অসম

বিহপুৰীয়াত উপায়ুক্তৰ উপস্থিতিত পুনৰ উত্তপ্ত পৰিস্থিতি,লাঠি চালনা

প্ৰথম খবৰ, বিহপুৰীয়া : বিহুৰ চান্দা তোলাক লৈ আজিও লখিমপুৰ জিলাৰ বিহপুৰীয়াত উত্তেজনাই বিৰাজ কৰিছে৷ এইলৈ আজি বিহপুৰীয়া নগৰখনৰ লগতে দাতি কাষৰীয়া অঞ্চল সমূহত স্বত:স্ফুতভাৱে বন্ধ হৈ পৰে৷ ফলত বিহপুৰীয়াৰ জন জীৱন স্তব্ধ হৈ পৰে৷ ইফালে বিহপুৰীয়াৰ পৰিস্থিতি বুজ ল’বৰ বাবে আজি দুপৰীয়া বিহপুৰীয়া জিলা উপায়ুক্ত বৰুণ ভূঞা সহ প্ৰশাসনৰ এটি প্ৰতিনিধি দল উপস্থিত হৈ বিহপুৰীয়াৰ সাধাৰণ নাগৰিকৰ লগত এখন সভাৰ দ্বাৰা আলোচনাত মিলিত হয়৷ বিহপুৰীয়াত শান্তি সম্প্ৰীতি বজাই ৰখাৰ সৰ্ম্পকত অনুষ্ঠিত হোৱা এই সভাখনৰ পিছতেই পুনৰ বিহপুৰীয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জিলা উপায়ুক্ত আৰু  আৰক্ষী অধীক্ষকৰ উপস্থিতিত সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিত বিহপুৰীয়া থানাৰ কাষতেই এগৰাকী ব্যৱসায়িক কেইজনমান যুৱকে প্ৰহাৰ কৰাৰ লগে লগে পুনৰ পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰে ৷ পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰাৰ আংশকাত আৰক্ষীয়ে লাঠি চালনা কৰি থানাৰ কাষতেই সমৱেত হোৱা বিহপুৰীয়াৰ ব্যৱসায় সকলক ছত্ৰভংগ দিয়ে৷ অৱশ্যে কিছু সময়ৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে সক্ষম হয় যদিও বিহপুৰীয়াত বৰ্তমানেও উত্তেজনাই বিৰাজ কৰি আছে৷ কালিৰে পৰা আজি পৰ্যন্ত সাধাৰণ নাগৰিক সকলে ভয় আৰু শংকাৰে অতিবাহিত কৰিব লগা হোৱাত আজিৰ দিনটোত পুনৰ বিহপুৰীয়াত এনে এক পৰিস্থিতি সৃষ্টি হোৱাত স্থানীয় লোকসকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰাৰ লগতে বিহপুৰীয়াৰ ব্যৱসায় সকলক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ  আহ্বান জনায়৷ ইপিনে বিহপুৰীয়াত উপস্থিত হৈ জিলা উপায়ুক্ত গৰাকীয়ে বিহপুৰীয়াবাসীয়ে শান্তি সম্প্ৰীতি বজাই ৰখাত সকলোৰে সহযোগিতা কামনা কৰে ৷

Related Articles

Leave a Reply

Close