অসম

উচ্চতৰ মাধ্যমিকত স্থান দখলেৰে বৰপেটা জিলাৰ ১১ ছাত্ৰ-ছাত্ৰীয়ে কঢ়িয়ালে সুনাম, উপায়ুক্তৰ অভিনন্দন

প্ৰথম খবৰ, বৰপেটা ব্যুৰ’: আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা-বিজ্ঞান-বাণিজ্য তিনিওটা শাখাতে জিলাখনৰ ১১গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান দখলেৰে সুনাম কঢ়িয়াই অনাত স্বাভাৱিকতে আনন্দৰ জোৱাৰ উঠিছে জিলাখনৰ শৈক্ষিক মহলত৷ কলা শাখাত ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চ ৯৬ শতাংশ নম্বৰেৰে প্ৰথম স্থান অধিকাৰ কৰা বৰপেটাৰ সৰ্থেবাৰীৰ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ অলকা দাসৰ সাফল্যই উৎফুল্লিত কৰি তুলিছে জিলাবাসীক৷ কলা শাখাৰ পঞ্চম স্থানত বৰপেটা চহৰৰ অম্বেদকাৰ একাডেমীৰ ছাত্ৰী হেনাশ্ৰী মেধীয়ে সৰ্বমুঠ ৯৪.৬ শতাংশ নম্বৰেৰে সফলতা বুটলিবলৈ সক্ষম হৈছে৷ জিলাখনৰ শিক্ষানগৰী খ্যাত পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ছাত্ৰীদ্বয় মেঘনা গোস্বামীয়ে সৰ্বমুঠ ৪৬৯ নম্বৰ লাভেৰে নৱম স্থান আৰু হিমাশ্ৰী বাসুই ৪৬৮ নম্বৰেৰে দশম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷

আনহাতে বিজ্ঞান শাখাত ক্ৰমে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী অবিনাশ কলিতাই ৯৬.২ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান, পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ক্ৰমে কুনাল হৰ’ই ৪৮০ নম্বৰেৰে তৃতীয় স্থান আৰু ইলিয়াছখান ৰাণাই ৪৭৯ নম্বৰ লাভ কৰি চতুৰ্থ স্থান, বজালী মহাবিদ্যালয়ৰ ছাত্ৰ ইন্দিবৰ তালুকদাৰে ৪৭৮ নম্বৰেৰে পঞ্চম স্থান, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ অসীম মজুমদাৰে ৪৭৫ নম্বৰ লাভ কৰি অষ্টম স্থান আৰু আনন্দৰাম বৰুৱা একাডেমীৰ দৰ্শনা তালুকদাৰে ৪৭৩ নম্বৰ পাই নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ ইপিনে বৰপেটা জিলাৰ বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ ছাত্ৰী দিব্যা বোথ্ৰাই সৰ্বমুঠ ৪৫৮ নম্বৰ লাভেৰে বাণিজ্য শাখাত দশম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷

এনেদৰে কলা শাখাত চাৰিগৰাকী, বিজ্ঞান শাখাত ছগৰাকী আৰু বাণিজ্য শাখাত এগৰাকীকৈ বৰপেটা জিলাৰ মুঠ ১১ গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত স্থান দখল কৰি জিলাখনলৈ সুনাম কঢ়িয়াই অানিছে৷ আনহাতে কলা শাখাত ৭৭.৫৯ শতাংশ, বিজ্ঞান শাখাত ৮৬.২৫ শতাংশৰে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বৰপেটা জিলাৰ সৰ্বমুঠ শতকৰা উত্তীৰ্ণৰ হাৰ ৮৪.৬৮ শতাংশ৷ জিলাখনৰ এই সফলতা অতিকে সন্তোষজনক বুলি উল্লেখ কৰি উপায়ুক্ত থানেশ্বৰ মালাকাৰে জিলাখনলৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক আন্তৰিক অভিনন্দন জনাইছে৷ আৰু ভৱিষ্যতেও বৰপেটা জিলাৰ এই সাফল্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ জিলাখনৰ শিক্ষা বিভাগৰ লগতে শিক্ষক সমাজ আৰু শৈক্ষিক সমাজক আহ্বান জনাইছে৷

Related Articles

Leave a Reply

Close