যুৱশীৰ্ষ

আপোনাৰ শিশুটিয়ে কাৰ্টুন চোৱা উচিতনে?

শিলাদিত্য বৰ্মন

আপোনাৰ শিশুটিয়ে কিমান বয়সৰ পৰা কাৰ্টুন চাবলৈ লৈছে? কিমান বয়সৰ পৰা কমিকচ পঢ়িবলৈ লৈছে? শিশুটিয়ে কাৰ্টুন বা কমিকচ পঢ়াটো কিমান প্ৰয়োজনীয়? কাৰ্টুন ছবিয়ে ক্ষতি কৰিব পাৰে নেকি শিশুটিৰ? এই লৈ বহুত বিতৰ্কৰ অৱকাশ আছে। আজিৰ তাৰিখত টিভিত দেখা মটু পটলু, ডৰেমন, ছোটা ভীম, পকেমন আদি কাৰ্টুনবোৰৰ প্ৰায় প্ৰতিটো চৰিত্ৰই চিনাকি শিশুহঁতৰ বাবে। আৰু বহুত জনপ্ৰিয় কাৰ্টুন ছবিৰ নামেই হয়তো নাজানো আমি ডাঙৰসকলে। টিনটিন, মিকি মাউচ, টম এণ্ড জেৰী আদিৰ চৰিত্ৰবোৰৰ কথা হয়তো ডাঙৰসকলৰো বহুতৰে অজান নহয়। কিন্তু আপোনাৰ শিশুটিয়ে কিয় কাৰ্টুন চাবলৈ বিচাৰে? বা কিমান সময়ৰ বাবে কাৰ্টুন চাবলৈ দিয়া উচিত? শিশু বিশেষজ্ঞ বা এই বিষয়ত অধ্যয়ন কৰা বহুতেই বেলেগ বেলেগ বাখ্যা দিব পাৰে। কিন্তু বাহ্যিক দৃষ্টিত শিশুৱে সময় পাৰ কৰিবলৈকে কাৰ্টুন চাই বুলি ভবা ধাৰণা ভুল। কিয়নো শিশুসকল খুবেই কল্পনাবিলাসী হয়।

যেতিয়া এনেল ষ্টেজ মানে ৩ বছৰমান বয়সৰ পৰা শিশুৱে কল্পনাৰ পৃথিৱীখনত বিচৰণ কৰিবলৈ লয়, তেতিয়াৰ পৰাই বেলেগ বেলেগ ধৰণে কাৰ্টুনৰ পৃথিৱীখনতো এখন নিজস্ব পৃথিৱীৰ সৃষ্টি কৰি লয়। সেইখন পৃথিৱীত এক নিজস্ব কল্পনাৰ বয়স থাকে। আমি সৰু থাকোতে শিশুসকলে দৰা-কইনাৰ খেল খেলা দেখিছিলো। আজিকালি চহৰীয়া কোনো শিশুকে দৰা-কইনাৰ এনে খেল খেলা দেখা নাই। দৰা-কইনাৰ খেলখনো যিদৰে এক কল্পনা বিলাসেই আছিল অতীজত।

এতিয়া তেনে খেলৰ ঠাই হয়তো অজানিতেই লৈ পেলাইছে কাৰ্টুনৰ পৃথিৱীখনে। কিন্তু কাৰ্টুনৰ পৃথিৱীখনত আপোনাৰ শিশুটিয়ে অধিকাংশ সময় পাৰ কৰাটোও এতিয়া বৰ ভাল হৈ থকা নাই। শেহতীয়া এক অধ্যয়নত পোৱা গৈছে যে, যদিও কাৰ্টুন শিশু বা কিশোৰসকলক উদ্দেশ্যি নিৰ্মাণ কৰা হয়, বৰ্তমান লাহে লাহে কাৰ্টুনতো ‘আডাল্ট থীম’ৰ পয়োভৰ ঘটিছে, যিবোৰে অপৈণত বয়সতে আপোনাৰ শিশুটিক আপুনি কল্পনা নকৰা পৃথিৱী এখনলৈ লৈ যাব পাৰে।

কাৰ্টুন চোৱাৰ নামত আপোনাৰ সন্তানে কি চাইছে, সেই দিশটো নিজেই পৰ্যবেক্ষণ কৰাটো এতিয়া অভিভাৱকৰ দায়িত্ব হৈ পৰিছে। ডৰেমনৰ দৰে কাৰ্টুন কাহিনী জাপানৰ পটভূমিক লৈ নিৰ্মাণ হোৱা। ডৰেমনত নৱিতা আৰু চুজুকাৰ প্ৰেম কাহিনীৰ কৌশলী উপস্থাপন কিমান বয়সৰ পৰা আপোনাৰ শিশুটিয়ে চোৱা উচিত সেইটো আপুনিয়ে থিৰাং কৰিব লাগিব। তদুপৰি, কাৰ্টুনৰ অতিমানৱীয় চৰিত্ৰও কেতিয়াবা আপোনাৰ শিশুটিৰ মনোজগতত বেয়াকৈ ক্ৰিয়া কৰিব পাৰে।

বাস্তৱৰ পৃথিৱী আৰু কাৰ্টুনৰ কাল্পনিক পৃথিৱীখনৰ মাজত থকা পাৰ্থক্য কিমান, সেই কথাৰ উমান নোপোৱা পৰিৱেশৰ সৃষ্টি হ’লেই আপোনাৰ শিশুটিৰ বাবে কাৰ্টুন ক্ষতিকাৰক হৈ উঠিব পাৰে। এটা সময়ত কাৰ্টুন নাছিল, নাছিল কমিকচৰ কিতাপো। তথাপিও আপোনাৰ দৰে বহুতেই সুন্দৰ শৈশৱ পাৰ কৰি আহিছে। আনকি, অতীজত ককা-আইতাৰ মুখৰ পৰা শুনা সাধুৱেও সাৱলীল কৰি তুলিছিল নাতি-নাতিনীহতৰ কল্পনাৰ পৃথিৱীখন। এতিয়া সাধু শুনাৰ সেই পৰিৱেশ বা সময় সন্তৰ্পণে দখল কৰিছে কাৰ্টুনে। সাধুৰ জৰিয়তে এটা সময়ত শিশুৱে যিধৰণে কল্পনাৰ পৃথিৱীখনলৈ গুচি গৈছিল, সেই ঠাই কিমানখিনি কাৰ্টুনে পূৰাব পাৰে তাত কিছু সন্দেহ আছে।

এতিয়া টিভিত ওলাই থকা বহু কাৰ্টুনত শিশুতকৈ বয়স্কৰ সকলো বহুত সংযোজিত হোৱা দেখা যায়। অলপ মন দি টিভিত চালেই হয়তো সেই কথা আপুনিও অনুমান কৰিব পাৰিব। কিন্তু কাৰ্টুন ছবি বুলি ক’লে যদি নিৰ্দোষ কাহিনী এটা থাকে, কাহিনীটোৰ যদি শিশুৱে ভালপাব পৰা এটি সুখদায়ক আৰম্ভণি আৰু সমাপ্তি থাকে, তেনে কাহিনী হয়তো আপোনাৰ শিশুটিয়ে চালে বিশেষ ক্ষতি নহয়। কিন্তু যিবোৰ কাৰ্টুনৰ কাহিনীত বয়স্ক লোকৰ প্ৰেম-বিৰহ দেখুওৱা হয়, সেইবোৰ কাৰ্টুন কাহিনী আপোনাৰ শিশুটিক কম বয়সতে নেদেখুৱাই ভাল বুলি বহুতেই কয়।

Related Articles

Leave a Reply

Close