Uncategorizedশীৰ্ষৰাষ্ট্ৰীয়

শ্লোগান নে সপোন সলনি বিজেপিৰ?

প্ৰতিবেদনঃ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শ্লোগান আছিল ‘কংগ্ৰেছমুক্ত ভাৰত’ৰ। কিন্তু এতিয়া সপোন সলনি হ’ল বিজেপিৰ। বিজেপিৰ এতিয়া নতুন সপোন। বিজেপিয়ে সপোন দেখিছে বিৰোধীমুক্ত ভাৰতৰ। ভুবনেশ্বৰত অনুষ্ঠিত বিজেপিৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত সেই কথাই কৈছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। অমিত শ্বাহে কৈছে- দেশৰ প্ৰতিখন ৰাজ্যত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে পঞ্চায়তৰ পৰা লোকসভালৈ বিজেপি ক্ষমতালৈ আহিলেহে দেশত বিজেপিৰ স্বৰ্ণযুগ আৰম্ভ হ’ব। ইতিমধ্যে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰত বিজেপিৰ চমকপ্ৰদ সাফল্যৰ পিছত অধিক আত্মবিশ্বাসী বিজেপি। কংগ্ৰেছশাসিত ৰাজ্যই নহয়, বিজেপিৰ বাবে এতিয়া গেৰুৱা ভাৰত গঢ়াৰ লক্ষ্যত উপনীত হ’বৰ বাবে অন্য বিৰোধী দলৰ দখলত থকা ৰাজ্য সমূহৰো শাসনভাৰ লাগে। কাজেই চকু এতিয়া উৰিষ্যাত। বিগত চাৰিটা কাৰ্যকালৰ বাবে উৰিষ্যা বিজু জনতা দলৰ দখলত আছে। ২০১৯ত অনুষ্ঠিত হ’বলগীয়া উৰিষ্যাৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি চকু ৰাখি বিজেপিয়ে যেন এই ভুবনেশ্বৰৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰা উৰিষ্যা দখলৰ অভিযান আৰম্ভ কৰিছে। তেনে এক ইংগিতেই দিছে সভাপতি অমিত শ্বাহে। ইতিমধ্যে পশ্চিম বংগ, কেৰেলা বা দক্ষিণৰ ৰাজ্যসমূহত বিজেপিৰ ভেটি কিদৰে সুদৃঢ় কৰিব পাৰি, তাকে লৈ ৰণনীতি যুগুত কৰিবলৈ সাজু হৈছে গেৰুৱা দলটো। সকলো ঠিকে ঠাকে থাকিলে সমগ্ৰ ভাৰততে বিজেপিৰ দ্বাৰা শাসিত চৰকাৰ গঠনৰ পৰিকল্পনা বাস্তৱত ৰূপ দিয়াত কোনো কাৰ্পণ্য নকৰে দলটোৱে। সভাপতি অমিত শ্বাহৰ মন্তব্যত তেনে এক ইংগিত। আনকি, ভুবনেশ্বৰৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহত অংশ লোৱা প্ৰধান মন্ত্ৰী মোডীকো দেখা গৈছে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পূৰ্বে ৯ কি.মিজোৰা ৰোড শ্ব’ত। এই ৰোড শ্ব’ত অংশ লৈ প্ৰধান মন্ত্ৰী মোডীয়ে সমালোচনা কৰিছে বিৰোধীত। ইভিএম জালিয়াতিৰ প্ৰসংগ উত্থাপন কৰা বিৰোধীৰ হাতত এতিয়া একোৱেই ইচ্ছ্যু নাই বুলি কটাক্ষ মোডীৰ। মুঠতে, দেশৰ প্ৰতিখন ৰাজ্যত ক্ষমতা দখলৰ স্বপ্নৰ অংশবিশেষ হিচাপেই অধিক তত্‍পৰ হৈ পৰাৰ ইংগিত দিয়ে প্ৰধান মন্ত্ৰী মোডীয়ে বিমান বন্দৰৰ পৰাই ৯ কি.মিজোৰা ৰোড শ্ব’ত অংশ লৈ দলীয় শক্তি আৰু বিজেপিৰ জনপ্ৰিয়তাৰ উমান লোৱাৰ চেষ্টা চলাইছে বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে।

Related Articles

Leave a Reply

Close