অসম

অসমৰ সংবাদ-জগতত নৱতম সংযোজন ‘দ্য ফ্ৰণ্টিয়াৰ ডেইলি’

প্ৰথম খবৰ, ডিব্ৰুগড়: অসমৰ সংবাদ-জগতত সংযোজন ঘটিল আন এক সংবাদ পত্ৰ। ডিব্ৰুগড়ৰপৰা প্ৰকাশ পাবলগীয়া ‘দ্য ফ্ৰন্টিয়াৰ ডেইলি’ নামৰ সংবাদ পত্ৰখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিব্ৰুগড় নটৰাজ হোটেলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাকতখন উন্মোচন কৰে কলকাতাৰ জ্যেষ্ঠ সাংবাদিক সুবীৰ ভৌমিকে। তেখেতে কাকতখন উন্মোচন কৰি দিয়া ভাষণত সংবাদ পত্ৰৰ বিভিন্ন দিশ নিৰ্দেশনাৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে সংবাদ-পত্ৰ এখনে ৰাজনীতি ব্যক্তি এজনৰ বক্তব্যৰ সম্পৰ্কত নিৰ্ভৰ বাতৰি পৰিৱেশন কৰিব নালাগে বুলি মন্তব্য কৰে। ‘দ্য ফ্ৰণ্টিয়াৰ ডেইলি’ৰ সম্পাদক ৰিপুঞ্জয় দাসে আঁত ধৰা অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক শোভিত ছেত্ৰীয়ে যিমানেই বাতৰি কাকতৰ সংখ্যা বৃদ্ধি পাইছে সিমানেই বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাই আহিছে বুলি উল্লেখ কৰি বাতৰি কাকতলৈ আহি থকা প্ৰত্যাহ্বানৰ মাজতে ‘দ্য ফ্ৰণ্টিয়াৰ ডেইলি’ৰ আত্মপ্ৰকাশে সংবাদ জগতত ইতিবাচক বাৰ্তা বহন কৰা বুলি ভাষণত উল্লেখ কৰে। আন এগৰাকী জ্যেষ্ঠ সাংবাদিক শৰত নেওগে এখন সংবাদ পত্ৰ যদিও ব্যৱসায়, সামাজিকভাৱেও দায়বদ্ধ বুলি উল্লেখ কৰে। তদুপৰি তেখেতে সংবাদ-মাধ্যমক এটা শ্ৰেণীয়ে শোষণ কৰি আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। আজিৰ এই সভাত উজনি অসমৰ বাতৰি কাকত বিক্ৰেতা ‘সুৰভী সাহিত্য কুটিৰ’ৰ স্বত্বাধিকাৰ শ্ৰীকান্ত ভড়ালী, ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সম্পাদক মানসজ্যোতি দত্ত আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close