অসম

আজিও বন্ধ হৈ আছে ধুমুহাত বিধস্ত হোৱা বিদ্যালয় : ৬৬ জন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ চিন্তিত অভিভাৱক

প্ৰথম খবৰ,খুমটাই: গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকিয়াল কেন্দ্ৰীয় শিক্ষাখণ্ডৰ অধীনত থকা মেদক গাওঁ জনজাতি মধ্য ইংৰাজী বিদ্যালয় খনৰ গৃহটো ধুমুহাত সম্পূৰ্ণ ৰূপে বিধস্ত হোৱাৰ পাছত ছাত্ৰ ছাত্ৰী সকলৰ পাঠদান পৰা বঞ্চিত হৈ আছে। উল্লেখ যে যোৱা ১৩ তাৰিখৰ আবেলি অহাৰ এজাক পচণ্ড বৰষুণ আৰু ধুমুহাত বিদ্যালয়খনৰ গৃহটো সম্পূৰ্ণ ৰূপে ভাঙি যায় । ফলত বিদ্যালয় খনৰ ৬৬ জন ছাত্ৰ ছাত্ৰী শিক্ষাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল ।
আজি বিদ্যালয় খনৰ প্ৰধান শিক্ষক গন্দিৰাম বড়িয়ে প্ৰথম খবৰ আগত কয় যে বিদ্যালয় খনৰ আন্ত গাঁঠনি ধনৰ অভাৱত গৃহটো আজিলৈকে মেৰামতি কৰিব পৰা নাই । সেইয়েহে প্ৰধান শিক্ষক গৰাকীৰ লগতে অভিভাৱক সকলে গৃহটো নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ সহায় বিচাৰিছে ।

Related Articles

Leave a Reply

Close