অসমশীৰ্ষ

কথা দি কথা নাৰাখে কিয় বিধায়ক ফণীভূষণে?

প্ৰথম খবৰ, বঙাইগাঁওঃ ৰাজনৈতিক নেতাই কথা দিও কথা নাৰাখাটো ডাঙৰ কথা নহয়৷ কিন্তু জনপ্ৰতিনিধিৰ এনে ভুৱা প্ৰতিশ্ৰুতিয়ে কিদৰে এতিয়া শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনৰ ওপৰতো প্ৰভাৱ পেলাইছে শেহতীয়াভাৱে তাৰ উদাহৰণ হৈছে বঙাইগাঁৱৰ হিৰকজ্যোতি ৰায়৷ অভিযোগ উঠিছে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে৷ উল্লেখযোগ্য যে বঙাইগাঁৱৰ পোপৰাগাঁৱৰ দণ্ডধৰ ৰায়ৰ পুত্ৰ হিৰকজ্যোতি ৰায়ে পোপৰাগাঁও-চাপৰাকাটা হাইস্কুলৰ পৰা বিগত বৰ্ষত পাঁচটা বিষয়ত লেটাৰসহ ৮৯% নম্বৰ লাভ কৰি সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ কিন্তু ইয়াৰ পিচতে আৰম্ভ হয় সমস্যা৷ কিয়নো পৰিয়ালটোৰ মুৰব্বী দণ্ডধৰে দিন মজুৰিহে কৰে৷ কেতিয়াবা হাজিৰাও নাপায়৷ তেনেদৰেই চলে দৰিদ্ৰ পৰিয়ালটো৷ এনে অৱস্থাত পুত্ৰৰ সাফল্যই পিতৃ-মাতৃক চিন্তিতহে কৰিলে৷ অৱশ্যে পিতৃয়ে কোনোবা এখন চৰকাৰী বিদ্যালয়তে নামভৰ্তি কৰাই দিয়াৰ বাবে চিন্তা-চৰ্চা কৰিলে যদিও সেই সময়তে দুখনমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মুৰব্বীয়েও পৰিয়ালটোক সাক্ষাৎ কৰি হিৰকজ্যোতিক বিনামূলীয়াকৈ পঢ়ুৱাৰ ইচ্ছা ব্যক্ত কৰিছিল৷ কিন্তু এনে সময়তে আৱিৰ্ভাব হ’ল বিধায়ক ফণীভূষণ চৌধুৰীৰ৷ বিধায়কগৰাকীয়ে নিজেই ছাত্ৰজনৰ উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ পঢ়াৰ সম্পূৰ্ণ খৰছ বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ঢালিগাঁৱৰ বি জি আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়াৰ বাবেও প্ৰস্তাৱ দিয়ে৷ এই কাৰ্যৰে বিধায়কগৰাকীয়েও সকলোৰে প্ৰশংসা বুটলিবলৈ সমৰ্থ হয়৷ আনহাতে হিৰকৰ পিতৃ-মাতৃয়েও সাহস পাই পুত্ৰক তাতেই কলা শাখাত নামভৰ্তি কৰাই দিয়ে৷ হিৰকৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি তেতিয়াই বিধায়কে পাঠ্যপুথি ক্ৰয় কৰাৰ বাবে ৫০০০ টকা দিয়াৰ পিচত পৰৱৰ্তী সময়ত নামভৰ্তিৰ বাবে ৯০৩০ টকাৰ প্ৰয়োজন হয় যদিও ৯০০০ টকা দিয়ে৷ আনহাতে পিচত আকৌ পৰীক্ষা, টিউচন আদিৰ বাবে প্ৰয়োজন হোৱাত বিধায়কগৰাকীৰ কাষ চপাত আনৰ জৰিয়তে ১০০০০ পঠিয়াই দিয়ে৷ কিন্তু ইয়াৰ পিচতে বিধায়ক চৌধুৰীয়ে পিঠি দিয়ে৷ ইফালে চলিত শিক্ষাবৰ্ষৰ বাবেও ধনৰ প্ৰয়োজন হোৱাত হিৰকৰ পিতৃ-মাতৃয়ে বিধায়কগৰাকীৰ কাষ চাপে যদিও তেওঁ ক’ৰ পৰা টকা দিব বুলি ওলোটাইহে প্ৰশ্ন কৰি পিতৃ-মাতৃহালক বিমুখ কৰি ওভটাই পঠিয়ায়৷ ইয়াৰ পিচতে হিৰকক লৈ সংকট আৰম্ভ হয়৷ পুত্ৰক লৈ সপোন দেখিবলৈ আৰম্ভ কৰা দণ্ডধৰৰ পৰিয়ালটোৰ মুৰত সৰগ ভাগি পৰে৷ কাৰণ এইখন বিদ্যালয়ত প্ৰয়োজন হোৱা পুত্ৰৰ খৰছ বহন কৰিবলৈ দণ্ডধৰ একেবাৰেই অসমৰ্থ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহেই হ’ল যদিও নামভৰ্তি কৰিব নোৱাৰাৰ বাবে যোৱা এমাহে হিৰকে ঘৰতেই কটাবলগীয়া হৈছে৷ এনে অৱস্থাত দুদিনমান পূৰ্বে হিৰকৰ পিতৃয়ে হিৰকক বিদ্যালয়খনৰ পৰা উলিয়াই অনাৰ বাবেই আবেদন কৰাত শিক্ষকসকল হতভম্ব হৈ পৰে৷ পিচত বিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰজনৰ পিতৃক মাতি নি ইয়াৰ কাৰণ জানিব বিচৰাত সকলো কথা পোহৰলৈ আহে৷ অৱশ্যে ইয়াৰ পিচতে বিদ্যালয় কৰ্তৃপক্ষই মাচুলৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস দিয়াত পিতৃ-মাতৃয়ে কিছু সকাহ পাইছে যদিও চিন্তা আঁতৰ হোৱা নাই৷ কিন্তু এনে এখন ব্যয়বহুল বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ বাবে পৰামৰ্শ লগতে সমস্ত খৰছ বহন কৰাৰ দায়িত্ব লোৱাৰ পিচত বিধায়ক ফণীভূষণ চৌধুৰীয়ে এতিয়া পিঠি দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

Related Articles

Leave a Reply

Close