অসম
খোৱাঙত ছাত্ৰ সন্ধানহীন

প্ৰথম খবৰ,খোৱাং: ডিব্ৰুগড় জিলাৰ খোৱাং থানাৰ অন্তৰ্গত খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা চেৰেপাখাটি গাৱঁৰ খগেশ্বৰ যাদৱ, মঞ্জু যাদৱৰ পুত্ৰ অমূল্য যাদৱ(১৫) যোৱা ১৯ মে’ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে সন্ধানহীন সন্দৰ্ভত খোৱাং থানাত এজাহাৰ দাখিল কৰিছে যদিও ছাত্ৰ জনৰ সন্ধান লাভ কৰা নাই। পৰিয়াল লোকে পুনৰ আজি বিদ্যালয়ৰ অধ্যক্ষলৈ ছাত্ৰ জনক বেতে প্ৰহাৰ কৰাৰ বাবে সন্ধানহীন অভিযোগ তুলি আজি থানাত এজাহাৰ দাখিল কৰিছে।