অসমশীৰ্ষ

খুমটাইত বিবাহ যাত্ৰী গাড়ী দূৰ্ঘটনাগ্ৰস্ত: নিহত ১

প্ৰথম খবৰ, খুমটাই : আজি পুৱা খুমটাইত ধোদৰ আলিত এক পথ দুৰ্ঘটনা সংঘটিত হয় । উল্লেখ্য যে, কচুপথাৰ গাঁৱৰ পৰা বিবাহ যাত্ৰী কঢ়িয়াই নিয়া AS 5E 0293 মাৰুতি ভেনখন গোলাঘাট ফলঙনি কন্যাৰ ঘৰৰ পৰা ওভতনি যাত্ৰাত খুমটাইত ধোদৰ আলিত প্ৰচণ্ড যোৰেৰে পথৰ কাষত থকা ডিভাইডাৰত খুন্দিয়াই পথাৰত বাগৰি পৰা ফলত এজন বিবাহ যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন ৫ জন যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আহত কেইজনক লগে লগে খুমটাই অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নিহত লোকজন কচুপথাৰ গাঁৱৰ থুৰেন গগৈ বুলি চিনাক্ত কৰা হৈছে।

Related Articles

Leave a Reply

Close