অসম

খাৰুৱা তেল পৰিৱাহী পাইপৰ পৰা তেল গেছ নিৰ্গত: স্থানীয় অঞ্চলত ব্যাপক চাঞ্চল্য

প্ৰথম খবৰ,গৌৰীসাগৰ: খাৰুৱা তেল পৰিৱাহী পাইপৰ পৰা নিৰ্গত তেলে চানি ধৰিছে গৌৰসাগৰৰ সমীপৰ কেকাই পথাৰ, জেৰেঙা পথাৰ, ৰূপহী, আইলা জান। সম্পূর্ণ ৰূপে প্ৰদূষিত হোৱাৰ পাছত ঐতিহাসিক আঠাইসাগৰ পুখুৰীত প্ৰৱেশ কৰিছে প্ৰদূষিত তেল। বিভাগীয় কতৃপক্ষই অমনোযোগিতাৰ বাবে এনে ঘটনা সংঘটিত সন্মুখীন হৈছে। খাৰুৱা তেল পৰিৱাহী পাইপৰ পৰা নিৰ্গত তেল আৰু গেছ নিগৰ্ত বাবে এতিয়া স্থানীয় মৎস্য ব্যৱসায়ী সকললৈ নামি আহিছে ভাবুকি আৰু যিকোনো মুহূৰ্ততে হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। এই ক্ষেত্ৰত কিন্তু স্থানীয় দল সংগঠন, বিভাগীয় কতৃপক্ষ, জিলা প্ৰশাসন সকলো নিমাত।

Related Articles

Leave a Reply

Close