Uncategorizedঅসমশীৰ্ষ

গুৱাহাটীৰ গেছ এজেন্সিত এক বস্তা অচল পাঁচশ-হাজাৰটকীয়া জব্দ

নিউজ ডেক্স, প্ৰথম খবৰঃ গুৱাহাটী মহানগৰীৰ ছয়মাইলত থকা শংকৰদেৱ গেছ এজেন্সীৰ পৰা দেওবাৰে নিশা অভিযান চলাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই বৃহত্‍ পৰিমাণৰ অচল টকা জব্দ কৰিছে। বস্তাত উদ্ধাৰ হোৱা টকাৰ পৰিমাণ ৯০ লাখৰো অধিক হ’ব বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ইতিমধ্যে, এই টকা উদ্ধাৰৰ সময়তে তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ এক সূত্ৰই সন্দেহ কৰা মতে, এই বৃহত্‍ পৰিমাণৰ ক’লা ধন সলনি কৰাৰ বাবে তত্পৰতা চলাই থকাৰ সময়তে আৰক্ষীয়ে লাভ কৰিছে এই বৃহত্‍ সফলতা। এই ঘটনাৰ আঁত ধৰি অচল টকাৰ প্ৰকৃত গৰাকীক বিচাৰি উলিয়াবলৈও আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক তদন্ত। নিশাৰ ভিতৰতে, আৰক্ষীয়ে চলাইছে কেইবা ঠাইতো অভিযান।

Related Articles

Leave a Reply

Close