অসম

বটদ্ৰৱাক ধৰ্মীয় পৰ্যটনকেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব: আঙুৰলতা

প্ৰথম খবৰ, বেবেজীয়া: অসমীয়া জনক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যাৱতীয় প্ৰস্তুতিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এই মন্তব্য কৰে বটদ্ৰৱাৰ সমষ্টি বিধায়িকা আঙুৰলতা ডেকাই। বটদ্ৰৱাক ধৰ্মীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে বিধায়িকা গৰাকীয়ে। উল্লেখ্য যে, অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ তৰফৰ পৰা সত্ৰ সমূহৰ উন্নয়নৰ বাবে আগবঢ়োৱা ধনেৰে নৰোৱা কুঁজিসত্ৰ পুৰণা নামঘৰটি নতুনকৈ অত্যাধুনিক প্ৰযুক্তিৰে ঐতিহ্যক সৰোগত কৰি নতুন ৰূপত গঢ়ি তুলিব বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close