাকিল মহন্তৰ গাড়ীত বিস্ফোৰক আছে বুলি। নতুনকৈ ডিটেক্টৰ অনা হ’ল। নতুন ডিটেক্টৰ পৰীক্ষাতহে আচল কথা ওলাল- মহন্তৰ গাড়ীত কোনো বিস্ফোৰক নাই। এবেলাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গাড়ীত বিস্ফোৰক ওলোৱাৰ বাতৰিক লৈয়ে ব্যস্ত হৈ থাকিবলগীয়া হ’ল বহু লোক। সাংবাদিকসকলৰটো কথাই নাই।

Tags

Related Articles

Leave a Reply

Close