বিনোদনযুৱ

অসমীয়া চিনেমাৰ প্রসাৰৰ বাবে জিআইএমটিৰ প্রশংসনীয় পদক্ষেপ

প্ৰথম খবৰ, গুৱাহাটী: গুৱাহাটীৰ আজাৰাস্থিত ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব্ মেনেজমেণ্ট এণ্ড টেকন’লজী (জিআইএমটি)ৰ কৰ্তৃপক্ষই অসমীয়া চিনেমা উদ্যোগৰ প্রসাৰৰ বাবে এক সুন্দৰ পদক্ষেপ গ্রহণ কৰিছে। আজি জিআইএমটি কৰ্তৃপক্ষই গুৱাহাটীৰ পল্টন বজাৰস্থিত ‘গ’ল্ড চিনেমা’ গৃহত ড° ৰীতা চৌধুৰীৰ গল্পৰ আধাৰত নিৰ্মিত আৰু মঞ্জুল বৰুৱাই পৰিচালনা কৰা ‘অন্তৰীণ’ নামৰ অসমীয়া কথাছবিখনিৰ এক বিশেষ দৰ্শনীৰ সকলো টিকট ক্রয় কৰি শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়ত্রী তথা কৰ্মচাৰীসকলক চোৱাৰ সুবিধা প্রদান কৰে। উল্লেখ্য যে, বিগত বছৰটিতো ছাত্র-ছাত্রীসকলক অসমীয়া কথাছবি ‘কথানদী’ আৰু মহিলাৰ সুৰক্ষা সম্পৰ্কে সজাগতা আনিবৰ বাবে শিক্ষানুষ্ঠানৰ মহিলা কৰ্মচাৰীসকলক ‘পিংক’ নামৰ হিন্দী কথাছবিখনিৰ দৰ্শনৰ সুবিধা প্রদান কৰিছিল।

জিআইএমটি গুৱাহাটীৰ ডীন (ষ্টুডেণ্ট এফেয়াৰ্ছ) ড° বুলজিৎ বুঢ়াগোহাঁয়ে উল্লেখ কৰে যে, সমাজলৈ ভাল বাৰ্তা কঢ়িয়াই অনা কথাছবি যদি ছবিগৃহলৈ আহে, তেন্তে কৰ্তৃপক্ষই শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্রী তথা কৰ্মচাৰীসকলক কথাছবিসমূহ দৰ্শনৰ সুবিধা প্রদান কৰিব। এই কথাছবিসমূহ অৱশ্যে অন্য ভাষাৰো হ’ব পাৰে।  ইয়াৰ উপৰি ড° বুঢ়াগোহাঁয়ে মত ব্যক্ত কৰে যে , অসমৰ অন্যান্য শিক্ষা প্রতিষ্ঠানসমূহেও উক্ত পদক্ষেপ গ্রহণ কৰিলে অসমীয়া চিনেমা উদ্যোগটোৰ প্রসাৰৰ ক্ষেত্রত অলপ হ’লেও অৰিহণা যোগাব বুলি আশা কৰিব পাৰি।

Related Articles

Leave a Reply

Close