অসমগ্ৰন্থ

অসমৰ বিহু বিষয়ক বাৰ্ষিক আলোচনী ‘বিৰিণাৰ পাত’ৰ উন্মোচন

প্ৰথম খবৰ, চেঙা:  সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ বিহু বিষয়ক বাৰ্ষিক আলোচনী ‘বিৰিণাৰ পাত’ৰ তৃতীয় বছৰৰ সংখ্যাটি আজি নলবাৰী জিলাৰ ৰামপুৰস্থিত জুনিয়ৰ আঞ্চলিক কলেজত আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ৰমাকান্ত বৰ্মনে। উন্মোচনীৰ লগতে কবিতা পাঠ অনুষ্ঠানো অনুষ্ঠিত হয়। বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি নকুল তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাখনত কেইবাগৰাকী নবীন-প্ৰবীন কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।

Related Articles

Leave a Reply

Close