অসম

কামৰ সন্ধানত গৈ বহি:ৰাজ্যত মৃত্যু বৈঠালাংছ’ৰ যুৱকৰ

প্ৰথম খবৰ,হামৰেণ: একমাত্ৰ দৰিদ্ৰতাৰ বাবেই কাল অমানিশা নামি আহিল বৈঠালাংছ’ৰ চ’ৰলেং টিছ’ গাঁৱৰ দৰিদ্ৰ চিনথং তেৰণৰ পৰিয়াললৈ। পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ ৰবিনছন তেৰণে অন্য ৬জন সংগীৰ সৈতে যোৱা বুধবাৰে কৰ্মৰ সন্ধানত ঘৰৰ পৰা ওলাই গৈছিল লোকমান্য এক্সপ্ৰেছ যোগে মুম্বাইলৈ। কিন্তু কালি দুপৰীয়া দুৰ্ভাগ্যজনক ভাবে মধ্যপ্ৰদেশৰ বেড়হামপুৰ ষ্টেশনত কালি দুপৰীয়া ৰৈ থকা ৰেলৰ পৰা নামি অইন এটা ৰেল পথ পাৰ হৈ পানী আনিবলৈ যাওতে বিপৰীত দিশৰ পৰা অহা দ্ৰুতগামী মেট্ৰ ৰেলে নিমিষতে খণ্ড-বিখণ্ড কৰিলে ৰবীনছনৰ দেহ ৷ ছাৰ খাৰ হৈ পৰিল দৰিদ্ৰ পিতৃক কিছু সকাহ দিয়াৰ প্ৰচেষ্টা। ঘৰত এৰি থৈ যোৱা পত্নী,ৰুগীয়া মাতৃ আৰু একমাত্ৰ পুত্ৰই দেখা সপোন চিৰ দিনৰ বাবে সপোন হৈয়েই ৰল। ঘটনাস্থলীত উদ্ধাৰ হোৱা চোলা-পেন্টৰ পৰা পোৱা পাচপৰ্ট ফটোৰ পৰা মৃতদেহ চিনাক্ত কৰি বেৰহামপুৰ ৰেল আৰক্ষীয়ে অবশিষ্ট মৃতদেহ মৰোনত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close