থোৰতে

উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আৰু কম ভল্টেজৰ সমস্যাৰ বাবে ছাত্ৰ ছাত্ৰী জীৱনলৈ বিপদ কঢ়িয়াই আনিছে

প্ৰথম খবৰ, খুমটাই  :কমাৰগাওঁ বিদ্যুৎ সংমণ্ডলৰ অধীনত থকা গেলেকীয়াল গাওঁৰ উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৱে প্ৰতি খোজতে ৰাইজলৈ বিপদ কঢ়িয়াই আনিছে । আজি প্ৰথম খবৰৰ আগত স্থানীয় সচেতন ৰাইজে জনাই যে, এই উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোত লাগি বহু কেইটা পশুধনৰ মৃত্যু হৈছে আৰু এই ট্ৰেন্সফৰ্মাটোৰ পৰা ৫০০ মিটাৰ আঁতৰত থকা প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় ২ খনৰ কন কন ছাত্ৰ ছাত্ৰী সকলৰ বাবেও বিপদ কঢ়িয়াই আনিছে । গাওঁখনত থকা একমাত্ৰ সৰু ট্ৰেন্সফৰ্মাৰটোৱে ১২০ ঘৰ লোকক বিদ্যুৎ যোগান ধৰি অহাত গাওঁৰ সৰহসংখ্যক ঘৰত সন্ধিয়া হ’লে মাত্ৰ সৰুকৈ টিপ চাকি জ্বলি থকাৰ দৰে বিদ্যুৎ যোগান পায় । তাৎপৰ্যপূৰ্ণ কথা এই যে কমাৰগাওঁ বিদ্যুত সংমণ্ডল বিষয়া গৰাকীয়ে গাওঁৰ ৰাইজক জনাই যে ৰাইজে যদি নিজৰ পইছাৰে কণ্ডাক্টৰ কিনি আনি দিয়ে তেনেহ’লে কম ভল্টেজৰ সমস্যা বিভাগে সমাধান কৰি দিব পাৰিব । কম ভল্টেজৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈ আহিছে । গাওঁখনৰ ৰাইজে বহুবাৰ বিভাগীয় বিষয়া কৰ্মচাৰীক উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আৰু কম ভল্টেজ বাবে আবেদন জনাই আহিছে যদিও আজিলৈকে সমস্যাটো সমাধানৰ বাবে চকু মুদা কুলি ভাও ধৰিছে বিদ্যুৎ সংমণ্ডলৰ বিভাগীয় বিষয়া গৰাকীয়ে ।

Related Articles

Leave a Reply

Check Also

Close
Close