অসম

খৈৰাবাৰীত বিলাতী সুৰা জব্দ, চুলাই মদৰ ঘাটি উৎখাত

প্ৰথম খবৰ,খৈৰাবাৰী: ওদালগুৰিৰ খৈৰাবাৰীত আজি আবকাৰী বিভাগে অভিযান চলাই কেবা কাৰ্টুন বিলাতী সুৰা জব্দ কৰাৰ লগতে চুলাই মদৰ দুটা ঘাটি উৎখাত কৰে ৷ ওদালগুৰি জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে আজি আবকাৰী বিভাগৰ টংলা চক্ৰৰ পৰিদৰ্শক দিগন্ত বৰুৱাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটিয়ে তিনি কাৰ্টুন বিলাতী সুৰা জব্দ কৰাৰ লগতে দুটা চুলাই মদৰ ঘাটি উৎখাত কৰে আৰু এশ লিটাৰ চুলাই নষ্ট কৰে ৷ আবকাৰী বিভাগে ভবানন্দ ভৌমিক, স্বপন দেৱনাথ আৰু মিনতি বৰ্মনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

Related Articles

Leave a Reply

Close