থোৰতে

ৰঙিয়াত ভয়াবহভাৱে বৃদ্ধি পাইছে তীৰ খেলৰ বৃহৎ ব্যৱসায়

প্ৰথম খৰৰ, ৰঙিয়া: ৰঙিয়াত ভয়াৱহভাৱে বৃদ্ধি পাইছে তীৰ খেলৰ ৰমৰমীয়া ব্যৱসায়। অভিযোগ অনুসৰি আৰক্ষী আৰু অবৈধ তীৰ ব্যৱসায়ীৰ মাজত থকা গোপন বুজাবুজিৰ বাবে এনেদৰে দিনক-দিনে বৃদ্ধি পাইছে তীৰ খেলৰ ব্যৱসায়। বিশেষকৈ ৰঙিয়াৰ তিনিআলি, চেপ্তি, হাইৱে চক, মূৰাৰা,ষ্টেচন, মধুকুছি, গুৰকুছি কলমনি  আদিকে ধৰি ৰঙিয়াৰ বিভিন্ন ঠাইত এনেদৰে ব্যৱসায় অব্যাহত থকাত অকল ক্ষুদ্ৰ ব্যৱসায়ীবোৰেই নহয় ৰিক্সা চালক আদিৰ লগতে বিদ্যালয়ৰ ছাত্ৰও জৰিত হৈ পৰা পৰিলক্ষিত হৈছে। গুৰুত্বপূৰ্ণ বিষয়টো হল যে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালসমূহৰ একাংশ মহিলাও ধনৰ লালসাত পৰি তীৰৰ টিকট কাটিবলৈ লোৱাত সমাজত এক বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এনে গুৰুত্বপূৰ্ণ বিষয়টো যদিহে সময় থাকোতে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে গুৰুত্ব সহকাৰে নলয় তেতিয়া হলে নৱপ্ৰজন্ম সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হোৱাটো নিশ্চিত।

Related Articles

Leave a Reply

Check Also

Close
Close