অসম

স্বাধীনতা ৭০ বছৰৰ পাছতো চৰকাৰৰ পৰা অৱহেলিত হোৱা এখন ঐতিহাসিক প্ৰসিদ্ধ গাওঁ

প্ৰথম খবৰ, খুমটাই:  অসমৰ বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল সমূহৰ ভিতৰত গেলেকীয়াল গাওঁখনে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰে পৰা এক গৌৰৱোজ্জ্বল স্বাক্ষৰ বহন কৰি আহিছে। খুমটাই বিধানসভা আৰু কলিয়াবৰ লোক সভা সমষ্টিৰ অন্তৰ্গত গাঁওৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী একমাত্ৰ পথটো আজিলৈকে কোনো চৰকাৰৰ আঁচনিয়ে ঢুকি নাপালে।এতিয়া কৃষিজীৱি গাঁওখনৰ গঞাই জৰাজীৰ্ণ যাতায়তৰ একমাত্ৰ পথটোৱৰ বাৱে জলাকলা খাইছে। গাঁও খনত এতিয়ালৈকে নাই কোনো বিশুদ্ধ খোৱাপানী ব্যৱস্থা। গাঁওখনৰ  গঞাৰ এতিয়া ভৰসা এটাই, চৰকাৰী দমকল আৰু এটা চৰকাৰী পুখুৰী। দমকলৰ আৰ্চেনিকযুক্ত পানী সেৱন কৰাৰ ফলত গাওঁখনৰ প্ৰায়বোৰ শিশু আৰু বয়োজ্যেষ্ঠ সকলৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে। গাঁওখনৰ একমাত্ৰ প্ৰাথমিক শিক্ষানুষ্ঠানখনৰো একে অৱস্থা। ৫ টা শ্ৰেণীৰ বিপৰীতে এজন শিক্ষকে পাঠদান কৰাত ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ শিক্ষাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল। এই সকলো বিলাক সমস্যা সমাধানৰহেতু জনপ্ৰতিনিধিৰ কাষ চাপিও সুফল পোৱা নাই গাওঁ খনৰ গঞাই।

Related Articles

Leave a Reply

Close