অসমশীৰ্ষ

কৃষ্ণাইত জিলা কৃষি বিভাগৰ বীজ গজি ওলাল পতান

প্ৰথম খবৰ,কৃষ্ণাই, ২০ মে’: ৰাজ্যখনৰ কৃষি বিভাগৰ ফোপোলা স্বৰূপটো আৰু এবাৰ প্ৰতিপন্ন হ’ল ৷ এইবাৰ কৃষি বিভাগে যোগান ধৰা উন্নত প্ৰজাতিৰ ধানৰ বীজ গজি ওলাল মাথোঁ পতান ৷ ঘটনাটো গোৱালপাৰা জিলাৰ ৷ জানিব পৰা মতে, জিলা খনৰ অসম মেঘালয় সীমান্তবৰ্তি তৰেংথোপ গাৱঁৰ কৃষকৰ মাজত জিলা কৃষি বিভাগে অধিক উৎপাদনক্ষম উন্নত প্ৰজাতিৰ ধানৰ বীজ যোগান ধৰিছিল ৷ সহজ সৰল খেতিয়ক সকলে কৃষি বিভাগৰ কথাত পতিয়ন গৈ অতি কষ্টেৰে সেই বীজৰ গজালিৰে নিজ নিজ কৃষিভূমিত ধানখেতি আৰম্ভ কৰিলে ৷ সময়ত সেই গজালি বৃদ্ধি হৈ ধানো ওলাল ৷ তেতিয়াহে কৃষক সকলৰ মূৰত সৰগ ভাগি পৰিল ৷ কাৰণ ধাননিত ধানৰ সলনি মাথোঁ পতান ৷ প্ৰায় ধানতে নাই কন বা চাউল ৷ ইফালে কৃষক সকলে হতাশাত ভাঙি পৰাৰ পিছত কৃষি বিভাগে আৰম্ভ কৰিছে আন এক আজৱ কাণ্ড ৷ শেহতীয়া ভাবে জিলা কৃষি বিভাগে খেতিয়ক সকলৰ মাজত বিতৰণ কৰিবলৈ লৈছে বুজন পৰিমাণৰ সাৰ আৰু ঔষধ ৷ কৃষি বিভাগৰ এই বৰষুণ যোৱাৰ পিছত জাপি লোৱা সদৃশ কাৰ্যত হতভম্ব খেতিয়ক সকলে নিজ খেতিত হোৱা লোকচানৰ উচিত ক্ষতিপূৰণ দাবী কৰিছে ৷

Related Articles

Leave a Reply

Close